ৰোম (ইটালী)
বহুদলীয় প্ৰতিনিধি দলৰ নেতৃত্ব দি ইটালীলৈ যোৱা বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে ইটালীৰ সাংসদসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক দেশখনে সম্পূৰ্ণ সমৰ্থন কৰে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত সদায় ভাৰতৰ সৈতে আছে বুলি প্ৰতিশ্ৰুতি দিয়ে।
এএনআইৰ সৈতে হোৱা কথা-বতৰাত ৰবি শংকৰ প্ৰসাদে কয় যে, "ইটালীৰ ৰাষ্ট্ৰীয় বিধানসভা আৰু চেনেটত আমাৰ এক সফল বৈঠক সম্পন্ন হৈছে। ই এক সুন্দৰ ভাৱৰ আদান-প্ৰদান আছিল। আমাৰ বাবে অতি আশ্বাসৰ বিষয় হ’ল যে ভাৰতৰ স্থিতি আৰু লগতে বিশ্ব সন্ত্ৰাসৰ কৰ্কট ৰোগৰ বিপৰীতে ইটালীৰ স্থিতিৰ ভালেখিনি সাদৃশ্য আছে। পূৰ্বৰে পৰা ভাৰত আৰু ইটালীৰ মাজত ভাল সম্পৰ্ক আছে। শান্তি আৰু সৌহাৰ্দ্যৰ কামত আমাৰ সৈতে লগ হৈ তেওঁলোকে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।"
ইয়াৰ উপৰিও প্ৰাক্তন উপ-এন এছ এ আৰু ৰাষ্ট্ৰদূত পংকজ ছাৰণেও কয় যে পাকিস্তানৰ সৈতে সংঘাত বৃদ্ধি নকৰাৰ ক্ষেত্ৰত ভাৰতৰ সংযমৰ শলাগ লৈছে ইটালীয়ে। ছাৰণে লগতে কয় যে অপাৰেচন সেন্দুৰৰ সময়ত ইটালীয়ে ভাৰতৰ আত্মৰক্ষা আৰু সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱাৰ অধিকাৰক স্বীকৃতি দিছিল।
"মোৰ যিটো কথা বৰ ভাল লাগিল সেয়া আছিল যে তেওঁলোকে ভাৰতৰ সংযম আৰু আমি যে উত্তেজিত হৈ সাধাৰণ লোকৰ ওপৰত আক্ৰমণ কৰা নাছিলো, তথা আক্ৰমণৰ চোক বৃদ্ধি কৰা নাছিলো, ইটালীয়ে তাৰ শলাগ লৈছে। কিন্তু তেওঁলোকে আমাৰ আত্মৰক্ষাৰ অধিকাৰ আৰু সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱাৰ অধিকাৰ স্বীকাৰ কৰিছে। সেইটো মোৰ বাবে অতি উৎসাহজনক। লগতে, মই ভাবো আমি অতি স্পষ্টভাৱে কৈছো যে সমস্যাটো হৈছে সন্ত্ৰাসবাদ; ইয়াৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। পাকিস্তানত সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাৰ মাজৰ সম্পৰ্ককো আমি বৈঠকত উত্থাপন কৰো। আৰু মই ভাবো সেই বাৰ্তাটো বহুত ভালকৈ সকলোৱে উপলব্ধ কৰিছে।"-পংকজ ছাৰণে কয়।