নতুন বিবাহ আইন অনাৰ আগত চৰকাৰে মুছলমান সম্প্ৰদায়ক বিশ্বাসত ল'ব লাগিব; বিশিষ্ট মহিলাৰ দাবী

Story by  Munni Begum | Posted by  [email protected] • 2 Months ago
৫ গৰাকী শিক্ষিত আৰু সচেতন মুছলমান মহিলা
৫ গৰাকী শিক্ষিত আৰু সচেতন মুছলমান মহিলা
 
মুন্নী বেগম / গুৱাহাটী 
 
শেহতীয়াকৈ মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰাৰ সন্দৰ্ভত অসম চৰকাৰে গ্ৰহন কৰা সিদ্ধান্তক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক ভূল ধাৰনাই গা কৰি উঠিছে। বিশেষকৈ গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ মাজত এই আইন সম্পৰ্কে ভূলকৈ প্ৰচাৰ কৰা হৈছে। যাৰফলত চৰকাৰৰ এই পদক্ষেপকে  মুছলমান সম্প্ৰদায়ৰ লোকৰ ধৰ্মীয় ৰীতি-নীতিত আঘাত হানিব বুলি আশংকা কৰা হৈছে। কিন্তু প্ৰকৃততে চৰকাৰৰ এই সিদ্ধান্তই মুছলমান সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লৈছে নেকি? চৰকাৰে আনিব বিচৰা বিশেষ বিবাহ আইনখনে কাৰোবাক উপকৃত কৰিব পাৰিবনে? এই বিষয়ে কি কয় বিশিষ্ট অসমীয়া মুছলমান মহিলা সকলে জানো আহক।   
 
 
মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰাৰ সন্দৰ্ভত অসম চৰকাৰে গ্ৰহন কৰা সিদ্ধান্তক লৈ জ্যেষ্ঠ অধিবক্তা শ্বেহনাজ ৰহমানে কয়, "মুছলিম ব্যক্তিগত আইনে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু অন্যান্য ব্যক্তিগত বিষয়কে ধৰি মুছলমান সমাজৰ জীৱনৰ বিভিন্ন দিশ নিয়ন্ত্ৰণ কৰা আইন আৰু নিয়মাৱলীক বুজায়। এই আইনসমূহ কোৰআন আৰু হাদীছৰ পৰা উদ্ভৱ হোৱা ইছলামিক নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ দৰে দেশত মুছলিম ব্যক্তিগত আইন, নাগৰিক আইন ব্যৱস্থাৰ সমান্তৰালভাৱে কাম কৰে, যাৰ ফলত মুছলমানসকলে ব্যক্তিগত আইনৰ বিষয়ত নিজৰ ধৰ্মীয় পদ্ধতি অনুসৰণ কৰিব পাৰে। যিকোনো আইনী সিদ্ধান্তৰ দৰেই অসমত মুছলিম আইন স্থগিত ৰখাৰ ক্ষেত্ৰত সাংস্কৃতিক, সামাজিক আৰু আইনী কাৰকৰ জটিল আন্তঃক্ৰিয়া জড়িত হোৱাৰ সম্ভাৱনা আছে। এনে সিদ্ধান্তৰ আঁৰৰ যুক্তি আৰু ব্যক্তি আৰু সমাজত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ বুজিবলৈ মুছলমান সম্প্ৰদায়ৰ সদস্য, আইনী বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰককে ধৰি বিভিন্ন অংশীদাৰৰ দৃষ্টিভংগী বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। মোৰ ব্যক্তিগত দৃষ্টিত এই নিষেধাজ্ঞা নিকাহ নিষিদ্ধৰ ওপৰত নহয়, বৰঞ্চ ই এক অস্থায়ী ব্যৱস্থাহে, যিয়ে বিবাহ পৰিচালনা কৰাৰ নিৰ্দিষ্ট আইনী কাঠামোক প্ৰভাৱিত কৰে।   
 
কেইগৰাকীমান শিশুৱে বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মুহূৰ্ত
 
অধিবক্তা শ্বেহনাজ ৰহমানে কয় যে, নিকাহ নিষিদ্ধ কৰা হৈছে বুলি ভুল ধাৰণাটো সম্ভৱতঃ নিষিদ্ধতাৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে ভুল বুজাবুজি বা ভুল ধাৰণাটোৰ পৰাই উদ্ভৱ হৈছে। এনে ভুল ধাৰণাসমূহৰ সমাধান আৰু জনসাধাৰণৰ মাজত স্পষ্টতা নিশ্চিত কৰিবলৈ সঠিক তথ্য প্ৰচাৰ কৰাটো গুৰুত্বপূৰ্ণ। 
 
শ্বেহনাজ ৰহমানে লগতে কয়, "বিশেষ বিবাহ আইনৰ অধীনত বিবাহে ধৰ্মীয় আৰু সাংস্কৃতিক পটভূমি যিয়েই নহওক কিয় নিজৰ মিলন আনুষ্ঠানিক কৰিবলৈ দম্পতীক ধৰ্মনিৰপেক্ষ আৰু আইনগতভাৱে শক্তিশালী কাঠামো প্ৰদান কৰে। ইয়াৰ পৰা দম্পতীয়ে লাভ কৰা সুবিধাসমুহ হৈছে... ধৰ্মান্তৰ নোহোৱাকৈ আন্তঃধৰ্মীয় বা আন্তঃজাতি বিবাহ সম্পন্ন কৰা। উত্তৰাধিকাৰৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আৰু পত্নীৰ সহায়ত আইনী স্বীকৃতি প্ৰদান কৰা। পদ্ধতিসমুহ সৰলীকৃত কৰা , যত বিবাহত ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় ৰীতি-নীতিৰ প্ৰয়োজন নাই আৰু এই আইনে সময়োপযোগী হৈ আহিছে।"  
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছোফিয়া বানুৱে কয়, "সাধাৰনতে আমাৰ মুছলমান সমাজত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ৰ অধীনত বিবাহসমূহ সম্পন্ন হৈ আহিছে। যাক সকলোৱে আইনীভাৱে বৈধ বুলি মান চলি আহিছে। কিন্তু এই তথাকথিত আইনীখনৰ ফলত বহু যুৱতী তথা যুৱক প্ৰতাৰণাৰ বলি হৈ আহিছে। কিয়নো এই তথাকথিত আইনীখনৰ অধীনত সম্পন্ন হোৱা বিবাহে কোনো যুৱক-যুৱতীৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে। কাৰন যদি কোনোৱে বিচাৰে আদালতৰ দ্বাৰস্থ নোহোৱাকৈয়ে অতি সহজে এই আইনীখনৰ অধীনত সম্পন্ন হোৱা বিবাহ বিচ্ছেদ কৰিব পাৰে। যাৰফলত একাংশই এই আইনীখনৰ অপব্যৱহাৰ কৰাও দেখা গৈছে। এই আইনখনৰ বাবে আমাৰ সমাজত বহু-বিবাহ তথা বাল্য-বিবাহৰ দৰে ঘটনা সংঘটিত হোৱা দেখা গৈছে।"
 
মুছলমান বিবাহৰ দৃশ্য
 
গৱেষক বানুৱে কয়, "শিক্ষাই মানুহৰ মাজত সজাগতা আৰু জ্ঞান বৃদ্ধি কৰে। কিন্তু মই ভাবো যে আমাৰ মুছলমান সমাজখন শিক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছে। বিশেষকৈ গ্ৰাম্যাঞ্চলত লোকসকল শিক্ষাৰ পৰা পিছপৰা। যাৰবাবে তেওঁলোকে ধৰ্মীয় অন্ধবিশ্বাসৰ বলি হৈ আছে। তেওঁলোকে ভাৱে যে ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হোৱা কাম কাজে আমাৰ বাবে উচিত। কিন্তু ইয়াৰ ফলত আইনী সুৰক্ষা যে নাই সেইটো চিন্তা নকৰে।"
 
গৱেষক বানুৱে কয়, "বিশেষ বিবাহ আইনৰ অধীন হোৱা বিবাহে এক আইনী মৰ্যদা লাভ কৰিব। যাৰ অধীন যুৱক তথা যুৱতীৰ নিজৰ অধিকাৰ সুৰক্ষিত হব। তেওঁলোকে বিচাৰিলে আইনী প্ৰক্ৰিয়াৰ মাজেৰেহে বিবাহ সম্পন্ন তথা বিবাহ বিচ্ছেদ কৰিব পাৰিব। আৰু ইয়াৰ বাবে তেওঁলোকে ন্যায়ালয়ত নায্য কাৰন দৰ্শাব লাগিব। এই আইনখন আন্তঃধৰ্মীয় বিবাহৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হব বুলিও মই ভাবো।"  
 
দৰা-কইনাৰ নিকাহনামাত স্বাক্ষৰ কৰা মুহূৰ্তত
 
কবি তথা লেখক জেৰিন ৱাহিদে কয়, " মুছলমান ব্যক্তিগত আইন অনুসৰি বিবাহ বাতিল কৰা চৰকাৰৰ শেহতীয়া পদক্ষেপত সততাৰ অভাৱ দেখা গৈছে। বাল্য বিবাহ আৰু বহুবিবাহৰ নিচিনা সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে এক ৰাজনৈতিক দৃষ্টিভংগীহে গ্ৰহণ কৰিছে, যাৰ দ্বাৰা অসমত সুদূৰ ভৱিষ্যতে ইউনিফৰ্ম চিভিল ক'ড ৰূপায়ন হোৱাৰ আশা আছে।  চৰকাৰৰ এই আইন খনৰ প্ৰতি থকা অনিহা স্পষ্ট হৈ পৰিছে কিয়নো এই আইনখনক এখন পুৰণি আইন বুলি অভিহিত কৰিছে। ইয়াক পুৰণি আইন বুলি অভিহিত কৰাতকৈ চৰকাৰৰ দ্বায়িত্ব আছিল যে বাল্যবিবাহৰ দৰে এটি সামাজিক ব্যাধিক নিৰ্মূল কৰাৰ বাবে কঠোৰ কাৰ্যপন্থা গ্ৰহণ কৰা। সমাজৰ বয়োজ্যেষ্ঠসকলৰ লগতে শিক্ষা আৰু সজাগতাৰ জৰিয়তে আৰু সামাজিক হস্তক্ষেপৰ জৰিয়তে সমাজৰ পৰা বাল্যবিবাহ প্ৰথা আঁতৰাব পৰা যাব। লগতে তেওঁ কয় যে বাল্যবিবাহক কেৱল মুছলমানৰ সৈতে সংযোগ কৰাটো অন্যায় হব, কিয়নো জনজাতীয় সম্প্ৰদায়ৰ লগতে উত্তৰ ভাৰতৰ ৰাজ্য ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তিশগড় আৰু গুজৰাটৰ আদিতো এই প্ৰথা প্ৰচলিত হৈ থকা দেখা গৈছে।  
 
জেৰিনে লগতে কয় যে, নিকাহ হৈছে মুছলমানসকলৰ এক প্ৰথা যাৰদ্বাৰা বিবাহৰ দৰে এক পবিত্ৰ  অনুষ্ঠান সম্পন্ন কৰা হয়। নিকাহ আৰু বিবাহ পঞ্জীয়নৰ কাৰ্য্যৰ দুয়োটা পৃথক বস্তু।  মই জনামতে চৰকাৰে নিকাহ সম্পন্ন কৰাত বাধা আৰোপ কৰা নাই। মানুহৰ মাজত বিতৰ্কৰ সৃষ্টি হোৱাৰ কাৰনে হৈছে চৰকাৰে আনিব বিচৰা এই আইনখনৰ বিষয়ে চৰকাৰে জনসাধাৰনক অৱগত কৰোৱা নাই। 
 
জেৰিনে লগতে কয়, চৰকাৰে পূৰ্বৰ আইনখনৰ ঠাইত নতুন আইনখন অনাৰ সিদ্ধান্তটো বাল্যবিবাহক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ একক ধাৰণাটোৰ পৰাই উদ্ভৱ হৈছে। সময়ৰ লগত খাপ খুৱাই থকা আৰু অন্যথা নাবালকৰ বাবে বিবাহ পঞ্জীয়ন কৰা অসাধু কাজীসকলক সমাজৰ পৰা আঁতৰোৱাৰ এক প্ৰচেষ্টা হিচাপেও দেখা গৈছে। নতুন আইনখনে ধৰ্মনিৰপেক্ষ আৰু আধুনিক নীতি-নিয়মৰ সৈতে অধিক মিল থকা বুলি দাবী কৰিছে। কিন্তু বিশেষ বিবাহ আইনৰ অধীনত মুছলমান মহিলাৰ বাবে জীৱিকা আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত কিছু ধূসৰ সন্দেহ আছে।
 
বহুবিবাহৰ বিৰুদ্ধে প্ৰতিবাদ কণ-কণ শিশুৰ
 
অসমীয়া গহনা ডিজাইনৰ ৱাহিদা ৰহমানে এই সন্দৰ্ভত কয়, "মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰাৰ সন্দৰ্ভত অসম চৰকাৰে গ্ৰহন কৰা সিদ্ধান্তই বিশেষকৈ যুৱতীসকলৰ ক্ষেত্ৰত উপকৃত হব বুলি মই ভাবো। কিয়নো বিশেষ বিবাহ আইনৰ অধীন হোৱা বিবাহে প্ৰকৃতাৰ্থত আইনী মৰ্যদা লাভ কৰিব। সাধাৰনতে আমাৰ মুছলমান সমাজত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ৰ অধীনত যিবোৰ বিবাহ সম্পন্ন হৈ আহিছে, সেইবোৰ প্ৰকৃততে আইনীভাৱে স্বীকৃত নহয়। মাত্ৰ এগৰাকী কাজী তথা পঞ্জীয়কে কৰোৱাই দিয়া বিবাহ পঞ্জীয়নহে। যাৰ ফলত যুৱক তথা যুৱতীৰ অধিকাৰ মুঠেই সুৰক্ষিত নহয়।"
 
বৰ্তমান সমাজত বিশেষ বিবাহ আইনক লৈ যি ভূল ধাৰনাই গা কৰি উঠিছে সেই সন্দৰ্ভত ৱাহিদাই কয় যে, "মুছলমান বিবাহে হওঁক বা হিন্দুসকলৰ বিবাহে হওঁক, এই সকলো বিবাহে নিজৰ নিজৰ ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰিব পাৰিব। ইয়াত কোনো কাজী বা পঞ্জীয়কৰ পঞ্জীয়নৰ প্ৰয়োজনীয়তা নাই। এই আইনখনে কোনো সম্প্ৰদায়ৰে ধৰ্মীয় ৰীতি-নীতিত কোনো প্ৰকাৰে আঘাত নাহানে বৰং  সকলোৰে লৰা-ছোৱালীৰ বৈবাহিক জীৱন সুৰক্ষিতহে কৰিব। বহু ক্ষেত্ৰত দেখা যায় যে, এগৰাকী কাজীয়ে সামান্য ধনৰ লালসাত বাল্যবিবাহ সম্পন্ন কৰাৰ ওপৰিও একপক্ষীয়ভাৱে কাম কৰে। কিন্তু এই আইনখন প্ৰযোজ্য হলে লৰা তথা ছোৱালীৰ অধিকাৰ সুৰক্ষিত হব।" 
 
মডেল ৰোজী ৰহমানে কয়, "যিকোনো এটা নতুন নিয়ম সমাজত প্ৰযোজ্য কৰাৰ পূৰ্বেই বহু ক্ষেত্ৰত বিৰোধীতা কৰা দেখা যায়। ইয়াৰ একমাত্ৰ কাৰন হল মানুহৰ মাজত সজাগতাৰ অভাৱ। কিন্তু যেতিয়া মানুহে সেই বিষয়টোৰ বিষয়ে বিশদভাৱে জ্ঞান আহৰণ কৰে তেতিয়া সকলো স্বাভাৱিক হৈ পৰে। তেনেকৈয়ে এই আইনখনও মানুহে আকোৱালি লব, যেতিয়া তেওঁলোকে এই আইনখনৰ উপকাৰিতাৰ বিষয়ে জানিব। মই ভাবো, মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰাৰ সন্দৰ্ভত অসম চৰকাৰে গ্ৰহন কৰা সিদ্ধান্তটো এক আদৰণীয় পদক্ষেপ। কিয়নো পূৰ্বতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ৰ অধীনত যিবোৰ বিবাহ সম্পন্ন হৈছিল তেতিয়া ১৫ বছৰ বয়সতে এজনী ছোৱালী বিবাহৰ বাবে উপযুক্ত বুলি ধৰা হৈছিল। যিটো প্ৰকৃততে বাল্য বিবাহ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি বহুবিবাহৰ দৰে ঘটনাও আমাৰ সমাজত দেখা যায়। কিন্তু বৰ্তমান আমাৰ সমাজখন ৰাজনৈতিকভাৱে, সামাজিকভাৱে আৰু আৰ্থনৈতিকভাৱে সজাগ হৈছে। সেয়েহে এই আইনখনে বাল্য বিবাহ আৰু বহু বিবাহ বন্ধ কৰাত সহায়ক হব।" 
 
ৰোজী ৰহমানে কয়, "তদুপৰি এই আইনখনে আমাৰ ধৰ্মীয় ৰীতি-নীতিত কোনো ধৰনৰ বাধা বাধকতা নানে। পূৰ্বৰ পৰাই আমাৰ সমাজত যিধৰনে মৌলবী, কাজী বা ধৰ্মীয় জ্ঞান থকা মূৰব্বী ব্যক্তিয়ে ধৰ্মীয় ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰোৱাই আহিছে তেনেদৰে এতিয়াও সম্পন্ন কৰোৱাব পাৰিব। কিন্তু বিশেষ বিবাহ আইনৰ অধীনত এই বিবাহখনক আইনী স্বীকৃতি প্ৰদান কৰাটো বাধ্যতামূলক হব। যি স্বীকৃতিয়ে এগৰাকী ছোৱালী তথা লৰাক বিবাহৰ ক্ষেত্ৰত আইনীভাৱে বিশেষ অধিকাৰ প্ৰদান কৰিব। সেয়েহে এই আইনখন আমাৰ সমাজৰ বাবে খুবেই প্ৰয়োজনীয় বুলি মই ভাবো।"