আফগানিস্তান ভূমিকম্পৰ ধ্বংসলীলা: ভাৰতে আগবঢ়ালে সহায়ৰ হাত

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
৮০০ৰো অধিক লোকৰ মৃত্যু হোৱা ভয়াৱহ ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবলৈ ভাৰতে সোমবাৰে আফগানিস্তানলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। আনকি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তালিবানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীৰ সৈতে কথপাতি পৰিস্থিতিৰ মূল্যায়ন আৰু অধিক সাহায্য প্ৰেৰণৰ প্ৰতিশ্ৰুতি দিয়ে। 
 
স্থানীয় সময় অনুসৰি মাজনিশাৰ ঠিক পূৰ্বে পূব আফগানিস্তানত সংঘটিত হোৱা ৬ প্ৰাবল্যৰ ভূমিকম্পৰ কেন্দ্ৰ আছিল কুনাৰ প্ৰদেশ, য'ত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে। তালিবানে জনোৱা মতে, এই ভূমিকম্পৰ ফলত ৮০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ২০০০ৰো অধিক লোক আহত হৈছে। ইয়াৰোপৰি সমগ্ৰ গাঁওখন ধ্বংসস্তুপত পৰিণত হোৱাৰ লগতে পথসমূহ ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে। 
সামাজিক মাধ্যমত বৈদেশিক মন্ত্ৰী জয়শংকৰে কয়, "আজি আফগান বৈদেশিক মন্ত্ৰী মাউলাউৱী আমিৰ খান মুত্তাকীৰ সৈতে কথা পাতিলোঁ। ভূমিকম্পত প্ৰাণ হেৰুৱাসকলৰ বাবে শোক প্ৰকাশ কৰিলোঁ।"
 
জয়শংকৰে কয় যে, "ভাৰতে কাবুলত এহেজাৰ পৰিয়ালৰ বাবে তম্বু ডেলিভাৰী কৰিছে আৰু ভাৰতীয় দূতাবাসে কুনাৰলৈ ১৫ টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। কাইলৈ ​​[মঙলবাৰৰ পৰা] ভাৰতৰ পৰা অধিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হ’ব। আহতসকলৰ আগতীয়া আৰোগ্য কামনা কৰিছো। এই কঠিন সময়ত  আমি আফগানিস্তানৰ কাষত থিয় দিছো।" 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ হেৰুৱসকলৰ বাবে শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত পোষ্টত কয় যে, "এই কঠিন সময়ত আমা প্ৰাৰ্থনা শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে, আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। ভাৰতে ক্ষতিগ্ৰস্তসকলক সকলোধৰণৰ মানৱীয় সাহায্য আৰু সকাহ প্ৰদান কৰিবলৈ সাজু আছে।" 
কুনাৰ প্ৰদেশত ৮০০ লোকৰ মৃত্যু হোৱাৰ লগতে ২০০০ৰো অধিক লোক আহত হোৱাৰ বিপৰীতে নাংগাৰহাৰ প্ৰদেশৰ পৰা আৰু ৯ জন লোকৰ মৃত্যু হোৱা বুলি তালিবানৰ বিষয়াসকলে জনায়। নংগাৰহৰ, লঘ্মান আৰু নুৰিষ্টান প্ৰদেশতো কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। 
 
উদ্ধাৰকাৰী দলে দুৰ্গম অঞ্চলত উপস্থিত হোৱাৰ লগে লগে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি তালিবানৰ বিষয়াসকলে জনায়।
 
তেওঁলোকে কয় যে, উদ্ধাৰকাৰীসকলে দূৰৱৰ্তী উপত্যকাসমূহত প্ৰৱেশ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল আৰু তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহৰ ভিতৰত আছিল চিকিৎসা সহায়, উদ্ধাৰকাৰী সঁজুলি, আশ্ৰয়, খাদ্য আৰু বিশুদ্ধ পানী, ক্ষেত্ৰ চিকিৎসালয় আৰু ধ্বংসাৱশেষ নিষ্কাশনৰ বাবে গধুৰ যন্ত্ৰপাতি।
 
এই ভূমিকম্পৰ ফলত কুনাৰ প্ৰদেশৰ চাউকাই, নুৰগাল, শিগাল আৰু মনোগাই জিলাত সৰ্বাধিক ধ্বংসলীলা সংঘটিত হয়। কুনাৰৰ মাজাৰ উপত্যকাৰ সমগ্ৰ গাঁও ভূমিস্খলনৰ তলত পোত যোৱাৰ খবৰ পোৱা গৈছে। নংগাৰহৰ, লঘ্মান আৰু নুৰিষ্টান প্ৰদেশৰ পৰাও ভয়াৱহ ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। 
 
জনস্বাস্থ্য মন্ত্ৰালয়ৰ পৰা উদ্ধাৰকাৰী দলসমূহক এম্বুলেন্স, চিকিৎসা কৰ্মচাৰী আৰু যোগানৰ সৈতে আক্ৰান্ত অঞ্চলসমূহত মোতায়েন কৰা হৈছিল। হেলিকপ্টাৰেৰে আহতসকলক দুৰ্গম অঞ্চলৰ পৰা বিমানেৰে লৈ গৈছিল। 


শেহতীয়া খবৰ