ৰাফেলৰ মডেল চুৰি কৰাৰ চেষ্টা চীনৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
ৰাফেলৰ মডেল চুৰি কৰাৰ চেষ্টা চীনৰ
ৰাফেলৰ মডেল চুৰি কৰাৰ চেষ্টা চীনৰ
 
নতুন দিল্লী
 
পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সেন্দুৰৰ সময়ত ভাৰতৰ ৰাফেল বিমানৰ শক্তি দেখি হতবাক হৈ আছে সমগ্ৰ বিশ্ব। এনে সময়তে ৰঙা চীনৰ এক কূটিল ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে।  শেহতীয়াকৈ গ্ৰীচত ৰাফেল নিৰ্মাণ কৰা কাৰখানাত গ্ৰেপ্তাৰ হৈছে ৪ গৰাকী চীনা চোৰাংচোৱা।
 
ৰাফেলৰ ভিতৰভাগৰ লগতে বাহ্যিক ভিন্ন অংশৰ ফটো তুলি থকাৰ সময়তে গ্ৰীচ সেনাই প্ৰথমে আটক কৰিছিল ৪ গৰাকী চীনা নাগৰিকক।
 
তাৰ পিছতে তেওঁলোকৰ ফোনসমূহ চোৱাৰ পাছতে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে। গ্ৰীচত নিৰ্মিত ভিন্ন হেলিকপ্টাৰ, যুদ্ধ বিমানৰ ফটো চীনলৈ প্ৰেৰণ কৰি আছিল এই ৪ গৰাকী চীনা নাগৰিকে।
 
গ্ৰীচ সেনাই সন্দেহ প্ৰকাশ কৰিছে যে, দেশখনত আৰু চীনা চোৰাংচোৱা ভিন্ন ৰূপত ঘূৰি আছে। এই ৪ গৰাকী লোকে প্ৰথমে পৰ্যটক হিচাপে গ্ৰীচত প্ৰৱেশ কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।