উত্তৰকাশী সুৰংগ উদ্ধাৰ অভিযানঃ ৬ ইঞ্চি বহল পাইপ আৱদ্ধ শ্ৰমিকৰ ওচৰ পালেগৈ; বিশেষ খাদ্য প্ৰেৰণ কৰা হয়

Story by  atv | Posted by   Imtiaz Ahmed • 10 Months ago
উদ্ধাৰকাৰীসকলে সুৰংগটোত কাম কৰি আছে
উদ্ধাৰকাৰীসকলে সুৰংগটোত কাম কৰি আছে
উত্তৰকাশী

উত্তৰকাশীত উদ্ধাৰ অভিযানত এক বৃহৎ অগ্ৰগতিৰ ৰূপত ৬ ইঞ্চি বহল বিকল্প পাইপ এদাল কিছুদিন পূৰ্বে সুৰংগটো ভাঙি পৰাৰ পিছত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ ওচৰলৈ গৈ পাবলৈ সক্ষম হৈছে। আৱদ্ধ শ্ৰমিকসকললৈ প্লাষ্টিকৰ বটলত পুষ্টিকৰ খাদ্য প্ৰেৰণৰ পৰিকল্পনা কৰিছে বিষয়াসকলে।

আৱদ্ধ শ্ৰমিকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিষয়াসকলে চিকিৎসা বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰি তেওঁলোকৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশেষ খাদ্য পৰিকল্পনা যুগুত কৰে। সোমবাৰে এই সংকটজনক সময়ত শ্ৰমিকসকলক পুষ্টি প্ৰদান কৰিবলৈ পাইপৰে মুগ খিচুড়িৰ যোগান প্ৰেৰণ কৰা হয়। উদ্ধাৰকাৰী কৰ্তৃপক্ষই আৱদ্ধ ব্যক্তিসকলক খাদ্য যোগান ধৰাৰ বাবে পৰ্যায়ক্ৰমে এক পদ্ধতিৰ পৰিকল্পনা কৰিছে। প্ৰথম অৱস্থাত বন্ধ বটলত ফলৰ সৈতে লঘু আহাৰ ঠেক পথটোৰে পঠিওৱা হয়।

যোগাযোগ বজাই ৰাখিবলৈ চাৰ্জাৰৰ সৈতে ফোন এটাও প্ৰেৰণ কৰা হ’ব বুলিও বিষয়াসকলে ঘোষণা কৰে।

সোমবাৰে এই স্থানত উপস্থিত হয় টানেলিং বিশেষজ্ঞৰ আন্তঃৰাষ্ট্ৰীয় দল। উদ্ধাৰ অভিযানে নৱম দিনত প্ৰৱেশ কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় টানেলিং আৰু আণ্ডাৰগ্ৰাউণ্ড স্পেচ এছ’চিয়েশ্যনৰ সভাপতি আৰ্নল্ড ডিক্সো অভিযানটো চোৱাচিতা কৰিবলৈ বিশেষজ্ঞসকলৰ ভিতৰত আছিল।

"আমি মানুহকেইজনক উলিয়াই আনিম। ইয়াত ভালদৰে কাম চলি আছে। আমাৰ গোটেই দলটো ইয়াত আছে আৰু আমি এটা সমাধান বিচাৰি উলিয়াই তেওঁলোকক উলিয়াই আনিম। ইয়াত বহু কাম কৰা হৈছে। এইটো গুৰুত্বপূৰ্ণ যে কেৱল উদ্ধাৰ কৰিব লগা লোকসকলেই সুৰক্ষিত নহয়, যিসকলে উদ্ধাৰ কৰি আছে তেওঁলোকও সুৰক্ষিত।" - সংবাদ সংস্থা এএনআইক এইদৰে কয়  ডিক্সে।

"গোটেই বিশ্বই সহায় কৰিছে। ইয়াৰ দলটো বৰ ভাল। পৰিকল্পনাবোৰ ভাল দেখা গৈছে। কামবোৰ অতি পদ্ধতিগত। খাদ্য আৰু ঔষধ সঠিকভাৱে যোগান ধৰা হৈছে।"

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এন এইচ আই ডি চি এল)ৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে এই সুৰংগটো। ই কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী চৰ ধাম সৰ্ববতৰ পথ প্ৰকল্পৰ এটা অংশ।