নতুন দিল্লী
বুধবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বত বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি (বি এন পি)ৰ সৈতে জড়িত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে সমদল বাহিৰ কৰে। কটকটীয়া নিৰাপত্তাৰ মাজতে দলৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত ৰাজপথত সমবেত হৈ বি এন পিৰ সৈতে জড়িত তিনিটা গোটৰ কৰ্মীসকলে দেশখনত ডিচেম্বৰ মাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়।
বিগত আগষ্ট মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত নিযুক্তি দিয়া মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে এয়া ক্ৰমবৰ্ধমান অসন্তুষ্টিৰ ফল।
কেইবাবছৰ ধৰি স্বাস্থ্যৰ অৱনতি ঘটা জিয়াই শেহতীয়াকৈ লণ্ডনত চাৰি মাহৰ চিকিৎসাৰ অন্তত দেশলৈ উভতি আহিছে। ইয়াৰ ফলত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ওপৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ হেঁচা বাঢ়িছে।
বুধবাৰে লণ্ডনৰ পৰা ভিডিঅ’ লিংকৰ জৰিয়তে বি এন পিৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু জিয়াৰ জ্যেষ্ঠ পুত্ৰ তাৰিক ৰহমানে এই সমাৱেশক সম্বোধন কৰে।
শেহতীয়াকৈ বি এন পিয়ে ইউনুছক সাক্ষাৎ কৰি ডিচেম্বৰ মাহত নিৰ্বাচনৰ দাবী পুনৰবাৰ উল্লেখ কৰি কয় যে যদি ইউনুছে পদত্যাগ কৰে তেন্তে দেশে বিকল্প নেতা পাব। কিন্তু ইউনুছৰ মিত্ৰসকলে পিছত কয় যে তেওঁ থাকিব। হাছিনাৰ আৱামি লীগৰ অনুপস্থিতিত বি এন পিয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ আশা কৰিছে। বি এন পিয়ে কয় যে সংস্কাৰ এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সংস্কাৰ ৰূপায়ণৰ গতি নিৰ্বাচনত বিলম্ব কৰাৰ অজুহাত হ’ব নালাগে।
উল্লেখযোগ্য যে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী ইউনুছ আৰু সামৰিক প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল। ইউনুছে ২০২৬ চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত আছে যদিও সামৰিক মুৰব্বী জামানে ২০২৫ চনৰ ডিচেম্বৰ মাহত নিৰ্বাচনৰ পোষকতা কৰিছিল যদিও পিছত দুয়োপক্ষই দাবী কৰিছিল যে তেওঁলোকৰ মাজত কোনো বিবাদ নাই।