ভাৰতলৈ অনুষ্ঠিত হ’বলগীয়া বাণিজ্যিক অভিযান স্থগিত কানাডাৰ

Story by  atv | Posted by  Munni Begum • 11 Months ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো
 
নতুন দিল্লী 
 
অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া ভাৰতলৈ কানাডাৰ বাণিজ্যিক অভিযান পিছুৱাই দিয়া হৈছে। কানাডাৰ বাণিজ্য মন্ত্ৰী মেৰী এন জিৰ মুখপাত্ৰ শান্তি কোচেন্টিনোৱে এই কথা নিশ্চিত কৰিছে।
 
মুখপাত্ৰজনে কোনো কাৰণ বিৱৰণ নিদিয়াকৈ কয়, "এই সময়ত, আমি ভাৰতলৈ আগন্তুক বাণিজ্য অভিযান স্থগিত ৰাখিছো।" অৱশ্যে চলিত মাহৰ আৰম্ভণিতে কানাডাই ভাৰতৰ সৈতে বাণিজ্য চুক্তিৰ আলোচনাত স্থবিৰতা ৰাখিছিল।
 
নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ মাজত হোৱা আলোচনাৰ কিছুদিন পিছতে এই কথা প্ৰকাশ পাইছে।
 
তেওঁলোকৰ আলোচনাৰ সময়ত, ১০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে কানাডাত উগ্ৰপন্থী উপাদানসমূহৰ ভাৰত বিৰোধী কাৰ্যকলাপ অব্যাহত ৰখাৰ বিষয়ে দিল্লীৰ তীব্ৰ উদ্বেগৰ প্ৰকাশ কৰা হয়। কিয়নো তেওঁলোকে বিচ্ছিন্নতাবাদক প্ৰচাৰ কৰি আছে আৰু ভাৰতীয় কূটনীতিবিদসকলৰ বিৰুদ্ধে হিংসা উচটনি দি তাত ভাৰতীয় সম্প্ৰদায়ক ভাবুকি প্ৰদান কৰিছে।
 
ট্ৰুডোৰ সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-কানাডাৰ সম্পৰ্কৰ অগ্ৰগতিৰ বাবে “পাৰস্পৰিক সন্মান আৰু বিশ্বাস”ৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সম্পৰ্ক অপৰিহাৰ্য বুলিও উল্লেখ কৰে। 
 
প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা আলোচনাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি ট্ৰুডোৱে কয় যে তেওঁৰ দেশখনে সদায় শান্তিপূৰ্ণ প্ৰতিবাদৰ স্বাধীনতা ৰক্ষা কৰিব। তেওঁ কয় যে কানাডাই সদায় মত প্ৰকাশৰ স্বাধীনতা, বিবেকৰ স্বাধীনতা আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ স্বাধীনতা ৰক্ষা কৰিব আৰু ই আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ