কেনবেৰা
পৃথিৱীৰ উত্তৰ গোলাৰ্ধত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে দক্ষিণ গোলাৰ্ধৰ দেশ অষ্ট্ৰেলিয়াত আৰম্ভ হৈছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ। জীৱন দুৰ্বিসহ কৰি তোলা গৰমৰ সমান্তৰালকৈ জ্বলি উঠিছে অৰণ্য। দাও দাওকৈ জ্বলি উঠিছে ভিক্টোৰিয়াৰ বহু এলেকা। ইতিমধ্যে ৩ লাখ হেক্টৰতকৈও অধিক বনাঞ্চল জুইত জাহ গৈছে। হাজাৰ হাজাৰ জীৱ-জন্তুৰ মৃত্যুৰ আশংকা কৰা হৈছে। ভস্মীভূত হৈছে ১১৯টা ঘৰ।
২০১৯-২০ বৰ্ষত অষ্ট্ৰেলিয়াৰ বিভিন্ন ৰাজ্যত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। নামি আহিছিল অমানিশা। অষ্ট্ৰেলিয়াত পুনৰ 'ব্লেক ছামাৰ'ৰ স্মৃতি ঘূৰি অহা বুলি আশংকা ব্যক্ত কৰিছে একাংশ লোকে। ভিক্টোৰিয়াৰ স্থানীয় প্ৰশাসনে জনোৱা মতে, শুকুৰবাৰৰ পৰা বনাঞ্চলত অগ্নিকাণ্ড সংঘটিত হৈছে। শতাধিক ঘৰ ভস্মীভূত হৈছে। ৩৮,০০০ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত বিদ্যুৎ সংযোগ বিছিন্ন হৈছে। জুই নিয়ন্ত্ৰণ কৰিবলৈ হাজাৰ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দিনে-ৰাতিয়ে কাম কৰি আছে।
অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ভিক্টোৰিয়াৰ ৬৭টা স্থানত অগ্নিকাণ্ড সংঘটিত হৈছে। ইয়াৰে ১০ টা নিয়ন্ত্ৰণৰ বাহিৰত। লংউড, ৰেভেনছউড আৰু ৱালোৱাৰ অধিকাংশ অঞ্চল ভস্মীভূত হৈছে। নতুনকৈ জুই বিয়পি পৰিছে গ্ৰেট ৱটোৱেত। কেপ অট'ৱে আৰু মেট'ছ ৰেষ্টৰ বাসিন্দাসকলক শীঘ্ৰে নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিছে দুৰ্যোগ মোকাবিলা বিভাগৰ মুৰব্বী টিম উইবুছে।
কান্ট্ৰী ফায়াৰ অথৰিটীৰ মুৰব্বী জেছন হেফাৰনানে কয় যে এই অগ্নিকাণ্ড কেতিয়া নিয়ন্ত্ৰিত হ'ব সেয়া এতিয়াও নিশ্চিত নহয়। তেওঁ কয় যে যোৱা ২৪ ঘণ্টাত কেইবাটাও অঞ্চলত নতুনকৈ অগ্নিকাণ্ড সংঘটিত হৈছে। সেয়ে ৰাজ্যবাসীক যিকোনো মুহূৰ্ততে আঁতৰি যোৱাৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে।
অগ্নিকাণ্ডৰ বাবে ভিক্টোৰিয়াৰ বহু পাৰ্ক আৰু কেম্পগ্ৰাউণ্ড বন্ধ কৰি দিয়া হৈছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি অ'লবানেজে দেশবাসীক সম্বোধন কৰি সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে ভিক্টোৰিয়াৰ বৃহৎ অংশক দুৰ্যোগপূৰ্ণ বুলি ঘোষণা কৰা হৈছে। এই কঠিন সময়ত, যিসকলে নিজৰ ঘৰ-বাৰী, পৰিয়াল হেৰুৱাইছে, তেওঁলোকৰ সৈতে সমগ্ৰ দেশ আছে।
আনহাতে, এই দুৰ্যোগৰ সময়ত অগ্নিনিৰ্বাপক বাহিনী, স্বেচ্ছাসেৱক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকলৰ সাহসিকতাক তেওঁ প্ৰশংসা কৰিছে।