হানয়/নতুন দিল্লী
ভিয়েটনামৰ জনপ্ৰিয় পৰ্যটনস্থলী ফু কুৱক (Phu Quoc) দ্বীপৰ ওচৰত শনিবাৰে সংঘটিত এক ভয়ংকৰ স্পিডব'ট দুৰ্ঘটনাত কমেও ১৫ জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হয়। আন ২১ জনক জীৱিত উদ্ধাৰ কৰা হয় যদিও তেওঁলোকৰ ভিতৰত কেইবাজনো আঘাতপ্ৰাপ্ত হৈ হৈ আছে। ভিয়েটনামৰ স্থানীয় কৰ্তৃপক্ষই ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে।
ভিয়েটনামৰ সংবাদ মাধ্যম VN Express International-ৰ খবৰ অনুসৰি, স্পিডব'টখনত ৩২ জন ভাৰতীয় পৰ্যটক আৰু চাৰিজন কৰ্মচাৰী আছিল। নাওখন ফু কুৱকৰ অন থই (An Thoi) দ্বীপপুঞ্জৰ অন্তৰ্গত হন মাই ৰুট ন্গোৱাই (Hon May Rut Ngoai) দ্বীপৰ পৰা অন থই বন্দৰলৈ (An Thoi Port) আহি থকা অৱস্থাত দ্বীপটোৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত উলটি যায়। সেই সময়ত সাগৰত শক্তিশালী ঢৌ আৰু বতাহ চলি থকাৰ ফলত উদ্ধাৰ অভিযান জটিল হৈ পৰে।
প্ৰত্যক্ষদৰ্শীসকলৰ মতে, নাওখন উলটি যোৱাৰ পিছত বহু যাত্ৰী ভিতৰত আবদ্ধ হৈ পৰিছিল। ওচৰত থকা আন পৰ্যটকবাহী নাওসমূহে প্ৰথমে উদ্ধাৰ অভিযান আৰম্ভ কৰে। পিছত সীমান্তৰক্ষী বাহিনী, উপকূলৰক্ষী বাহিনী আৰু অন্যান্য উদ্ধাৰকাৰী সংস্থা ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়।
স্থানীয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি, উদ্ধাৰ কৰা ২১ জনৰ ভিতৰত কেইবাজনো আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।
নতুন দিল্লীৰ এ পি ভৱনত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ বিশেষ আয়ুক্ত তথা বিশেষ প্ৰতিনিধি ড০ আৰ্জা শ্ৰীকান্তৰ মতে, ভিয়েটনাম কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাত ১৫ জন ভাৰতীয় পৰ্যটক — ১৩ জন পুৰুষ আৰু দুগৰাকী মহিলা — মৃত্যু হোৱাৰ বিপৰীতে ১৭ জন যাত্ৰী আৰু চাৰিজন ক্ৰু সদস্যকে ধৰি ২১ জন লোকক উদ্ধাৰ কৰা হৈছে।
জীৱিত দুজন লোকৰ অৱস্থা সংকটজনক হৈ আছে আৰু তেওঁলোকে চিকিৎসাধীন হৈ আছে বুলিও তেওঁ কয়।
ড০ শ্ৰীকান্তে লগতে কয় যে অনুসন্ধান আৰু উদ্ধাৰ অভিযান সমাপ্ত হৈছে আৰু ভিয়েটনাম কৰ্তৃপক্ষই দুৰ্ঘটনাটোৰ সবিশেষ তদন্ত আৰম্ভ কৰিছে। প্ৰতিকূল বতৰ, ৰুক্ষ সাগৰৰ পৰিস্থিতি বা সম্ভাৱ্য যান্ত্ৰিক বিজুতি কাৰণ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে।
এই দুৰ্ঘটনাৰ পিছতে হানয়স্থিত ভাৰতীয় দূতাবাসে এক বিবৃতিত কয় যে, ফু কুৱক দ্বীপৰ ওচৰত ভাৰতীয় পৰ্যটক কঢ়িয়াই নিয়া এখন স্পিডব'ট উলটি যোৱাৰ ঘটনাৰ সঠিক তথ্য সংগ্ৰহ কৰি থকা হৈছে। স্থানীয় কৰ্তৃপক্ষই অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে হো চি মিন চিটিস্থ ভাৰতীয় কনছুলেট জেনেৰেল আৰু হানয়স্থিত ভাৰতীয় দূতাবাসত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। দূতাবাসে যিকোনো সহায় আৰু তথ্যৰ বাবে যোগাযোগ কৰিবলৈও আহ্বান জনাইছে।
পিছত দূতাবাসে চৰকাৰী সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত স্পিডব'টখনত থকা ৩২ জন ভাৰতীয় পৰ্যটকৰ নামৰ তালিকাও প্ৰকাশ কৰে। দূতাবাসে জনায় যে, নিহত আৰু আহতসকলৰ সম্পৰ্কে অধিক তথ্য সংগ্ৰহ কৰি থকা হৈছে আৰু নতুন তথ্য লাভ হ'লেই জনসাধাৰণক অৱগত কৰা হ'ব।
দুৰ্ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। এক্সত দিয়া বাৰ্তাত তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে কয় যে, "এই কঠিন সময়ত ভাৰত চৰকাৰে ক্ষতিগ্ৰস্তসকললৈ সকলোধৰণৰ সম্ভৱ সহায় আগবঢ়াইছে। ভাৰতীয় দূতাবাসৰ বিষয়াসকলেও ঘটনাস্থলীত স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে।"
ইফালে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও দুৰ্ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰে। এক্সত কৰা এক পোষ্টত তেওঁ কয়, "ভিয়েটনামত সংঘটিত নাও দুৰ্ঘটনাত বহু ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱাৰ খবৰ পাই গভীৰভাৱে শোকাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ।"
উল্লেখ্য যে, ফু কুৱক ভিয়েটনামৰ অন্যতম জনপ্ৰিয় সমুদ্ৰ পৰ্যটনস্থলী। ইয়াৰ দ্বীপসমূহলৈ স্পিডব'টযোগে দৈনিক বহু দেশী-বিদেশী পৰ্যটকে ভ্ৰমণ কৰে। এই শোকাবহ দুৰ্ঘটনাৰ পিছত ভিয়েটনাম চৰকাৰে ঘটনাটোৰ পূৰ্ণাংগ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে পৰ্যটকবাহী নাওসমূহৰ সুৰক্ষা ব্যৱস্থা পুনৰীক্ষণ কৰাৰ কথাও ঘোষণা কৰিছে।