ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ; ক্ষতিগ্ৰস্ত ভাৰতে নিৰ্মাণ কৰা ছাবহাৰ বন্দৰ

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ইৰানৰ উপকূলীয় অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই এক বৃহৎ সামৰিক অভিযান চলোৱাৰ খবৰ পোৱা গৈছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ তথ্য অনুসৰি, এই অভিযানত ইৰানৰ প্ৰায় ৯০টা সামৰিক ঘাটিত আঘাত কৰা হৈছে। ইয়াৰ ভিতৰত বিমান প্ৰতিৰক্ষা ব্যৱস্থা, ক্ষেপণাস্ত্ৰ ঘাটি, ড্ৰোন সংৰক্ষণ কেন্দ্ৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ সামৰিক ক্ষেত্ৰ অন্তৰ্ভুক্ত আছিল বুলি জানিব পৰা গৈছে।
 
এই আক্ৰমণৰ ফলত ইৰানৰ গুৰুত্বপূৰ্ণ বন্দৰ চহৰ ছাবহাৰো ক্ষতিগ্ৰস্ত হোৱা বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে। খবৰ অনুসৰি, ভাৰতৰ সহায়ত নিৰ্মাণ কৰা ছাবহাৰ বন্দৰৰ মেৰিটাইম ট্ৰেফিক কণ্ট্ৰ’ল টাৱাৰতো বোমা নিক্ষপ কৰা হৈছে। ছাবহাৰ বন্দৰ ভাৰতৰ বাবে এক অতি গুৰুত্বপূৰ্ণ কৌশলগত বিনিয়োগ। এই বন্দৰৰ জৰিয়তে ভাৰতে ইৰানৰ পথ ব্যৱহাৰ কৰি আফগানিস্তান আৰু মধ্য এছিয়াৰ দেশসমূহৰ সৈতে সংযোগ স্থাপন কৰে। পাকিস্তানৰ ওপৰত নিৰ্ভৰ নকৰাকৈ মধ্য এছিয়ালৈ যাতায়াতৰ বিকল্প পথ হিচাপে ছাবহাৰ বন্দৰ ভাৰতৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ।
 
আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে বন্দৰটোৰ সম্ভাব্য ক্ষয়ক্ষতিৰ মূল্যায়ন আৰম্ভ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, ঘটনাস্থলীত পৰীক্ষা কৰাৰ পিছতহে বন্দৰটোৰ প্ৰকৃত ক্ষতিৰ ছবি স্পষ্ট হ’ব। এই ঘটনাই নতুন দিল্লীৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে, কাৰণ ছাবহাৰ প্ৰকল্প ভাৰতৰ আঞ্চলিক সংযোগ, বাণিজ্যিক স্বাৰ্থ আৰু কৌশলগত পৰিকল্পনাৰ সৈতে গভীৰভাৱে জড়িত।
 
ইফালে, আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰানৰ বিভিন্ন অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ছাবহাৰ আৰু ইয়াৰ কাষৰীয়া কোনাৰক অঞ্চলত একাধিক বিস্ফোৰণৰ শব্দ শুনা গৈছে। আক্ৰমণৰ পাছতে ছাবহাৰত বিদ্যুৎ সেৱাও সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে বুলি খবৰ পোৱা গৈছে।
 
কেৱল ছাবহাৰেই নহয়, ইৰানৰ আন এক গুৰুত্বপূৰ্ণ বন্দৰ চহৰ বন্দৰ আব্বাছতো ব্যাপক আক্ৰমণ চলোৱা হৈছে। ইৰানৰ চৰকাৰী টিভিৰ তথ্য অনুসৰি, মাজনিশা বন্দৰ আব্বাছৰ পূব অঞ্চলত আঠটাকৈ বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ উপৰি গোলাস্তান প্ৰদেশৰ এখন ৰে’লৱে দলঙতো আক্ৰমণ চলোৱা হৈছে বুলি প্ৰকাশ পাইছে।
 
এই সামৰিক সংঘাতে পশ্চিম এছিয়াৰ নিৰাপত্তা পৰিস্থিতি অধিক জটিল কৰি তুলিছে। বিশেষকৈ ছাবহাৰ বন্দৰৰ ক্ষতিৰ খবৰে ভাৰতৰ কৌশলগত স্বাৰ্থত নতুন অনিশ্চয়তাৰ সৃষ্টি কৰিছে।