অসমৰ বাবে ₹৮৮৯ কোটি ঋণৰ অনুমোদন বিশ্ব বেংকৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
বিশ্ব বেংকৰ প্ৰতিনিধিত্বমুলক ফটো
বিশ্ব বেংকৰ প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
দুর্যোগ প্রশমনৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যে বিশ্ব বেংকে অসমৰ কাৰণে $১০৮ নিযুত ঋণৰ অনুমোদন জনাইছে। প্রায় ₹৮৮৯ কোটিৰ এই ঋণৰ ফলত ৰাজ্যখনৰ প্ৰায় ৬০ লাখ লোক উপকৃত হ'ব বুলি বেংকে আশা কৰিছে। 
 
বেংকৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত উল্লেখ পোৱা অনুসৰি অসমৰ কাৰণে বিশ্ব বেংকে নিৰ্ধাৰণ কৰা প্ৰায় ৫০০ নিযুত ডলাৰ পৰিমাণৰ ঋণৰাশিৰ ভিতৰৰে এয়া এক অংশ। বেঁকী আৰু বুঢ়ীদিহিং নদীৰ পাৰত মথাউৰি নিৰ্মাণৰ কামৰ লগতে বানপানীৰ আগলি বতৰা দিয়াৰ কাৰণে আন্তঃগাঁথনি শক্তিশালী কৰাত এই ঋণে সহায় কৰিব। 
 
বিবৃতিত লগতে উল্লেখ কৰা হৈছে যে, বানপানীৰ সময়ত প্ৰভাৱিত লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ লগতে তেওঁলোকক আশ্রয় প্ৰদান কৰাতো ই সহায়ক হ'ব। ঠিক একেদৰে ৰাজ্যিক তথা জিলাভিত্তিক জৰুৰীকালীন সেৱা কেন্দ্ৰবোৰত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু দুৰ্যোগৰ সময়ত বিভিন্ন সংস্থাসমূহে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো ই সুবিধা আগবঢ়াব।