নতুন দিল্লী
দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিলত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগে তাণ্ডৱ সৃষ্টি কৰিছে। দক্ষিণ-পূব ব্ৰাজিলত হোৱা ভয়াৱহ বানৰ বাবে মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই পৰ্যন্ত ৪৬ জন লোকৰ মৃত্যু হৈছে। বানৰ কবলত বহু লোক সন্ধানহীন হৈ পৰিছে। শ শ লোক ঘৰ এৰি যাবলৈ বাধ্য হৈছে।
দক্ষিণ-পূব ব্ৰাজিলৰ মিনাছ গেৰাইছ ৰাজ্যত হোৱা ভয়াৱহ বানপানীত মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বুলি বাতৰি প্ৰকাশ পাইছে। দক্ষিণ ব্ৰাজিল অঞ্চলত হোৱা প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ ফলত মৃত্যুৰ সংখ্যা ৪৬ লৈ বৃদ্ধি পাইছে। বতৰ বিজ্ঞানীসকলে সকীয়াই দিছে যে অহা কেইদিনমানৰ ভিতৰত এই অঞ্চলত আৰু অধিক বৰষুণৰ সম্ভাৱনা আছে।
ইফালে, মিনাছ গেৰাইছ ৰাজ্যত উদ্ধাৰ অভিযান অব্যাহত আছে, য’ত উদ্ধাৰ কৰ্মীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। দ্ৰুত গতিত চলি আছে উদ্ধাৰ অভিযান, ঘৰ-দুৱাৰ আৰু চহৰবোৰ বোকা আৰু ধ্বংসাৱশেষেৰে পোত গৈছে।
বুধবাৰে ব্ৰাজিলৰ অগ্নিনিৰ্বাপক বাহিনীয়ে সংশোধিত মৃত্যুৰ সংখ্যা প্ৰকাশ কৰি কয় যে এতিয়াও প্ৰায় ২১ জন লোক নিৰুদ্দেশ হৈ আছে।
বুধবাৰে ৰাজ্যখনৰ অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দক্ষিণ-পূব ব্ৰাজিলৰ মিনাছ গেৰাইছ ৰাজ্যত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬লৈ বৃদ্ধি পাইছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, প্ৰায় ১১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত জুইজ ডি ফ’ৰা আৰু উবা চহৰত বান আৰু ভূমিস্খলনৰ ফলত প্ৰায় ৩৬০০ লোক স্থানচ্যুত হোৱাৰ বিপৰীতে ২১ জন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে।