'ব’হাগৰ কুলি’ জুবিন অবিহনে ম্লান ৰঙালীৰ উছাহঃ এইবাৰ সাতবিহুলৈ মঞ্চত নুঠে মানস ৰবীন

Story by  atv | Posted by  [email protected] • 3 h ago
'ব’হাগৰ কুলি’ জুবিন অবিহনে ম্লান ৰঙালীৰ উছাহঃ এইবাৰ সাতবিহুলৈ মঞ্চত নুঠে মানস ৰবীন
'ব’হাগৰ কুলি’ জুবিন অবিহনে ম্লান ৰঙালীৰ উছাহঃ এইবাৰ সাতবিহুলৈ মঞ্চত নুঠে মানস ৰবীন
 
আৱাজ - দ্য ভইচ ব্যুৰ’ / গুৱাহাটী
 
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ এটা মাহ বাকী। পৰম্পৰাগতভাৱে এই সময়ছোৱাত শিল্পীসকলৰ ব্যস্ততা তুংগত থাকে যদিও এইবাৰৰ ব’হাগৰ পৰিৱেশ সম্পূৰ্ণ ব্যতিক্ৰম। বিশেষকৈ অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অবিহনে এইবাৰৰ ৰঙালী বিহুৰ উছাহ আৰু উদ্দীপনা বহু পৰিমাণে ম্লান পৰিছে। সমগ্ৰ ৰাজ্যতে বিৰাজ কৰা এই শোকাকুল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহুকেইখন বিহু সমিতিয়ে তেওঁলোকৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে, যাৰ ফলত শিল্পীসকলৰ মাজতো পূৰ্বৰ দৰে উছাহ পৰিলক্ষিত হোৱা নাই।
 
ইয়াৰ মাজতে জনপ্ৰিয় শিল্পী মানস ৰবীনে বুধবাৰে সংবাদ মাধ্যমৰ আগত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু শোক জ্ঞাপন কৰি তেওঁ জানিবলৈ দিয়ে যে এইবাৰ ব’হাগ বিহুৰ প্ৰথম সাত দিন, অৰ্থাৎ ‘সাতবিহু’ত তেওঁ কোনো ধৰণৰ সাংস্কৃতিক মঞ্চত গীত পৰিৱেশন নকৰে। ফলস্বৰূপে, অনুৰাগীসকলে এইবাৰ সাতবিহুত মানস ৰবীনৰ বিহু অনুষ্ঠানৰ পৰা বঞ্চিত হ'ব।
 
এই সিদ্ধান্তৰ আঁৰৰ আৱেগিক কাৰণ দৰ্শাই শিল্পীগৰাকীয়ে কয়, “ঘৰৰ কোনো আপোনজনৰ বিয়োগ হ’লে পৰিয়ালটোৱে যেনেকৈ কিছুদিনলৈ কোনো কাম-কাজৰ পৰা বিৰত থাকে, ময়ো ঠিক তেনেকৈয়ে জুবিন দাৰ প্ৰতি সন্মান জনাই প্ৰথম এসপ্তাহ বা সাতবিহুত কোনো অনুষ্ঠান নকৰাৰ সিদ্ধান্ত লৈছোঁ। তাৰ পিছত কিবা অনুষ্ঠান হ’লে কৰিম, কিন্তু সাতদিনলৈকে মই মোৰ মেনেজমেণ্ট টীমটোক মানা কৰি থৈছোঁ।”
 
অৱশ্যে সাতবিহুৰ অন্তত তেওঁ পুনৰ মঞ্চত উঠিব বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ কাৰণ হিচাপে তেওঁ তেওঁৰ সৈতে জড়িত বৃহৎ বাদ্যযন্ত্ৰীৰ দলটোৰ কথা উল্লেখ কৰে। তেওঁ কয়, “সাতবিহুৰ পাছত আমি অনুষ্ঠান কৰিম, যিহেতু মোৰ লগত এটা বৃহৎ বাদ্যযন্ত্ৰীৰ টীম জড়িত হৈ আছে। মই তেওঁলোকৰ পেটৰ ভাতমুঠি মাৰিব নোৱাৰোঁ। বাকী শিল্পীসকলেও নিজৰ অনুষ্ঠানসমূহ কৰি যাওক, কিন্তু একেবাৰে ঘৰুৱা কাৰণত মোৰ প্ৰথম কেইদিন অনুষ্ঠান কৰিবলৈ মন যোৱা নাই।”
 
ব’হাগ বিহুক অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি অভিহিত কৰি মানস ৰবীনে আন শিল্পীসকলক বিহু অনুষ্ঠানসমূহ চলাই নিবলৈ আহ্বান জনায়। তেওঁৰ মতে, বিহুটোক জীয়াই ৰাখিলেহে জুবিন গাৰ্গকো জীয়াই ৰখা হ’ব। জুবিন গাৰ্গক 'ব’হাগৰ কুলি' আৰু প্ৰয়াত শিল্পী ভিটালী দাসক 'ব’হাগৰ কেতেকী' আখ্যা দি তেওঁ কয়, "জুবিন দা আৰু ভিটালী বাইদেউৰ কণ্ঠ অবিহনে ব’হাগৰ মাদকতা সঁচাকৈয়ে আধৰুৱা। তথাপি জাতিৰ স্বাৰ্থত আমি আমাৰ চেনেহৰ বিহুটোক জীয়াই ৰাখিবই লাগিব।"
 
উল্লেখ্য যে, ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পাছত সমগ্ৰ অসমতে আজিও এক শোকৰ ছাঁ বিৰাজমান। এই গভীৰ শোকৰ প্ৰতি সন্মান জনায়েই ২০২৬ চনৰ ব’হাগ বিহুত ৰাজ্যৰ কেইবাখনো আগশাৰীৰ বিহু সমিতিয়ে তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।