ইস্তানবুল
কীভে মস্কোৰ বিমানঘাটিসমূহক লক্ষ্য কৰি বৃহৎ ড্ৰ’ন আক্ৰমণ চলোৱাৰ এদিন পিছত ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰতিনিধি দলে সোমবাৰে তুৰস্কৰ চিৰাগান পেলেচত তিনি বছৰীয়া যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰয়াসত দুসপ্তাহৰ অলপ বেছি সময়ৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ প্ৰত্যক্ষ শান্তি আলোচনাত মিলিত হয়।
শান্তি আলোচনাত ৰাছিয়া আৰু ইউক্ৰেইনে যুদ্ধত নিহত ৬ হাজাৰ সৈনিকৰ মৃতদেহ বিনিময়ৰ বাবে সন্মতি প্ৰকাশ কৰিছে বুলি সংবাদ সংস্থাই বিষয়াসকলৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এই প্ৰত্যক্ষ শান্তি আলোচনা এঘণ্টাৰো অধিক সময় ধৰি চলিছিল।
ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ হেওৰহি টাইখভিয়ে ইউক্ৰেইনৰ দূতাবাসৰ হোৱাটছএপ গ্ৰুপত প্ৰকাশ কৰা বাৰ্তাত কোৱাৰ হৈছে যে প্ৰতিৰক্ষা মন্ত্ৰী ৰুষ্টেম উমেৰভে ইউক্ৰেইনৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে।
ইউক্ৰেইনৰ উমেৰভে বৈঠকৰ পিছত কয় যে গুৰুতৰভাৱে আহতসকল, আৰু যুৱক-যুৱতীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ যুদ্ধবন্দী (PoW) বিনিময়ৰ ওপৰত সহমতত উপনীত হৈছিল।
আলোচনাৰ সভাপতিত্ব কৰে তুৰস্কৰ বৈদেশিক মন্ত্ৰী হাকান ফিডানে। এই বৈঠকত তুৰস্কৰ চোৰাংচোৱা সংস্থাৰ বিষয়াসকলো উপস্থিত থাকে।
ইফালে লিথুৱেনিয়াৰ ভিলনিয়াছত ভাষণ দি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ'ল'দিমিৰ জেলেনস্কিয়ে কয় যে দুয়োপক্ষই “তুৰস্ক পক্ষৰ জৰিয়তে নথি-পত্ৰ বিনিময় কৰিছিল, আৰু আমি যুদ্ধবন্দীসকলক মুক্তি দিয়াৰ প্ৰস্তুতি চলাইছো।”
দুয়োখন দেশৰ উচ্চপদস্থ বিষয়াসকলৰ শেহতীয়া বক্তব্যই ইংগিত দিয়ে যে যুদ্ধ বন্ধ কৰাৰ মূল চৰ্তসমূহৰ ক্ষেত্ৰত তেওঁলোক বহু দূৰৈত আছে।
ইয়াৰ মাজতে যুদ্ধক্ষেত্রত তীব্ৰ যুদ্ধ অব্যাহত আছে; প্ৰায় ১০০০ কিলোমিটাৰ দৈৰ্ঘ্যলৈকে, দুয়োপক্ষই গভীৰ আক্ৰমণেৰে ইখনে সিখনৰ ভূখণ্ডত আঘাত হানিছে।
ইউক্ৰেইনৰ নিৰাপত্তা সেৱাই জনোৱা মতে, ১ জুন দেওবাৰে ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণত ৰাছিয়াৰ দূৰৱৰ্তী অঞ্চলত ৪০খনতকৈও অধিক ৰাছিয়াৰ বিমান ধ্বংস হয় আৰু তাৰ পিছত মস্কোৱে ইউক্ৰেইনক মিছাইল আৰু ড্ৰ’নেৰে আক্ৰমণ কৰে।
সোমবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, একেদিনাই ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই ৰাছিয়াৰ আঠটা অঞ্চলৰ লগতে সংযুক্ত ইউক্ৰেইনৰ ক্ৰিমিয়া উপদ্বীপৰ ওপৰেৰে নিক্ষেপ কৰা ১৬২খন ইউক্ৰেইনৰ ড্ৰ’ন নষ্ট কৰে।
ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, ৰাছিয়াই নিক্ষেপ কৰা ৮০খন ড্ৰ’নৰ ভিতৰত ৫২খন ড্ৰ’নৰ ক্ষতিসাধন কৰিছে ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষাই।
ইউক্ৰেইনৰ উত্তৰ-পূবৰ খাৰকিভ চহৰৰ এটা আৱাসিক চুবুৰীত আজি পুৱা দুটা বেলিষ্টিক ক্ষেপণাস্ত্ৰই আঘাত হানে আৰু এটাই এখন বিদ্যালয়ৰ ওচৰত আঘাত কৰে বুলি চহৰখনৰ মেয়ৰে জনায়।