জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিষয়টোৰ ওপৰত অভিমত প্ৰকাশ ছিংগাপুৰ আৰক্ষী বাহিনীৰ

Story by  atv | Posted by  Munni Begum • 21 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
গুৱাহাটী 
 
ছিংগাপুৰ আৰক্ষী বাহিনীয়ে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিষয়টোৰ ওপৰত অভিমত প্ৰকাশ কৰিছে। শুকুৰবাৰে জাৰি কৰা এক বিবৃতিযোগে বিদেশী ৰাষ্ট্ৰখনৰ আৰক্ষীয়ে জনায় যে, শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত সামাজিক মাধ্যম আৰু অন্য অনলাইন মাধ্যমত প্ৰচাৰিত জল্পনা-কল্পনা আৰু ভুৱা তথ্যৰ বিষয়ে তেওঁলোক অৱগত।   
 
ছিংগাপুৰ আৰক্ষী বাহিনীয়ে কয় যে, বৰ্তমান এই গোচৰৰ তদন্ত তেওঁলোকে অব্যহত ৰাখিছে। দেশখনৰ ক'ৰ'না ২০১০ আইন অনুসৰি চলি থকা প্ৰাথমিক তদন্তৰ ভিত্তিত শিল্পীগৰাকী মৃত্যু কোনো অস্বাভাৱিক কাৰণত হোৱা নাছিল বুলি ধাৰণা কৰা হৈছে।
 
ছিংগাপুৰ আৰক্ষী বাহিনীৰ বিবৃতি
 
তেওঁলোকে কয় যে, আমাৰ তদন্ত প্ৰক্ৰিয়াই আৰু তিনিমাহমান সময় ল'ব পাৰে। এই অদন্ত সম্পূৰ্ণ হোৱাৰ পিছত এই তথ্যসমূহ ছিংগাপুৰৰ ৰাজ্যিক ক’ৰনাৰক দাখিল কৰা হ'ব। যিয়ে তাৰ পিছত ক'ৰ'নাৰ তদন্ত (চি আই) অনুষ্ঠিত কৰিব নে নকৰে সেইটো নিৰ্ধাৰণ কৰিব। ক'ৰ'নাৰ তদন্ত হৈছে মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ আদালতৰ ন্যায়িক বিষয়া এজন ক'ৰ'নাৰৰ নেতৃত্বত এক তথ্য বিচাৰি উলিওৱা প্ৰক্ৰিয়া। ইয়াৰ তথ্য তদন্ত সমাপ্ত হোৱাৰ লগে লগে ৰাজহুৱা কৰা হ'ব।  
 
ছিংগাপুৰ আৰক্ষী বাহিনীয়ে এতিয়াও তদন্ত প্ৰক্ৰিয়া অব্যহত থকাৰ মাজতে ১ অক্টোবৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, আৰু ছিংগাপুৰ আৰক্ষী বাহিনীৰ প্ৰাৰম্ভিক তথ্যৰ প্ৰতিলিপি তেওঁলোকৰ অনুৰোধত ভাৰত উচ্চায়ুক্তলৈ প্ৰেৰণ কৰিছে। 
 
ছিংগাপুৰ আৰক্ষী বাহিনীয়ে এই গোচৰৰ সম্যক আৰু পেছাদাৰী তদন্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ বাবে সময় লাগিব। আমি জড়িত পক্ষসমূহৰ ধৈৰ্য্য আৰু বুজাবুজি বিচাৰো। ইফালে আমি জনসাধাৰণক জল্পনা-কল্পনা নকৰিবলৈ আহ্বান জনাইছো আৰু পৰীক্ষা নকৰা তথ্য বিয়পাই নিদিবলৈও অনুৰোধ জনাইছো।