কৌশলগত অংশীদাৰিত্ব পৰ্যালোচনা কৰিবলৈ UAE ত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

Story by  atv | Posted by  [email protected] • 1 d ago
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
 
আবু ধাবি (ইউ এ ই)
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰ শনিবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ (UAE) আবু ধাবিত উপস্থিত হয়। জয়শংকৰ ১১-১২ এপ্ৰিললৈকে এক চৰকাৰী ভ্ৰমণসূচীৰে ইউ এ ইত থাকিব আৰু দুয়োখন দেশৰ মাজত থকা নিবিড় সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে 'বিস্তৃত কৌশলগত অংশীদাৰিত্ব' অধিক শক্তিশালী কৰিবলৈ ইউ এ ইৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব।
 
শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ মাজত ভাৰতৰ শক্তি সুৰক্ষা (Energy Security) সুদৃঢ় কৰাৰ লক্ষ্যৰে জয়শংকৰ আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে উপসাগৰীয় দেশসমূহ ভ্ৰমণ কৰিছে।
 
পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়ন সন্দৰ্ভত আয়োজিত এক আন্তঃমন্ত্রণালয়ৰ সংবাদ মেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰতৰ শক্তি অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ আৰু ইন্ধনৰ সুস্থিৰ যোগান নিশ্চিত কৰিবলৈ এই ভ্ৰমণসূচী হাতত লোৱা হৈছে।
 
জয়ছোৱালে কয়, "প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত আমাৰ মন্ত্ৰীসকলে শক্তি সুৰক্ষা শক্তিশালী কৰিবলৈ উপসাগৰীয় দেশসমূহ ভ্ৰমণ কৰিছে। আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী বৰ্তমান মৰিছাছ ভ্ৰমণত আছে, তাৰ পৰাই তেওঁ ২০২৬ চনৰ ১১ আৰু ১২ এপ্ৰিলত ইউ এ ইলৈ যাব। তেওঁ ভাৰত-ইউ এ ইৰ সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ ইউ এ ইৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ব।"
 
তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে নিজৰ চুবুৰীয়া দেশসমূহকো শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত সহায় অব্যাহত ৰাখিছে। ইয়াৰ উদাহৰণ স্বৰূপে তেওঁ জনায় যে দুই সপ্তাহ পূৰ্বে শ্ৰীলংকালৈ ৩৮ মেট্ৰিক টন পেট্ৰ’লিয়াম সামগ্ৰী প্ৰেৰণ কৰা হৈছে।
 
মুখপাত্ৰগৰাকীয়ে লগতে কয়, "আমি আমাৰ নিজৰ শক্তি সুৰক্ষা শক্তিশালী কৰাৰ লগতে চুবুৰীয়া দেশসমূহৰ অনুৰোধমৰ্মে তেওঁলোকৰ ইন্ধনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সহায় আগবঢ়াই আহিছোঁ। আমি দুই সপ্তাহ আগতে শ্ৰীলংকালৈ ৩৮ মেট্ৰিক টন পেট্ৰ’লিয়াম সামগ্ৰী যোগান ধৰিছোঁ।"
 
জয়ছোৱালে লগতে জানিবলৈ দিয়ে যে তেল আৰু গেছ যোগানৰ বাবে মৰিছাছ চৰকাৰৰ সৈতে ভাৰতে এখন দ্বিপাক্ষিক চুক্তি চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া চলাই আছে। এই চুক্তিয়ে দ্বীপ ৰাষ্ট্ৰখনৰ শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।