বিহাৰৰ পৰা অসমৰ দুজন অপহৃত নাবালক কিশোৰক উদ্ধাৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

 

গুৱাহাটী

 

শেহতীয়াকৈ অপহৃত হোৱা গুৱাহাটীৰ দুজন নাবালক কিশোৰক শনিবাৰে পুৱা বিহাৰৰ পৰা উদ্ধাৰ কৰা হয়। গুৱাহাটী মহানগৰ আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সজযোগত বিহাৰৰ বৈশালী জিলাৰ পৰা নাবালক কিশোৰ দুজনক উদ্ধাৰ কৰিছিল।  

 

বৰ্তমান তেওঁলোকক জিলাখনৰ মহুৱা আৰক্ষী থানাত ৰখা হৈছে আৰু গুৱাহাটীলৈ ঘূৰাই অনাৰ বাবে অধিক আনুষ্ঠানিকতাৰ বাবে অপেক্ষা কৰি আছে। এই অপহৰণৰ সন্দৰ্ভত এতিয়ালৈ কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

 

বৃহস্পতিবাৰে নিশা, দুয়োজন নাবালক কিশোৰক গুৱাহাটীৰ তেতেলিয়া অঞ্চলত থকা তেওঁলোকৰ বাসগৃহৰ পৰা অপহৰণ কৰা হৈছিল। যেতিয়া তেওঁলোকে সন্মুখৰ চোতালত খেলি আছিল।  

 

নিশা প্ৰায় ৮ বজাত এখন বগা ৱাগন আৰ গাড়ীত  চাৰি আৰু ন বছৰ বয়সৰ  কিশোৰ দুজনক দুৰ্বৃত্তই অপহৰণ কৰিছিল। অপহৃত নাবালকসকলক বিবেক কুমাৰ আৰু অজিত কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

 

ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল। ইফালে, পৰিয়ালৰ সদস্যসকলে বিহাৰৰ দুজন ব্যক্তি, ৰাহুল আৰু সজনৰ নাম উল্লেখ কৰিছে।  যিসকলে হয়তো অপহৰণৰ সৈতে জড়িত আছিল।

 

এই মাহৰ আৰম্ভণিতে, গুৱাহাটীৰ বেটকুচি অঞ্চলৰ আইএছবিটিৰ ওচৰত সংঘটিত অপহৰণৰ গোচৰত কমেও ছয়জন লোকক আটক কৰা হৈছিল। সূত্ৰ অনুসৰি, ইনছান আলী নামৰ এজন ব্যক্তিক ছয়জন অভিযুক্তই আইএছবিটিৰ ওচৰত অপহৰণ কৰিছিল।  

 

অপহৰণৰ ঘটনা সন্দৰ্ভত, ভুক্তভোগীৰ ভাতৃ ইনামুল হকে গড়চুক আৰক্ষী থানাত এটা অভিযোগ পঞ্জীয়ন কৰিছে। যাৰ ভিত্তিত আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ সময়ত আৰক্ষীয়ে ফৈজল আলী, ৰাবিউল হক, চুলতান শ্বেখ, সাত্তাৰ আলী, ওমৰ আলী আৰু চামিনুল হক বুলি চিনাক্ত কৰা ছয়জন অভিযুক্তক আটক কৰিছে। 



শেহতীয়া খবৰ