নতুন দিল্লী
২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ ঘটনা দেশৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ এক উল্লেখনীয় মাইলৰ খুঁটি বুলি বিদেশী আৰু আইনী বিশেষজ্ঞসকলে আখ্যা দিছে। বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞ ৰবিন্দৰ সচদেৱে কয় যে ভাৰত চৰকাৰে তাহাউৰ ৰাণাক প্ৰত্যাৰ্পণৰ বাবে নিৰন্তৰভাৱে চেষ্টা চলাই আছিল।
এএনআইৰ সৈতে হোৱা বাৰ্তালাপত সচদেৱে কয় যে, "কোনো সন্দেহ নাই, তহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাটো সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ বিশ্বব্যাপী যুঁজৰ এক ডাঙৰ সাফল্য। ই আমাৰ ধাৰাবাহিক কূটনৈতিক সংযোগ, আইনী সংযোগ আৰু অধ্যৱসায়ৰ জয়। ইয়াৰ বাবে আমাৰ চৰকাৰে অক্লান্ত আৰু নীৰৱে কাম কৰিছে।"
ৰাণাৰ প্ৰত্যাৰ্পণক আইনৰ বিজয় বুলি অভিহিত কৰি বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞ সুশান্ত সুশান্ত ছাৰীনে এএনআইক কয়, " ইয়াৰ বাবে চৰকাৰে কৃতিত্ব লাভ কৰা উচিত। চৰকাৰে ইয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাইছে। আমি কেতিয়াও এই কথা পাহৰিব নোৱাৰো।"
ইফালে, প্ৰাক্তন এটৰ্নী জেনেৰেল মুকুল ৰোহাটগীয়ে ৰাণাৰ প্ৰত্যাৰ্পণক ভাৰত চৰকাৰৰ এক বৃহৎ সফলতা বুলি অভিহিত কৰে। "এয়া চৰকাৰৰ এক বৃহৎ সাফল্য আৰু ইয়াত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ নেতৃত্ব আৰু প্ৰচেষ্টাক নিশ্চয়কৈ প্ৰশংসা কৰিব লাগিব। মুম্বাইত কেইবাজনো লোকক হত্যা কৰি অৰাজকতাৰ সৃষ্টি কৰা এজন দুধৰ্ষ সন্ত্ৰাসবাদীক ভাৰতলৈ দ্ৰুতগতিত অনা হৈছে। যোৱা দুবছৰৰ মূৰত অৱশেষত আমেৰিকাৰ আদালতে সন্ত্ৰাসবাদীজনক ভাৰতক প্ৰত্যাৰ্পণৰ অনুমোদন জনাইছে। এইটোৱে দেখুৱাইছে যে ভাৰত আৰু আমেৰিকাৰ মাজত কূটনৈতিক সম্পৰ্ক সঠিকভাৱে চলি আছে। মই নিশ্চিত যে তেওঁ নিজৰ কৰ্মৰ বাবে উপযুক্ত শাস্তি পাব।"-এএনআইক এইদৰে কয় ৰোহাটগীয়ে।
আন্তঃৰাষ্ট্ৰীয় ন্যায়িক পৰিষদৰ সভাপতি, জ্যেষ্ঠ অধিবক্তা ড০ আদিছ চি আগৰৱালাইও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প সন্ত্ৰাসবাদৰ বিৰোধী বুলি দৃঢ়তাৰে কয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আগৰৱালাই কয়, ‘ট্ৰাম্প চৰকাৰে বিশেষ আগ্ৰহ প্ৰকাশ কৰি তাহাউৰ ৰাণাক ভাৰতত প্ৰত্যাৰ্পণৰ অনুমতি দিলে। ড'নাল্ড ট্ৰাম্পে নিজেই এই সন্দৰ্ভত নিজৰ চৰকাৰ ক্ষমতালৈ অহাৰ লগে লগে বক্তব্য দিয়াটোৱে দেখুৱাইছে যে তেওঁ সন্ত্ৰাসবাদৰ বিৰোধী।"
উল্লেখ্য যে, ১৮ দিনৰ জিম্মাত বৃহস্পতিবাৰে সন্ধিয়া নিয়াই সন্ত্ৰাসবাদীজনক এজেন্সীটোৰ মুখ্য কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে আনে। বৃহস্পতিবাৰে গভীৰ নিশা তদন্তকাৰী সংস্থাটোৱে কয় যে ১৮ দিনীয়া জিম্মাত ৰাণাক ২০০৮ চনৰ ভয়ংকৰ আক্ৰমণৰ আঁৰৰ সম্পূৰ্ণ ষড়যন্ত্ৰ উন্মোচন কৰিবলৈ বিতংভাৱে সোধা-পোছা কৰিব। মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত ১৬৬ জন লোক নিহত হৈছিল আৰু ২৩৮ জনতকৈ অধিক লোক আহত হৈছিল।
শাসকীয় বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ইয়াক এক ঐতিহাসিক কূটনৈতিক বিজয় বুলি অভিহিত কৰাৰ বিপৰীতে কংগ্ৰেছে এই পদক্ষেপক ইউপিএৰ যুগত আৰম্ভ হোৱা দশকজোৰা প্ৰচেষ্টাৰ ফল বুলি দৃঢ়তাৰে কয়। ৰাণাৰ প্ৰত্যাৰ্পণৰ প্ৰশংসা কৰি বিজেপি নেতাসকলে কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহৰ সৱল সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ বাবে এয়া সম্ভৱ হৈছে।
সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱাল্লাই কয় যে আজি আমাৰ নিৰাপত্তা সংস্থা, সন্ত্ৰাস বিৰোধী সংস্থা, চোৰাংচোৱা সংস্থাই যথেষ্ট সফলতা লাভ কৰিছে। ইয়াৰ অংশ হিচাপে ২৬/১১ৰ মু্ম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাক আজি ভাৰতলৈ অনা হৈছে।”
তেওঁ লগতে কয় যে এয়া সাধাৰণ প্ৰত্যাৰ্পণ নহয়, ই নতুন ভাৰতৰ সংকল্পৰ প্ৰতিফলন। আজি যেতিয়া তাহাউৰ ৰাণাক ভাৰতলৈ অনা হৈছে, তেতিয়া ই প্ৰতিজন সন্ত্ৰাসবাদী আৰু ষড়যন্ত্ৰকাৰীৰ বাবেও এক সতৰ্কবাণী যে আপুনি পৃথিৱীৰ যিকোনো ঠাইতে লুকাই নাথাকক কিয়, ভাৰতে আপোনাক ধৰি আনি কাঠগড়াত থিয় কৰাব।”
মুম্বাইত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা পিয়ুষ গোৱেলে কয় যে কংগ্ৰেছে সন্ত্ৰাসবাদীক শাস্তি দিয়াৰ বাবে একো কৰা নাছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি সৰ্বোচ্চ দায়বদ্ধতাৰ বাবেই এই প্ৰত্যাৰ্পণ সম্ভৱ হৈছে।
তেওঁ কয়, "কংগ্ৰেছ চৰকাৰৰ সময়ত আমি এতিয়া উপস্থিত থকা এই হোটেলখনেই (তাজ পেলেচ) সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। ইয়াত বহু মানুহৰ মৃত্যু হৈছিল। কিন্তু কংগ্ৰেছে সন্ত্ৰাসবাদীক শাস্তি দিবলৈ একো কৰা নাছিল। তেওঁলোকে সন্ত্ৰাসবাদী আজমল কাছাবৰ প্ৰতি অযতা সহানুভূতি দেখুৱাইছালি, তেওঁৰ বিৰিয়ানী খুৱাইছিল। কিন্তু আমাৰ দেশৰ ক্ষতি সাধন কৰা লোকসকলক যাতে কঠোৰ শাস্তি দিয়া হয়, সেয়া নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্প আছিল।”
প্ৰত্যাৰ্পণক আদৰণি জনোৱাৰ সময়তে কংগ্ৰেছ নেতাসকলে চৰকাৰক সোঁৱৰাই দিছে যে তাহাউৰ ৰাণাৰ প্ৰত্যাৰ্পণৰ কূটনৈতিক আৰু আইনী প্ৰক্ৰিয়া তেওঁলোকৰ কাৰ্যকালৰ পৰাই আৰম্ভ হৈছিল।
প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী পি চিদাম্বৰমে কয় যে, ‘মই সুখী যে তাহাউৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছে। অৱশ্যে সম্পূৰ্ণ কাহিনীটো কোৱাটো অতি গুৰুত্বপূৰ্ণ। এই প্ৰত্যাৰ্পণ হৈছে ইউপিএ চৰকাৰে আমেৰিকাৰ সৈতে আলোচনা আৰম্ভ কৰাৰ পৰা এক দশকৰো অধিক সময়ৰ কঠোৰ, অধ্যৱসায়ী আৰু কৌশলগত কূটনীতিৰ ফল।'