লাহোৰ
ছ’চিয়েল মিডিয়াত “উগ্ৰপন্থী” আৰু সমালোচকসকলৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ ফলত পাকিস্তানৰ পাঞ্জাব প্ৰদেশ চৰকাৰে ৰাজধানী লাহোৰৰ বহুতো পথ আৰু অঞ্চলৰ বিভাজনৰ পূৰ্বৰ হিন্দু আৰু ব্ৰিটিছ যুগৰ নাম পুনৰ স্থাপন কৰাৰ সিদ্ধান্ত স্থগিত ৰাখিছে বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। মাৰ্চ মাহত মৰিয়ম নাৱাজ নেতৃত্বাধীন পাঞ্জাব চৰকাৰে লাহোৰৰ কেইবাটাও ঐতিহাসিক পথ আৰু অঞ্চলক পুৰণি নাম ঘূৰাই দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু পিএমএল(এন) দলৰ প্ৰধান নাৱাজ শ্বৰীফৰ অধ্যক্ষতাত গঠিত আৰু পাঞ্জাবৰ মুখ্যমন্ত্ৰী মৰিয়ম নাৱাজৰ সমৰ্থনপ্ৰাপ্ত লাহোৰ হেৰিটেজ এৰিয়াজ ৰিভাইভেল (LHAR)-এ ১৬ মাৰ্চত লাহোৰৰ কেইবাটাও পথ, বজাৰ আৰু চুবুৰীৰ ঐতিহাসিক নাম পুনৰুদ্ধাৰ কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি এই প্ৰস্তাৱটো চহৰখনৰ স্থাপত্য আৰু সাংস্কৃতিক উত্তৰাধিকাৰ সংৰক্ষণৰ লক্ষ্যৰে বহু কোটি টকাৰ প্ৰকল্প বৃহত্তৰ লাহোৰ অথৰিটি ফৰ হেৰিটেজ ৰিভাইভেলৰ অংশ আছিল। মে’ মাহত মৰিয়ম নাৱাজৰ নেতৃত্বাধীন পঞ্জাৱ কেবিনেটে এই নাম সলনি প্ৰকল্পত অনুমতি দিছিল।
কিন্তু হিন্দু আৰু শিখ মূলৰ নামলৈ ঘূৰি অহাৰ বাবে উগ্ৰপন্থী আৰু ছ’চিয়েল মিডিয়া ভ্লগাৰৰ বিৰোধিতাৰ সন্মুখীন হৈ লাহোৰৰ কৰ্তৃপক্ষই এই পদক্ষেপ স্থগিত ৰাখিছে। সোমবাৰে পাকিস্তানী দৈনিক ডনৰ প্ৰশ্নৰ উত্তৰত লাহোৰৰ উপায়ুক্ত কেপ্তেইন (অৱসৰপ্ৰাপ্ত) মহম্মদ আলী ইজাজে কয় যে “এতিয়ালৈকে এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই”।
সংবাদ সংস্থা পিটিআইক এক চৰকাৰী সূত্ৰই জনোৱা মতে, চৰকাৰে “হিন্দু আৰু শিখ” নাম পুনৰুজ্জীৱিত কৰাৰ অভিযোগ উত্থাপন কৰি ছ’চিয়েল মিডিয়াত “উগ্ৰপন্থী উপাদান” আৰু ভ্লগাৰৰ সমালোচনাই প্ৰশাসনক প্ৰতিৰক্ষামূলক দিশলৈ ঠেলি দিয়ে। ডনে বাতৰি প্ৰকাশ কৰিছে যে, “... ভ্লগাৰকে ধৰি কিছুমান উগ্ৰপন্থীয়ে এই সিদ্ধান্তক ধৰ্মীয় ৰং দি মুখ্যমন্ত্ৰী মৰিয়মৰ বিৰুদ্ধে যুঁজিছে।” বাতৰি কাকতখনে সূত্ৰৰ উদ্ধৃতিৰে জনোৱা মতে, সমালোচকসকলে চৰকাৰৰ সিদ্ধান্তক ধৰ্মীয় ৰং দিয়াৰ লগে লগে মৰিয়ম নাৱাজ প্ৰশাসন বিপদত পৰিছে আৰু প্ৰতিক্ৰিয়া ৰোধ কৰিবলৈ সিদ্ধান্তটোত পিছুৱাই দিছে।
মাৰ্চ মাহত শ্বৰীফ আৰু মৰিয়ামৰ মাজত হোৱা বৈঠকত সমগ্ৰ লাহোৰত বিভাজনৰ পূৰ্বৰ কেইবাটাও নাম পুনৰ প্ৰতিষ্ঠা কৰাৰ এক ব্যাপক পৰিকল্পনাত অনুমোদন জনোৱা হয়। এই প্ৰস্তাৱৰ অধীনত ফাতিমা জিন্না ৰোড কুইনছ ৰোডলৈ ঘূৰি আহিব, আনহাতে আল্লামা ইকবাল ৰোড পুনৰ জেইল ৰোডলৈ পৰিণত হ’ব লাগিছিল। একেদৰে বিভাজনৰ পিছত কৃষণ নগৰৰ নামেৰে নামাকৰণ কৰা ইছলামপুৰাই পুনৰ মূল নাম লাভ কৰাৰ বিপৰীতে মৌলানা জাফৰ আলী খান চকক পুনৰ লক্ষ্মী চকলৈ নামাকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। আন পৰিকল্পিত পুনৰ ঘূৰাই অনা নামৰ ভিতৰত আছিল মুস্তাফাবাদক ধৰ্মপুৰা, হামিদ নিজামী পথৰ পৰা টেম্পল ষ্ট্ৰীট, আৰু বাবৰি মছজিদ চকক জৈন মন্দিৰ ৰোডলৈ পুনৰুদ্ধাৰ কৰা।
বিভাজনৰ পাছতো পাকিস্তানৰ বিভিন্ন চৰকাৰে আনুষ্ঠানিকভাৱে নাম সলনি কৰাৰ পাছতো বহু ঔপনিৱেশিক আৰু হিন্দু যুগৰ নাম ৰাজহুৱা স্মৃতিত জীয়াই আছে। কৰাচীৰ ইতিহাসবিদ ইয়াকুব খান বাংগাছে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক জনোৱা মতে, ১৯৪৭ চনৰ পিছত কৰাচীৰ দৰে চহৰত দেখা পোৱা ধৰণৰ “মতাদৰ্শগত প্ৰব্ৰজন” লাহোৰত কেতিয়াও দেখা নাছিল। ফলত লাহোৰৰ পুৰণি অভিজাত শ্ৰেণীয়ে চহৰখনৰ বহুসংস্কৃতি আৰু বহুধৰ্মীয় অতীতৰ প্ৰতি গৌৰৱ বজাই ৰাখিছিল।
উগ্ৰপন্থীসকলৰ সমালোচনাৰ পিছত LHRA-এ ইতিহাসবিদ, পণ্ডিত, স্থপতিবিদ, নগৰ পৰিকল্পনাকাৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক লৈ এক আলোচনা আহ্বান কৰি সমগ্ৰ লাহোৰৰ পথ, ৰাস্তা আৰু চুবুৰীৰ মূল নাম পুনৰুদ্ধাৰ কৰাৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰে বুলি বাতৰি সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে।