পিয়ংইয়াং
উত্তৰ কোৰিয়াৰ নেতা কিম জং উন বৰ্তমান চলি থকা নৱম পাৰ্টি কংগ্ৰেছত শাসকীয় 'ৱৰ্কাৰ্ছ পাৰ্টি অৱ কোৰিয়া' (WPK) ৰ সাধাৰণ সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত হৈছে বুলি সোমবাৰে চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
কোৰিয়ান চেন্ট্ৰেল নিউজ এজেন্সী (KCNA) ৰ মতে, পাৰ্টিৰ সদস্য, নাগৰিক আৰু সৈন্যসকলৰ "অটল" সমৰ্থনৰ কথা উল্লেখ কৰি আৰু দেশখনৰ পাৰমাণৱিক শক্তিভিত্তিক যুদ্ধ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্বক কৃতিত্ব দি কংগ্ৰেছে সৰ্বসন্মতিক্ৰমে কিমক পাৰ্টিৰ মুৰব্বী হিচাপে পুনৰ নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লয়।
য়োনহাপ নিউজ এজেন্সীয়ে উদ্ধৃত কৰা অনুসৰি KCNA-এ কয়, "উত্তৰ কোৰিয়াৰ ৱৰ্কাৰ্ছ পাৰ্টিৰ নৱম কংগ্ৰেছে পাৰ্টিৰ উন্নয়ন আৰু ৰাষ্ট্ৰৰ সমৃদ্ধিৰ বাবে কিম জং উনক WPK-ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লৈছে।"
এই সিদ্ধান্ত দেওবাৰে গ্ৰহণ কৰা হৈছিল, যিটো আছিল বহুদিনীয়া ধৰি চলা এই কংগ্ৰেছৰ চতুৰ্থ দিন। পৰম্পৰাগতভাৱে এই কংগ্ৰেছেই অনাগত পাঁচ বছৰৰ বাবে উত্তৰ কোৰিয়াৰ অৰ্থনৈতিক, প্ৰতিৰক্ষা আৰু কূটনৈতিক ক্ষেত্ৰৰ নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰে। পাৰ্টিৰ নিয়ম অনুসৰি প্ৰতিটো কংগ্ৰেছৰ সময়ত সাধাৰণ সম্পাদকৰ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বাধ্যতামূলক।
কংগ্ৰেছে কিমক "যিকোনো আগ্ৰাসনৰ ভাবুকিৰ সৈতে মোকাবিলা কৰিব পৰা বিপ্লৱী সশস্ত্ৰ বাহিনী" গঢ়ি তোলাৰ বাবে প্ৰশংসা কৰে আৰু কয় যে আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰু বাহ্যিক চাপ স্বত্বেও পাৰমাণৱিক শক্তিক কেন্দ্ৰ কৰি দেশখনৰ যুদ্ধ প্ৰতিৰোধ ক্ষমতা "আমূলভাৱে উন্নত" হৈছে।
KCNA-ৰ মতে, WPK-ৰ সম্পাদক ৰি ইল-হৱানে সভাত ভাষণ দি কিমক দেশখনক সমৃদ্ধি আৰু ধাৰাবাহিক উন্নয়নৰ দিশত আগুৱাই নিব পৰা একমাত্ৰ নেতা হিচাপে বৰ্ণনা কৰে।
চৰকাৰী সংবাদ মাধ্যমে লগতে জনাইছে যে পাৰ্টিৰ সংশোধিত নিয়মসমূহ গ্ৰহণ কৰা হৈছে, যদিও ইয়াৰ কোনো বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই। পাৰ্টিৰ কেন্দ্ৰীয় সমিতিলৈ নতুন সদস্য নিৰ্বাচিত কৰা হৈছে, য’ত চুই ৰয়ং-হে-কে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়াৰ অনুপস্থিতিয়ে নেতৃত্বৰ ভিতৰত সম্ভাৱ্য সালসলনি বা প্ৰজন্মৰ পৰিৱৰ্তনৰ ইংগিত দিছে।
দক্ষিণ কোৰিয়াৰ একত্ৰীকৰণ মন্ত্ৰালয়ে (Ministry of Unification) কয় যে এই কংগ্ৰেছখন কিমৰ নেতৃত্ব সুসংহত কৰাৰ ওপৰত কেন্দ্ৰীভূত যেন লাগিছে, আনহাতে বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত বাৰ্তা প্ৰেৰণ সীমিত কৰি ৰখা হৈছে।
য়োনহাপৰ বাতৰি অনুসৰি, মন্ত্ৰালয়ৰ মুখপাত্ৰ ইউন মিন-হোৱে কয়, "বাহ্যিক বাৰ্তাসমূহ নূন্যতম কৰা হৈছে আৰু বৈঠকৰ বিষয়ে তথ্য অতি সীমিত পৰ্যায়ত মুকলি কৰা হৈছে।"
উল্লেখযোগ্য যে, যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা নৱম পাৰ্টি কংগ্ৰেছ হৈছে দেশখনৰ সৰ্বোচ্চ নীতি-নিৰ্ধাৰণকাৰী সংস্থা আৰু ২০২১ চনত অনুষ্ঠিত অষ্টম পাৰ্টি কংগ্ৰেছৰ পিছত এয়া প্ৰথম। বৈঠকৰ শেষত পাৰ্টিয়ে নতুন পাঁচ বছৰীয়া নীতিগত লক্ষ্যসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে।