মধুমেহ, মেদবহুলতাত আক্রান্তই নাপাব মাৰ্কিন ভিছা

Story by  atv | Posted by  [email protected] • 2 h ago
মধুমেহ, মেদবহুলতাত আক্রান্তই নাপাব মাৰ্কিন ভিছা
মধুমেহ, মেদবহুলতাত আক্রান্তই নাপাব মাৰ্কিন ভিছা
 
আমেৰিকা যুক্তৰাষ্ট্ৰ
 
আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণত বাধাগ্রস্ত হ'ব মেদবহুলতা আৰু মধুমেহ ৰোগত আক্রান্ত বিদেশী পর্যটক। অর্থাৎ অতি শকত আৰু ডায়েবেটিছত আক্রান্তসকলে যাতে আমেৰিকালৈ আহিবলৈ মার্কিন মিছা লাভ নকৰে তাৰ বাবে ব্যৱস্থা লৈছে। মার্কিন ভিছা লাভত নিষেধাজ্ঞা আৰোপ কৰি ট্রাম্প প্রশাসনে জাননী জাৰি কৰা কাৰ্যই বিতৰ্কৰ সৃষ্টি কৰিছে।
 
জাননীখনত কোৱা হৈছে যে এনেধৰণৰ অসুখৰ সমস্যা থকা বিদেশী পৰ্যটকৰ ক্ষেত্ৰত এই কথা ধৰি লোৱা হ'ব যে তেওঁলোকে মার্কিন সম্পদৰ অপচয় কৰিব পাৰে। এতিয়াৰ পৰা ভিছা লাভৰ বাবে আক্রান্ত হৈ থকা অসুখ, ছিটা গ্ৰহণৰ ইতিহাস, মানসিক স্বাস্থ্য আদিৰ তথ্যৰ প্ৰয়োজন হয়।
 
এইবোৰৰ লগতে গাইডলাইন পৰিবৰ্তন কৰি কোৱা হৈছে যে আবেদনকাৰীৰ স্বাস্থ্যৰ কথা অৱশ্যেই বিবেচনা কৰা হ'ব। লগতে হৃদৰোগ, শ্বাসৰোগ, কর্কট, মধুমেহ, বিপাকীয় ৰোগ, স্নায়ৱিক ৰোগ আৰু মানসিক অসুখ আছে নেকি সেয়া পৰীক্ষা কৰি চোৱা হ'ব। এইধৰণৰ অসুখৰ চিকিৎসাৰ বাবে লাখ লাখ মূল্যৰ সেৱাৰ প্রয়োজন হয়। ভিছা আবেদনকাৰীসকলে এই ধৰণৰ চিকিৎসাৰ ব্যয় বহনৰ অর্থনৈতিক সমর্থন আছে নে নাই সেয়াও পৰীক্ষা কৰি চাব ভিছা প্ৰদান কৰা কর্তৃপক্ষই।
 
উল্লেখনীয় যে ইতিপূর্বে মার্কিন ভিছাৰ খৰচ পূর্বতকৈ যথেষ্ট বৃদ্ধি কৰা হৈছে। যোৱা জুলাই মাহত মার্কিন ভিছাত 'ইন্টিগ্রিটি ফী' যুক্ত হৈছে। ভিছা আবেদনকালত এই মাচুলৰ বাবদ দিব লাগিব অতিৰিক্ত ২৫০ মার্কিন ডলাৰ। অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ২১ হেজাৰ টকা। পূর্বে মার্কিন ভিছাৰ বাবদ ব্যয় হৈছিল প্রায় ১৬ হেজাৰ টকা। ২০২৬ চনত এই ভিছা মাচুল হ'বগৈ প্রায় ৪০ হেজাৰ টকা।
 
উল্লেখনীয় যে শেহতীয়াকৈ মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বাবে কিছুমান নির্দিষ্ট দেশৰ বিদেশীৰ লগতে ভাৰতীয়সকল হৈ পৰিছে অবাঞ্ছিত আৰু অনাহুত অতিথি। ভাৰতীয়কে ধৰি নির্দিষ্ট কিছুমান দেশৰ পৰ্যটকক বাধা দিবৰ বাবেই ট্রাম্প প্রশাসনে কঠোৰ কৰি তুলিছে মার্কিন ভিছা লাভৰ নিয়ম।