গ্ৰামীন সংস্থা আৰু ইউনুছ চেণ্টাৰৰ পৰিচালন সঞ্চালক আৰু উপদেষ্টাসকলক সাক্ষাৎ কৰে মহম্মদ ইউনুছে
ঢাকা
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা পদৰ পৰা পদত্যাগ কৰি পুনৰ নিজৰ অলাভজনক সংস্থাটোত কৰ্মৰত হৈ পৰিছে মহম্মদ ইউনুছ। নোবেল বঁটা বিজয়ীগৰাকীয়ে প্ৰায় ১৮ মাহ ধৰি এই পদত অধিষ্ঠিত আছিল।
দেওবাৰে পুৱা মিৰপুৰৰ ইউনুছ চেণ্টাৰৰ কাৰ্যালয়ত উপস্থিত হোৱা ৮৫ বছৰীয়ানোবেল বঁটা বিজয়ীগৰাকীক সহকৰ্মীসকলে আদৰণি জনায় বুলি তেওঁৰ ফেচবুক পেজত প্ৰকাশ পাইছে।
কেপচনত লিখা আছে, “বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়া ১৮ মাহৰ বিৰতিৰ পিছত দেওবাৰে পূৰ্বৰ কৰ্তব্যলৈ ঘূৰি অহাৰ সময়ত অধ্যাপক মহম্মদ ইউনুছক উষ্ম আদৰণি জনোৱা হৈছে।”
ইউনুছে সহকৰ্মীসকলক সম্ভাষণ জনায় আৰু আহি পোৱাৰ লগে লগে তেওঁক ফুল উপহাৰ দিয়া হয়।
পিছত তেওঁ গ্ৰামীন সংস্থা আৰু ইউনুছ চেণ্টাৰৰ পৰিচালন সঞ্চালক আৰু উপদেষ্টাসকলক সাক্ষাৎ কৰি স্থগিত পদক্ষেপসমূহ পৰ্যালোচনা কৰে আৰু আগন্তুক পৰিকল্পনাসমূহৰ ৰূপৰেখা দাঙি ধৰে।
লগতে ঢাকাৰ গুলশনত থকা নিজৰ ঘৰত মাহটোৰ শেষৰ ফালে পুনৰ বসবাস আৰম্ভ কৰিবলৈ সাজু হৈছে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়াৰ সময়ত তেওঁক প্ৰদান কৰা চৰকাৰী বাসগৃহত থাকিছিল।
ত্ৰয়োদশ জাতীয় সংসদত নৱনিৰ্বাচিত চৰকাৰ গঠনৰ কিছুদিন পিছতে ১৬ ফেব্ৰুৱাৰীত ইউনুছে পদত্যাগ কৰিছিল। ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন গণ বিদ্ৰোহৰ পিছত ২০২৪ চনৰ ৫ আগষ্টত আৱামি লীগ চৰকাৰৰ পতনৰ ফলত ২০২৪ চনৰ ৮ আগষ্টৰ পৰা তেওঁ অন্তৱৰ্তীকালীন প্ৰশাসনৰ নেতৃত্ব দিছিল।
বিদায় সম্প্ৰচাৰত ইউনুছে কয়, “আজি অন্তৱৰ্তীকালীন চৰকাৰখনে পদত্যাগ কৰিছে। কিন্তু আৰম্ভ হোৱা গণতন্ত্ৰ, বাক স্বাধীনতা, মৌলিক অধিকাৰৰ প্ৰথা বন্ধ নহওক।”
বিদ্ৰোহত শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত হোৱাৰ পিছত ২০২৪ চনৰ আগষ্ট মাহত ইউনুছে স্ব-আৰোপিত নিৰ্বাসনৰ পৰা উভতি আহিছিল। সেই মুহূৰ্তৰ কথা উল্লেখ কৰি তেওঁ কয়, “সেইটো আছিল মহান মুক্তিৰ দিন। কি যে আনন্দৰ দিন আছিল। সমগ্ৰ বিশ্বৰ বাংলাদেশীয়ে সুখৰ চকুলো টুকিছিল। আমাৰ দেশৰ যুৱক-যুৱতীসকলে দেশক অসুৰৰ কবলৰ পৰা মুক্ত কৰিলে।”
পৰিৱৰ্তনকালত দেশখনক নেতৃত্ব দিয়াৰ পিছত ইউনুছে ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পিছত ক্ষমতা অৰ্পণ কৰে। তেওঁ বাংলাদেশ জাতীয়তাবাদী পাৰ্টি (বিএনপি) আৰু ইয়াৰ নেতা তাৰিক ৰহমানক “বিজয়ৰ” বাবে অভিনন্দন জনায়।
ৰহমান ৩৫ বছৰৰ ভিতৰত দেশৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমজন পুৰুষ।