জুবিন গাৰ্গৰ মৃত্যু গোচৰঃ মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

Story by  PTI | Posted by   Imtiaz Ahmed • 4 h ago
শ্যামকানু মহন্ত
শ্যামকানু মহন্ত
গুৱাহাটী

গুৱাহাটীস্থিত এখন বিশেষ আদালতে বৃহস্পতিবাৰে সাংস্কৃতিক আইকন প্ৰখ্যাত গায়ক জুবিন গাৰ্গৰ মৃত্যুকেন্দ্ৰিক ঘটনাত মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰে। আদালতে কয় যে অভিযুক্তজন পলায়নৰ আশংকা থকাৰ বাবে জামিন দিয়াটো যুক্তিযুক্ত নহয়।

দুয়োপক্ষৰ যুক্তি-তৰ্ক শুনাৰ পিছত বিশেষ ফাষ্ট-ট্ৰেক আদালতৰ বিচাৰক শর্মিলা ভূঞাই মহন্তৰ জামিন আবেদন নাকচ কৰে। উল্লেখযোগ্য যে মহন্ত হৈছে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক।

উল্লেখযোগ্য যে গায়ক জুবিন গাৰ্গে যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সমুদ্ৰত সাঁতুৰি থাকোঁতে ডুব গৈ মৃত্যু বৰণ কৰে। ৫২ বছৰীয়া গায়কজন উৎসৱৰ চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ-পূব এছিয়াৰ দেশখনলৈ গৈছিল।

আদালতৰ বাহিৰত সাংবাদিকসকলক ৰাজহুৱা অভিয়োজক জিয়াউল কামাৰে জনায়, “আদালতে লক্ষ্য কৰিছে যে ঘটনাৰ পিছত মহন্তৰ আচৰণ সন্তোষজনক নাছিল। জুবিন গাৰ্গক সহায় কৰাৰ পৰিৱৰ্তে তেওঁ মালয়েছিয়ালৈ পলায়ন কৰিছিল আৰু লুক-আউট নোটিছ জাৰি কৰি তেওঁক ঘূৰাই অনা হৈছিল। সেইবাবে জামিন পালে পলায়নৰ সম্ভাৱনা আছে।”

মহন্তই ১০ এপ্ৰিলত আদালতত জামিন আবেদন দাখিল কৰিছিল। তদন্তকাৰী সংস্থাই দাখিল কৰা প্ৰমাণসমূহৰ ভিত্তিত অভিয়োজনপক্ষই নিজৰ যুক্তি আগবঢ়োৱা বুলি কামাৰে কয়। “আদালতে সেইসমূহ গভীৰভাৱে পৰ্যালোচনা কৰি জামিন আবেদন খাৰিজ কৰিছে। এই আদেশত আমি সন্তুষ্ট,” তেওঁ লগতে কয়।

পূৰ্বতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিধানসভাত কয় যে গাৰ্গৰ মৃত্যু “সৰল আৰু স্পষ্ট হত্যাকাণ্ড”।

অসম আৰক্ষীৰ চিআইডিৰ বিশেষ অনুসন্ধান দল (SIT)-এ ঘটনাটোৰ তদন্ত কৰি ডিচেম্বৰ মাহত এখন স্থানীয় আদালতত অভিযোগনামা দাখিল কৰে, য’ত মুঠ সাতজনক অভিযুক্ত হিচাপে চিহ্নিত কৰা হয়। তেওঁলোকৰ মাজৰ চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনা হৈছে।

শ্যামকানু মহন্ত হৈছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ কনিষ্ঠ ভাতৃ। তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননী গোপাল মহন্তও তেওঁৰ ডাঙৰ ভাতৃ।

এই ঘটনাত মহন্তৰ লগতে গায়কজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বেণ্ড সদস্য শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত, আত্মীয় তথা অসম আৰক্ষীৰ এএছপি সন্দীপন গাৰ্গ আৰু তেওঁৰ পিএছঅ’ নন্দেশ্বৰ বৰা আৰু প্ৰবীন বৈশ্য জেলত আছে।

অভিয়োজক কামাৰে কয়, “শ্যামকানু আৰু সিদ্ধাৰ্থে শনিবাৰে লিখিত যুক্তি দাখিল কৰিব। সেইদিনাই সিদ্ধাৰ্থৰ জামিন আবেদনৰো আদেশ প্ৰদান কৰা হ’ব।” তেওঁ লগতে কয় যে অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগ গঠন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে।

উল্লেখযোগ্য যে ছিংগাপুৰ আৰক্ষী বাহিনীয়েও ঘটনাটোৰ তদন্ত কৰিছিল আৰু কোনো ধৰণৰ কূট-কৌশল বা ষড়যন্ত্ৰৰ প্ৰমাণ পোৱা হোৱা নাই বুলি সিদ্ধান্তত উপনীত হৈছিল।

ইয়াৰ উপৰিও ছিংগাপুৰৰ কৰ’নাৰ আদালতে কয় যে জনপ্ৰিয় ভাৰতীয় গায়ক-গীতিকাৰজন অত্যধিক মদ্যপান কৰা অৱস্থাত আছিল আৰু লাইফ জেকেট পৰিধান নকৰাকৈ লাজাৰাছ আইলেণ্ডৰ ওচৰত ডুবি মৃত্যু হোৱা সম্ভাৱনা আছে।