ব্ৰিটেইনছ্ গট টেলেণ্টত উজলিল অসমনন্দিনী বিনীতা ছেত্ৰী; তৃতীয় স্থান দখল কৰিলে ফাইনেলত

Story by  atv | Posted by  [email protected] • 2 d ago
ব্ৰিটেইনছ্ গট টেলেণ্টত উজলিল অসমনন্দিনী বিনীতা ছেত্ৰী
ব্ৰিটেইনছ্ গট টেলেণ্টত উজলিল অসমনন্দিনী বিনীতা ছেত্ৰী
 
গুৱাহাটী
 
অসমৰ উদীয়মান নৃত্য তাৰকা বিনীতা ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব’ ব্ৰিটেইন’ছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি দেশক গৌৰৱান্বিত কৰিছে। গ্ৰেণ্ড ফিনালেত তেওঁৰ চমৎকাৰী নৃত্য প্ৰদৰ্শনে বিচাৰক আৰু দৰ্শকক মোহাৱিষ্ট কৰি তোলে।
 
ফলাফল ঘোষণাৰ পাছত উল্লসিত হৈ পৰা বিনীতাই কয়, ‘মই নিজকে অতি সুখী অনুভৱ কৰিছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। এয়া মোৰ সৰ্বোত্তম অভিজ্ঞতা।’
 
মঞ্চত শক্তিশালী উপস্থিতি আৰু অনন্য নৃত্য শৈলীৰ বাবে পৰিচিত বিনীতাই ইয়াৰ পূৰ্বে চূড়ান্ত ৰাউণ্ডৰ পূৰ্বেও তেওঁৰ নৃত্যশৈলীৰে সকলোকে আচৰিত কৰি তুলিছিল। বিশ্বমঞ্চত বিনীতাৰ এই যাত্ৰাক অসম তথা উত্তৰ-পূবত বিশেষভাৱে উদযাপন কৰা হৈছে। অনুৰাগীয়ে তেওঁৰ দক্ষতা, মঞ্চৰ উজ্জীৱিত উপস্থিতি আৰু নম্ৰতাক প্ৰশংসা কৰিছে।
 
বিনীতা ছেত্ৰীৰ ঘৰ অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানত। ৰাজস্থানৰ জয়পুৰৰ মাই অ’ন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী বিনীতাই সৰুৰে পৰাই আনুষ্ঠানিক প্ৰশিক্ষণ লোৱাৰ পূৰ্বে ইউটিউব ভিডিঅ’ৰ পৰা নৃত্য প্ৰদৰ্শনৰ অনুকৰণ কৰি নৃত্যৰ প্ৰতি আকৰ্ষিত হৈছিল।