মধ্যপ্ৰাচ্যৰ যুদ্ধ সমাপ্তিৰ প্ৰয়াসত বাধাঃ ইছলামাবাদত অমীমাংসিত হৈ ৰ'ল ইৰান-আমেৰিকাৰ ঐতিহাসিক আলোচনা

Story by  atv | Posted by  [email protected] • 1 Months ago
মধ্যপ্ৰাচ্যৰ যুদ্ধ সমাপ্তিৰ প্ৰয়াসত বাধাঃ ইছলামাবাদত অমীমাংসিত হৈ ৰ'ল ইৰান-আমেৰিকাৰ ঐতিহাসিক আলোচনা
মধ্যপ্ৰাচ্যৰ যুদ্ধ সমাপ্তিৰ প্ৰয়াসত বাধাঃ ইছলামাবাদত অমীমাংসিত হৈ ৰ'ল ইৰান-আমেৰিকাৰ ঐতিহাসিক আলোচনা
 
নতুন দিল্লী
 
মধ্যপ্ৰাচ্যত চলি থকা বিধ্বংসী যুদ্ধৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে দীৰ্ঘদিনৰ মূৰত পাকিস্তানৰ ইছলামাবাদত এখন একেখন মেজতে মিলিত হৈছিল আমেৰিকা আৰু ইৰান। কিন্তু দুয়োপক্ষৰ মাজত হোৱা এই ঐতিহাসিক শান্তি আলোচনা কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈয়ে ব্যৰ্থ হয়। আমেৰিকা আৰু ইৰানৰ মাজৰ আলোচনা আমেৰিকাৰ "অযুক্তিকৰ দাবী"ৰ বাবেই স্তব্ধ হৈ পৰা বুলি দেওবাৰে ইৰানে প্ৰকাশ কৰে।
 
আনহাতে, আমেৰিকাৰ মতে ইৰানে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ পৰা বিৰত থকাৰ আমেৰিকান চৰ্ত মানি ল'বলৈ অস্বীকাৰ কৰিছে। ১৯৭৯ চনৰ পিছত হোৱা এই সৰ্বোচ্চ পৰ্যায়ৰ আলোচনাৰ ব্যৰ্থতাই এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি পুনৰবাৰ জটিল কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।
 
ইৰানৰ চৰকাৰী সম্প্ৰচাৰক IRIB-এ টেলিগ্ৰামত কয়, "ইৰানৰ জনসাধাৰণৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ বাবে ইৰানৰ প্ৰতিনিধি দলে একেৰাহে ২১ ঘণ্টা ধৰি নিৰৱচ্ছিন্নভাৱে আলোচনা চলাইছিল; ইৰানৰ ফালৰ পৰা বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰা স্বত্বেও, আমেৰিকাৰ অযুক্তিকৰ দাবীসমূহে এই আলোচনাৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিলে। যাৰ ফলত আলোচনাৰ অন্ত পৰিল।"
 
ইৰানৰ বৈদেশিক মন্ত্ৰ্যালয়ে কয় যে মাত্ৰ এখন বৈঠকতেই কোনো চুক্তিত উপনীত হ'ব পৰা যাব বুলি কোনেও আশা কৰা নাছিল। 'আই আৰ আই বি'ৰ মতে মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ইছমাইল বাকায়ে কয়, "স্বাভাৱিকতেই, মাত্ৰ এখন বৈঠকতে চুক্তিত উপনীত হোৱাৰ আশা আমি আৰম্ভণিৰে পৰা কৰা উচিত নাছিল। এনে আশা কাৰো নাছিল।" তেওঁ লগতে কয় যে তেহৰান নিশ্চিত যে "পাকিস্তান তথা অঞ্চলটোৰ আমাৰ আন আন মিত্ৰৰাষ্ট্ৰসমূহৰ সৈতে আমাৰ যোগাযোগ অব্যাহত থাকিব।"
 
ইৰানৰ অৰ্ধ-চৰকাৰী সংবাদ সংস্থা 'তাছনিম'য়ে প্ৰকাশ কৰা অনুসৰি, আমেৰিকাই যুদ্ধৰ জৰিয়তে যিবোৰ সুবিধা আদায় কৰিব নোৱাৰিলে, সেইবোৰ এই আলোচনাৰ জৰিয়তে বিচাৰিছিল। ইয়াৰ ভিতৰত আছিল হৰমুজ প্ৰণালীৰ নিয়ন্ত্ৰণ আৰু পাৰমাণৱিক সামগ্ৰী আঁতৰোৱাৰ বিষয়।
 
আমেৰিকাৰ প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰা দেশখনৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে ইছলামাবাদৰ পৰা তেওঁলোকৰ "চূড়ান্ত আৰু সৰ্বোত্তম প্ৰস্তাৱ" লৈ উভতিব বুলি কোৱাৰ ঠিক পিছতেই ইৰানৰ এই বিবৃতি প্ৰকাশ পায়। কেইবালানিও আলোচনাৰ অন্তত ভান্সে সাংবাদিকেৰ আগত কয়, "ইৰানে আমাৰ প্ৰস্তাৱ গ্ৰহণ কৰে নে নকৰে, সেয়া আমি চাম।" জে ডি ভান্সে কয় যে ইৰানে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাকে ধৰি আমেৰিকাই বান্ধি দিয়া চৰ্তসমূহ মানি নল'বলৈ সিদ্ধান্ত লৈছে।
 
"সাধাৰণ কথাটো হ'ল, আমি তেওঁলোকৰ পৰা এটা ইতিবাচক প্ৰতিশ্ৰুতি বিচাৰো যে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰ সন্ধান নকৰে আৰু তেওঁলোকে এনে কোনো আহিলা নিবিচাৰে যিয়ে তেওঁলোকক দ্ৰুতগতিত পাৰমাণৱিক অস্ত্ৰ লাভ কৰাত সহায় কৰিব পাৰে," তেওঁ কয়।
 
লগতে তেওঁ কয়, "আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এয়াই মূল লক্ষ্য। আৰু এই আলোচনাৰ জৰিয়তে আমি তাকেই অৰ্জন কৰিবলৈ চেষ্টা কৰিছোঁ। বেয়া খবৰটো হ'ল আমি কোনো চুক্তিত উপনীত হ'ব নোৱাৰিলোঁ আৰু মই ভাবো যে এইটো আমেৰিকাতকৈ ইৰানৰ বাবে বহুত বেছি বেয়া খবৰ।" তেওঁ কয় যে আমেৰিকাই নিজৰ "লক্ষ্মণ ৰেখা অতি স্পষ্ট কৰি দিছে।"
 
আলোচনাৰ সময়ছোৱাত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে "ছবাৰমান" কথা পতা বুলিও ভান্সে উল্লেখ কৰে। এক দশকতকৈও অধিক সময়ৰ পিছত এয়া আছিল আমেৰিকা আৰু ইৰানৰ মাজত প্ৰথমখন প্ৰত্যক্ষ বৈঠক আৰু ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত হোৱা সৰ্বোচ্চ পৰ্যায়ৰ আলোচনা।
 
আমেৰিকাৰ দলটোক নেতৃত্ব দিছিল ভান্স, বিশেষ দূত ষ্টিভ উইটকফ আৰু ট্ৰাম্পৰ জোঁৱায়েক জেৰেড কুশনাৰে। আনহাতে ৭১ জনীয়া ইৰানৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছিল সংসদৰ অধ্যক্ষ মহম্মদ বাকেৰ কালিবফ আৰু বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘচিয়ে। পূৰ্বৰ পৰম্পৰা ভংগ কৰি দুয়োপক্ষই মধ্যস্থতাকাৰীৰ সহায় নোলোৱাকৈ পাকিস্তানী বিষয়াসকলৰ উপস্থিতিত প্ৰত্যক্ষভাৱে বৈঠকত মিলিত হৈছিল।
 
উল্লেখ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ সেনাই ইৰাণত আক্ৰমণ চলাই ইৰানৰ সৰ্বোচ্চ নেতা আলী খামেনেই আৰু অন্যান্য শীৰ্ষ নেতাসকলক হত্যা কৰাৰ লগে লগে মধ্যপ্ৰাচ্যত এই যুদ্ধৰ সূত্ৰপাত হৈছিল।
 
ইয়াৰ প্ৰত্যুত্তৰত ইৰানে ইজৰাইল আৰু উপসাগৰীয় দেশসমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহত আক্ৰমণ চলায়। ইজৰাইল আৰু আমেৰিকায়ো ইৰানৰ বিভিন্ন স্থানত আক্ৰমণ অব্যাহত ৰাখে। অৱশেষত এই মঙলবাৰে ড’নাল্ড ট্ৰাম্পে দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰে। এই যুদ্ধত এতিয়ালৈকে সমগ্ৰ মধ্যপ্ৰাচ্যত হাজাৰ হাজাৰ লোকৰ প্ৰাণহানি হৈছে।