মিজোৰাম ‘বিদ্ৰোহমুক্ত’ ঘোষণা; অন্তিমটো সশস্ত্ৰ গোটৰ অস্ত্ৰ সমৰ্পণ

Story by  PTI | Posted by   Imtiaz Ahmed • 5 h ago
মুখ্যমন্ত্ৰী লালদুহোমাই অনুষ্ঠানত ভাষণ প্ৰদান কৰে,  বৃহস্পতিবাৰে
মুখ্যমন্ত্ৰী লালদুহোমাই অনুষ্ঠানত ভাষণ প্ৰদান কৰে, বৃহস্পতিবাৰে
আইজল

মিজোৰামৰ অন্তিমটো অৱশিষ্ট জাতিগত বিদ্ৰোহী গোটে বৃহস্পতিবাৰে অস্ত্ৰ সমৰ্পণ কৰাৰ লগে লগে ৰাজ্যখন “বিদ্ৰোহমুক্ত” হৈ পৰিছে বুলি মুখ্যমন্ত্ৰী লালদুহোমাই ঘোষণা কৰে।

কৰ্তৃপক্ষই জনোৱা মতে, কেইবছৰ ধৰি গোটটো নিষ্ক্ৰিয় অৱস্থাত থাকিলেও লালমিংথাংগা সানাতেৰ নেতৃত্বত মাৰ পিপ’লছ কনভেনশ্যন (ডেম’ক্ৰেটিক) বা HPC(D)-ৰ এটা গোটে মাজে মাজে বিচ্ছিন্নভাৱে অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছিল। সানাতেৰ এই গোটটো ৰাজ্যখনৰ অন্তিম সক্ৰিয় বিদ্ৰোহী সংগঠন হিচাপে গণ্য কৰা হৈছিল।

HPC(D)-এ সংবিধানৰ ষষ্ঠ তালিকাৰ অধীনত মাৰ জনগোষ্ঠীৰ বাবে এখন স্বায়ত্তশাসিত জিলাপৰিষদ গঠন কৰাৰ দাবী উত্থাপন কৰি আহিছিল।

বৃহস্পতিবাৰে আইজলৰ কাষৰীয়া ছেছৱাংত অনুষ্ঠিত “ঘৰলৈ উভতি অহা আৰু অস্ত্ৰ সমৰ্পণ অনুষ্ঠান (homecoming and arms laying ceremony)”ত সানাতে সহ মুঠ ৪৩ জন কেডাৰে চৰকাৰৰ ওচৰত অস্ত্ৰ সমৰ্পণ কৰে।

এই ‘উভতি অহা অনুষ্ঠান’টো ১৪ এপ্ৰিলত মিজোৰাম চৰকাৰ আৰু HPC(D)-ৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিৰ পাছত অনুষ্ঠিত হয়, যাৰ জৰিয়তে ৰাজ্যখনত বিদ্ৰোহৰ অন্ত পৰাৰ পথ সুগম হয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী লালদুহোমাই কয় যে অতীতত মিজোৰামত শান্তিৰ কথা উঠিলেই HPC(D)-ৰ বিদ্ৰোহৰ ছাঁ মানসপটত ভাহি উঠিছিল। তেওঁ কয়, “আমি খোলা মনেৰে আলোচনা কৰি একমতত উপনীত হ’বলৈ চেষ্টা কৰিছিলোঁ। আমাৰ গৃহ মন্ত্ৰী আৰু তেওঁৰ সহকৰ্মীসকলে অক্লান্ত পৰিশ্ৰম কৰিছিল। আজি আমি লক্ষ্যত উপনীত হৈছোঁ। এতিয়া আমি গৌৰৱেৰে ক’ব পাৰোঁ যে মিজোৰাম এখন প্ৰকৃত শান্তিপূৰ্ণ ৰাজ্য।”

মিজো জনজাতিসমূহক একত্ৰিত হ’বলৈ আহ্বান জনাই লালদুহোমাই গুৰুত্ব আৰোপ কৰে যে কোনো এটা উপ-জনজাতিয়ে মিজো পৰিচয়ৰ ওপৰত নিজকে ওপৰস্থ বুলি গণ্য কৰিব নালাগে। তেওঁ কয়, “আমি সকলো মিজো। যদি উপ-জনজাতিসমূহে পৃথকভাৱে থিয় দিবলৈ চেষ্টা কৰে, তেন্তে সফল হোৱাৰ সম্ভাৱনা কম। আমি আমাৰ একক মিজো পৰিচয়ত সন্তুষ্টি বিচাৰিব লাগিব আৰু একতাৰ মাজেৰেহে আগবাঢ়িব পাৰিম।”

শান্তিৰ মূল্য অধিক বুলি উল্লেখ কৰি তেওঁ কয় যে মিজো নেশ্যনেল ফ্ৰণ্টৰ নেতৃত্বত চলা বিচ্ছিন্নতাবাদী আন্দোলনৰ সময়ত শান্তি প্ৰতিষ্ঠাৰ বাবে তেওঁ বহু আগতেই ভাৰতীয় আৰক্ষী সেৱা (IPS) ত্যাগ কৰিছিল আৰু বহু কিছুমান ত্যাগ কৰিব লগা হৈছিল।

অস্ত্ৰ সমৰ্পণ কৰা কেডাৰসকলৰ সাহসৰ প্ৰশংসা কৰি তেওঁ কয় যে বৃহত্তৰ স্বাৰ্থৰ বাবে অস্ত্ৰ ত্যাগ কৰাৰ শক্তি কেৱল সাহসী লোকৰেহে থাকে।

লালদুহোমাই উল্লেখ কৰে যে মিজোৰামত এতিয়া পুনৰ বিদ্ৰোহৰ স্থান নাই আৰু ৰাজ্যখনৰ শান্তি ৰক্ষাৰ বাবে সমূহীয়াভাৱে আগবাঢ়িবলৈ আহ্বান জনায়। তেওঁ কয়, “মিজো জনতাই পুনৰ আমাৰ ভূমিত বিদ্ৰোহ উত্থান হ’বলৈ নিদিয়ে। আমি সকলোয়ে বিবাদ সৃষ্টিকাৰী নীতি আৰু ধাৰণাসমূহ পৰিহাৰ কৰি স্থায়ী শান্তি আৰু স্থিৰতাৰ বাবে একেলগে কাম কৰিব লাগিব।”

গৃহ মন্ত্ৰী কে সাপডাঙাই এই দিনটো “ঐতিহাসিক” বুলি বৰ্ণনা কৰি এই সফলতাৰ কৃতিত্ব লালদুহোমাৰ অবিৰত শান্তি প্ৰতিশ্ৰুতিক দিয়ে আৰু তেওঁক “শান্তিৰ প্ৰতীক” বুলি আখ্যা দিয়ে। তেওঁ লগতে কয় যে চৰকাৰে আত্মসমৰ্পণ কৰা কেডাৰসকলৰ আকাংক্ষা গণতান্ত্ৰিক আৰু প্ৰশাসনিক ব্যৱস্থাৰে পূৰণ কৰিবলৈ একেলগে কাম কৰিব।

বিধানসভাৰ অধ্যক্ষ লালবিয়াকজামাই এই উন্নয়নক স্বাগতম জনাই কয় যে মাৰ অধ্যুষিত অঞ্চলত শান্তি প্ৰতিষ্ঠা বহুদিনৰ পৰা অগ্ৰাধিকাৰ আছিল।

গোটটোৰহৈ ভাষণ প্ৰদান কৰি সানাতে বৰ্তমান লালদুহোমা চৰকাৰৰ অধীনত ৰাজনৈতিক পৰিৱেশ সলনি হোৱা বুলি স্বীকাৰ কৰে। তেওঁ মণিপুৰৰ টিপাইমুখ অঞ্চলক সংযোগ কৰা তুইভাই নদীৰ ওপৰত নিৰ্মীয়মান “ঐক্য সেতু” আৰু অসম সংযোগী তুইৰিয়াল-মাউচাৰ পথ নিৰ্মাণক মাৰ অধ্যুষিত অঞ্চলসমূহৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ বুলি উল্লেখ কৰে।

কৰ্তৃপক্ষই জনোৱা মতে, ১৯৮৬ চনৰ পৰা মাৰ পিপ’লছ কনভেনশ্যনে উত্তৰ আৰু উত্তৰ-পূৰ্ব মিজোৰামত মাৰ জনগোষ্ঠীৰ বাবে স্বায়ত্তশাসিত জিলাপৰিষদস্বায়ত্তশাসিত জিলাপৰিষদ গঠনৰ দাবীত ৰাজনৈতিক আন্দোলন আৰম্ভ কৰিছিল। প্ৰথমে ৰাজনৈতিক মঞ্চ হিচাপে আৰম্ভ হলেও ১৯৮৭ চনৰ মে’ মাহত শান্তিপূৰ্ণ আন্দোলনৰ ফল নোপোৱাৰ অভিযোগেৰে গোটটো সশস্ত্ৰ বিদ্ৰোহলৈ ৰূপান্তৰিত হয়।

সাত বছৰীয়া বিদ্ৰোহৰ পাছত ১৯৯৪ চনৰ ২৭ জুলাইত হ্মিংচুঙনুঙাৰ নেতৃত্বত HPC-এ মিজোৰাম চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে, যাৰ ফলত সিনলুং হিলছ ডেভেলপমেণ্ট কাউন্সিল (SHDC) গঠন কৰা হয়।

কিন্তু এই চুক্তিৰ চৰ্তত অসন্তুষ্ট হৈ ১৯৯৪ চনত মূল সোঁতীলৈ নোযোৱা সদস্যসকলে সানাতেৰ নেতৃত্বত HPC(D) গঠন কৰি পুনৰ স্বায়ত্তশাসিত জিলাপৰিষদৰ দাবী উত্থাপন কৰে।

২০১১ চনত HPC(D) দুটা গোটত বিভক্ত হয় — এটা এইচ জোচাংবেৰাৰ নেতৃত্বত আৰু আনটো সানাতেৰ নেতৃত্বত।

জোচাংবেৰা নেতৃত্বাধীন গোটটোৱে ২০১৮ চনৰ এপ্ৰিলত ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি অধিক স্বায়ত্তশাসনৰ সৈতে সিনলুং হিলছ কাউন্সিল (SHC) গঠন কৰে। কিন্তু সানাতে শান্তি প্ৰক্ৰিয়াৰ বাহিৰতেই থাকি যায়।

২০২৪ চনৰ পৰা বৰ্তমান জোৰাম পিপ’লছ মুভমেণ্ট (ZPM) চৰকাৰে গোপন আলোচনাৰ জৰিয়তে গোটটোক মূল সোঁতীলৈ অনাৰ প্ৰচেষ্টা আৰম্ভ কৰে আৰু অৱশেষত সফলতা লাভ কৰে।