নতুন দিল্লী
ৰাষ্ট্ৰসংঘৰ স্থায়ী ৰাষ্ট্ৰদূত পাৰ্বথানেনী হৰিছে মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে সীমা অতিক্ৰম কৰি আগ্ৰাসন অব্যাহত ৰখা কাৰ্যৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনা কৰে আৰু উল্লেখ কৰে যে ইছলামবাদে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাৰ বাবে কঠোৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত ‘ৰাষ্ট্ৰসংঘ আৰু চনদৰ উদ্দেশ্য আৰু নীতিসমূহ ৰক্ষা কৰা আৰু ৰাষ্ট্ৰসংঘকেন্দ্ৰিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী কৰা’ সম্পৰ্কীয় বৈঠকত ভাষণ দি তেওঁ এই মন্তব্য কৰে।
ৰাষ্ট্ৰদূত হৰিশ পাৰ্বথানেনীয়ে আলোকপাত কৰে যে পাকিস্তানে কেনেকৈ ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদ, সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদ আৰু হিংসাত্মক উগ্ৰবাদৰ কু-শক্তিৰ আশ্ৰয় আৰু ব্যৱহাৰ অবিৰতভাৱে অব্যাহত ৰাখিছে ৷ ভাৰতৰ এনে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ পৰা নিজকে ৰক্ষা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে বুলিও তেওঁ উল্লেখ কৰে।
"পাকিস্তানে মানি ল'ব লাগিব যে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতাৰ পৰিণতি আছে । পাকিস্তানে সন্ত্ৰাসবাদ, ধৰ্মীয় উগ্ৰবাদ, হিংসাত্মক উগ্ৰবাদ আৰু ভাৰত বিৰোধী বাক্যবাণৰ কু-অভিপ্ৰায়ৰ শক্তিক ব্যৱহাৰ কৰাটো ইয়াৰ গঠনৰ পিছৰে পৰা অবিৰতভাৱে অব্যাহত আছে।" তেওঁ পাকিস্তানৰ ‘ভাৰতত আক্ৰমণ কৰা’ নীতিক তীব্ৰ সমালোচনা কৰি ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰতি ইছলামবাদৰ ফোপোলা দায়বদ্ধতাক কেনেদৰে উন্মোচন কৰে তাৰ দৃষ্টিগোচৰ কৰে।
"পাকিস্তানে কেইবাখনো যুদ্ধ চলাই ভাৰতৰ বিৰুদ্ধে অপ্ৰৰোচিত আগ্ৰাসন চলাই আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ অবিৰত পৃষ্ঠপোষকতাৰ জৰিয়তে সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ নীতি উলংঘা কৰিছে । পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ ব্যৱহাৰ আৰু ভাৰতত ৰক্তক্ষয়ী কৰা মতবাদে ইয়াৰ ফোপোলা স্বৰূপ উদঙাই দিয়ে ৷ পাকিস্তানক সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন শেষ কৰাৰ বাবে তেওঁ পুনৰবাৰ আহ্বান জনায়।
শেহতীয়াকৈ পাকিস্তানে মঙলবাৰে কৰা এক ভিত্তিহীন আৰু অযুক্তিকৰ মন্তব্যৰ পিছতে ৰাষ্ট্ৰদূত পাৰ্বথানেনীয়ে এই মন্তব্য কৰে । ভাৰতে মঙলবাৰে চীন আৰু পাকিস্তানে জাৰি কৰা এক যৌথ বিবৃতিত জম্মু-কাশ্মীৰৰ উল্লেখক তীব্ৰভাৱে নাকচ কৰি কয় যে “জম্মু-কাশ্মীৰ আৰু লাডাখ দেশখনৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ” আৰু একে বিষয়ত মন্তব্য কৰাৰ আন কোনো দেশৰ নাই।
চীন আৰু পাকিস্তানৰ যুটীয়া বিবৃতিত ভাৰতীয় কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ উল্লেখ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰতৰ স্থিতি সামঞ্জস্যপূৰ্ণ আৰু সংশ্লিষ্ট পক্ষৰ বাবে সুপৰিচিত।
‘‘চীন আৰু পাকিস্তানৰ যুটীয়া বিবৃতিত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ অযুক্তিকৰ উল্লেখ ভাৰতে কঠোৰভাৱে নাকচ কৰিছে । ভাৰতৰ স্থিতি সামঞ্জস্যপূৰ্ণ আৰু সংশ্লিষ্ট পক্ষৰ বাবে সুপৰিচিত । জম্মু আৰু কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ অভিন্ন আৰু অবিচ্ছেদ্য অংশ হৈ আহিছে, আছে আৰু থাকিব । একে কথাৰ ওপৰত মন্তব্য দিবলৈ আন কোনো দেশৰ অধিকাৰ নাই ৷’’ তেওঁ কয়।
তেওঁ কয় যে ভাৰতৰ ভূখণ্ডৰ অখণ্ডতাক প্ৰভাৱিত কৰি পাকিস্তানে অবৈধভাৱে ভূখণ্ড দখল কৰাটো শক্তিশালী কৰাৰ বাবে আন দেশৰ যিকোনো পদক্ষেপ ভাৰতে নাকচ কৰে।
‘‘তথাকথিত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি) প্ৰকল্পৰ সন্দৰ্ভত, যাৰ কিছুমান ভাৰতৰ সাৰ্বভৌম ভূখণ্ডত আছে, ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক প্ৰভাৱিত কৰি পাকিস্তানে এই ভূখণ্ডসমূহ অবৈধ আৰু বলপূৰ্বকভাৱে দখল কৰাটো শক্তিশালী বা বৈধতা প্ৰদানৰ বাবে আন দেশৰ যিকোনো পদক্ষেপৰ আমি দৃঢ়তাৰে বিৰোধিতা আৰু নাকচ কৰোঁ ৷’’ জয়ছৱালে কয়।
তেওঁ লগতে কয় যে এই কথা পাকিস্তান আৰু চীন কৰ্তৃপক্ষক কেইবাবাৰো স্পষ্টভাৱে জনোৱা হৈছে । ৰাষ্ট্ৰসংঘৰ বিতৰ্কত ৰাষ্ট্ৰদূতগৰাকীয়ে আলোকপাত কৰে যে কেনেকৈ স্বাধীন ভাৰতে সীমা অতিক্ৰম কৰি পাকিস্তানৰ আগ্ৰাসনৰ সৈতে যুঁজি নিজৰ জীৱন আৰম্ভ কৰিছিল, যিয়ে তেওঁলোকৰ সম্পূৰ্ণ, আইনী আৰু অপ্ৰত্যাহাৰযোগ্য যোগদানৰ ফলত ভাৰতৰ অংশ হৈ পৰা ভাৰতীয় ভূখণ্ডসমূহৰ ওপৰত নজৰ দিছিল।