বাংলাদেশত ২০ দিনত সপ্তমটো হত্যাকাণ্ড; নিহত আন এজন সংখ্যালঘু যুৱক

Story by  atv | Posted by  [email protected] • 1 Months ago
বাংলাদেশত ২০ দিনত সপ্তমটো হত্যাকাণ্ড
বাংলাদেশত ২০ দিনত সপ্তমটো হত্যাকাণ্ড
 
নতুন দিল্লী
 
চুবুৰীয়া ৰাষ্ট্ৰঃ বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে হিংসাত্মক ঘটনা অবিৰতভাৱে অব্যাহত আছে। শেহতীয়াকৈ আন এটা হত্যাকাণ্ডৰ ঘটনাৰ খবৰ পোৱা গৈছে। কোৱা হৈছে যে, বাংলাদেশত সংখ্যালঘুৰ যুৱকৰ ওপৰত দিনক দিনে অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰিছে। ২০ দিনৰ ভিতৰত ৭ টাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকাশিত খবৰ অনুসৰি, এইবাৰ মিথুন সৰকাৰ (২৫) নামৰ এজন হিন্দু যুৱকক হত্যাৰ অভিযোগ উত্থাপন হৈছে।
 
খবৰ অনুসৰি, চুৰিৰ সন্দেহত তেওঁক খেদি ফুৰা ভিৰৰ পৰা হাত সাৰিবলৈ খাৱৈত জাপ দিয়ে। যাৰ ফলত ২৫ বছৰীয়া হিন্দু যুৱকজনৰ মৃত্যু হয়। মঙলবাৰে বিয়লি ভাণ্ডাৰপুৰ গাঁৱৰ মিথুন সৰকাৰ নামৰ এই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ২০২৪ চনত শ্বেখ হাছিনা চৰকাৰক উফৰাই পেলোৱা বিদ্ৰোহৰ পিছত প্ৰথমটো সংসদীয় নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে চুবুৰীয়া দেশখনত ধৰ্মীয় সংখ্যালঘুসকলক লক্ষ্য কৰি হিংসাত্মক পৰিস্থিতি তীব্ৰভাৱে বৃদ্ধি পোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।
 
এনে পৰিস্থিতিত ডাঙৰ প্ৰশ্নটো হ’ল-প্ৰশাসন ক’ত? ক’ত আছে মানৱ অধিকাৰ সংগঠন? আন্তঃৰাষ্ট্ৰীয় বিবেক ক’ত? হিন্দুৰ ওপৰত সংঘটিত হিংসাৰ ঘটনাৰ সন্দৰ্ভত বাংলাদেশ সংখ্যালঘু মঞ্চই কয় যে, সাম্প্ৰদায়িক হিংসা আতংকজনক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশৰ সৃষ্টি হৈছে।
 
সংখ্যালঘু মঞ্চই কয় যে, ২ জানুৱাৰীত সত্য ৰঞ্জন দাস, ৩ জানুৱাৰীত খোকন চন্দ্ৰ দাস, ৪ জানুৱাৰীত শুভো পোদ্দাৰ আৰু ৫ জানুৱাৰীত ৰাণা প্ৰতাপ বৈৰাগীক হত্যা কৰা হৈছিল। সংসদীয় নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা আতংকজনক হাৰত বৃদ্ধি পাইছে। কেৱল ডিচেম্বৰ মাহত সংঘটিত হৈছে কমেও ৫১টা হিংসাত্মক ঘটনা।
 
সংখ্যালঘু মঞ্চই উল্লেখ কৰিছে যে, ইয়াৰ ভিতৰত ১০টা হত্যা, ১০টা চুৰি আৰু ডকাইতিৰ কাণ্ড, ২৩টা ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ, আৰু মাটি জব্দ কৰাৰ গোচৰ, লুটপাত আৰু অগ্নিসংযোগ, ধৰ্মীয় নিন্দা আৰু RAW এজেণ্ট হোৱাৰ ভুৱা অভিযোগত আটক আৰু নিৰ্যাতনৰ চাৰিটা গোচৰ, এটা ধৰ্ষণৰ চেষ্টা, আৰু তিনিটা আক্ৰমণৰ গোচৰ।
 
এই হিংসাৰ ঢৌ জানুৱাৰী মাহতো অব্যাহত আছিল। ২ জানুৱাৰীত লক্ষ্মীপুৰত সত্যৰঞ্জন দাসৰ হত্যাকাণ্ড। ৩ জানুৱাৰীত শ্বৰীয়তপুৰত খোকন চন্দ্ৰ দাসক নৃশংসভাৱে হত্যা কৰা হয়। সেইদিনা ৰাতিপুৱা চট্টগ্ৰামৰ বোৱালখালি উপাজিলাৰ আমুচিয়া ইউনিয়নৰ ৪ নং ৱাৰ্ডত থকা মিলন দাসৰ ঘৰত লুটি নিয়াৰ লগতে পৰিয়ালৰ সকলো সদস্যক পণবন্দী কৰি লোৱা হয়।
 
উল্লেখযোগ্য যে, একেদিনাই চনু দাসৰ ঘৰত সংঘটিত হয় একেধৰণৰ ঘটনা। তাৰ পিছত ৪ জানুৱাৰীত শুভো পোদ্দাৰ নামৰ এজন সোণৰ ব্যৱসায়ীক বান্ধি তেওঁৰ দোকানৰ পৰা গহনা চুৰি কৰি লৈ যায়। সেইদিনা কালিগঞ্জ ঝেনৈদাত এগৰাকী ৪০ বছৰীয়া হিন্দু বিধৱাক ধৰ্ষণ চেষ্টা চলোৱা হয়।


শেহতীয়া খবৰ