তিনিচুকীয়াত আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ আক্ৰমণ; আহত ৪ আৰক্ষী জোৱান

Story by  atv | Posted by  Munni Begum • 6 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
দেওবাৰে পুৱতিনিশা প্ৰায় ২ বজাত জাগুনৰ দহ মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ এটা বৃহৎ দলে ভয়ংকৰ আক্ৰমণ কৰে। সন্দেহযুক্ত আলফা স্বাধীনৰ দলটোৱে আৰক্ষী শিবিৰটোলৈ লক্ষ্য কৰি প্ৰায় ৪-৫ টাকৈ গ্ৰেণেড আৰু আৰ পি জি (RPG) নিক্ষেপ কৰাৰ লগতে ধাৰাবাহিকভাৱে গুলীচালনা কৰে।
 
এই আক্ৰমণৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ তৰফৰ পৰাও প্ৰত্যুত্তৰ দিয়াত দুয়োপক্ষৰ মাজত প্ৰায় ৩০ মিনিট সময়ত প্ৰচণ্ড গুলীয়াগুলী ঘটনা সংঘটিত হয়। আলফা স্বাধীনৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় ৪ গৰাকীকৈ আৰক্ষী কামাণ্ডো জোৱান৷ তেওঁলোকক ততাতৈয়াকৈ জয়ৰামপুৰস্থিত বিভাগীয় চিকিৎসালয়লৈ লৈ যোৱা হয়৷ 
 
পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় আহত জোৱান কেইজনক৷ বৰ্তমান আটাইকেইগৰাকী কামাণ্ডো জোৱান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাধীন হৈ আছে। আঘাতপ্ৰাপ্ত অসম আৰক্ষীৰ কামাণ্ডো জোৱানসকল ক্ৰমে যোৰহাটৰ চিত্ৰৰঞ্জন মিলি, দেৱাশিস বৰা, চাবুৱাৰ ৰবি গড় আৰু গোৱালপাৰাৰ জমবুচ মাৰাক৷ 
 
আক্ৰমণৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰৰ লগতে আৰক্ষী আৰু সেনা বাহিনীৰ বৃহৎ দল উপস্থিত হৈ ঘটনাস্থলী তন্নতন্নকৈ পৰীক্ষা কৰাৰ লগতে আক্ৰমণকাৰী দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰে । কিন্তু আৰক্ষীৰ তৰফৰ পৰা নতুবা আলফা স্বাধীনৰ তৰফৰা পৰাও এই পৰ্যন্ত কোনো ভাষ্য প্ৰদান কৰা হোৱা নাই।