মোজাম্বিকত নাও দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ৩ জন ভাৰতীয়ৰ মৃত্যু, ৫জন নিৰুদ্দেশ

Story by  atv | Posted by  Munni Begum • 10 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
মোজামবিকৰ কেন্দ্ৰীয় অংশৰ বেইৰা বন্দৰৰ ওচৰত এখন নাও পানীৰ মাজত উলটি কমেও ৩ জন ব্যক্তিৰ মৃত্যু ঘটিছে আৰু ৫জন নিৰুদ্দেশ হৈ আছে। এই নাওখনত ১৪ জন ভাৰতীয় কৰ্মী আছিল বুলি ভাৰতীয় উচ্চ আয়োগে শনিবাৰে নিশ্চিত কৰিছে।
 
শুকুৰবাৰে এই দুৰ্ঘটনাটো সংঘটিত হয়, যেতিয়া কৰ্মীসকলক এখন টেঙ্কাৰ জাহাজলৈ স্থানান্তৰ কৰাৰ নিয়মীয়া প্ৰক্ৰিয়া চলি আছিল। কিন্তু নাওখন উলটি পৰাৰ সঠিক কাৰণ এতিয়াও পোহৰলৈ অহা নাই। ইয়াৰ বাবে এক তদন্ত আৰম্ভ হ’ব বুলি জনোৱা হৈছে।
ভাৰতীয় উচ্চ আয়োগে এক আনুষ্ঠানিক বিবৃতিত কয় যে, "মধ্য মোজাম্বিকৰ বেইৰা বন্দৰৰ ওচৰত কৰ্মী স্থানান্তৰ অভিযানৰ সময়ত ১৪ জন ভাৰতীয় নাগৰিককে ধৰি এখন টেংকাৰৰ ক্ৰু মেম্বাৰ কঢ়িয়াই অনা এখন নাও পানীত উলটি পৰে। দুৰ্ঘটনাটোত জড়িত একাংশ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে। দুৰ্ভাগ্যজনকভাৱে এই দুৰ্ঘটনাত কিছু ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে, আৰু কিছুমানৰ এতিয়াও সন্ধানহীন হৈ আছে।"
 
৫ জন ভাৰতীয় নাগৰিকক পানীৰ পৰা উদ্ধাৰ কৰাৰ লগতে এজন জীৱিত লোক বৰ্তমান বেইৰাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ভাৰতীয় অভিযানৰ এজন কনছুলাৰ বিষয়াই চিকিৎসালয়ত ভৰ্তি ব্যক্তিজনক সাক্ষাৎ কৰি স্থলভাগত সাহায্যৰ প্ৰচেষ্টা তদাৰক কৰি আছে।
 
উচ্চ আয়োগে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি কয়, "বেইৰা বন্দৰৰ ওচৰত নাও দুৰ্ঘটনাত ৩ জন ভাৰতীয় নাগৰিকসহ নিহত সকলৰ প্ৰতি আমাৰ গভীৰ শোক জ্ঞাপন। এই দুৰ্ঘটনাত যিসকল পৰিয়ালে নিজৰ প্ৰিয়জনক হেৰুৱাইছে, তেওঁলোকৰ সৈতে যোগাযোগ ৰাখি সকলো সম্ভৱ সহায় প্ৰদান কৰা হৈছে।”
 
সন্ধান আৰু উদ্ধাৰ অভিযান বৰ্তমানো চলি আছে। স্থানীয় প্রশাসন, সামুদ্রিক সংস্থা আৰু ভাৰতীয় আয়োগে একেলগে কাম কৰি ৫জন সন্ধানহীন ব্যক্তিক উদ্ধাৰৰ চেষ্টা কৰি আছে। উচ্চ আয়োগে এই দুৰ্ঘটনাৰ সৈতে সম্পৰ্কিত তথ্য বা নবীনতম খবৰ জানিবলৈ জৰুৰী যোগাযোগ নম্বৰো প্ৰকাশ কৰিছে।
 
ভাৰতীয় উচ্চ আয়োগে নিশ্চিত কৰিছে যে, তেওঁলোকে পৰিস্থিতিটো নিবিড়ভাৱে লক্ষ্য ৰাখিছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে ধাৰাবাহিক যোগাযোগত আছে।