কানাডাত অৱস্থিত কপিল শৰ্মাৰ কেফেত গুলীচালনা; দায়িত্ব স্বীকাৰ খালিস্তানী সন্ত্ৰাসবাদীৰ

Story by  atv | Posted by   Imtiaz Ahmed • 14 h ago
কাপ’ছ কেফে আৰু গুলীচালনাৰ দৃশ্য
কাপ’ছ কেফে আৰু গুলীচালনাৰ দৃশ্য
ছাৰে

কানাডাত কমেডিয়ান কপিল শৰ্মাৰ নতুনকৈ মুকলি কৰা কেফে কাপ’ছ কেফেৰ ব্ৰিটিছ কলম্বিয়াৰ ছাৰেত অৱস্থিত অট্টালিকাটোত বুধবাৰে গভীৰ নিশা  অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীচালনা কৰে।

খালিস্তানী সন্ত্ৰাসবাদী হাৰ্জিত সিং লাড্ডীয়ে এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে। ৰাষ্ট্ৰীয় তদন্ৰ্কাৰী সংস্থা (এন আই এ)ৰ তালিকাভুক্ত সন্ত্ৰাসবাদী লাড্ডী নিষিদ্ধ গোট বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল (বি কে আই)ৰ সৈতে জড়িত।

সূত্ৰ অনুসৰি লাড্ডীয়ে কপিল শৰ্মাৰ পূৰ্বৰ এটা মন্তব্যক এই আক্ৰমণৰ আঁৰৰ কাৰণ বুলি উল্লেখ কৰিছে।
জানিব পৰা মতে, দুৰ্বৃত্তই এখন গাড়ীত উপস্থিত হৈ গুলীচালনা কৰে আৰু পলায়ন কৰে। সৌভাগ্যক্ৰমে কোনো লোক আহত হোৱা নাই।

কপিল শৰ্মাৰ ৰেষ্টুৰেণ্ট কাপ’ছ কেফেক উদ্দেশ্যপ্ৰণোদিত লক্ষ্য আছিল নে কমেডিয়ানগৰাকীৰ প্ৰতি ভাবুকি হিচাপে গুলীচালনাৰ উদ্দেশ্য আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

শেহতীয়াকৈ ২১ জুনত নেটফ্লিক্সত প্ৰিমিয়াৰ হৈছিল কমেডিয়ানগৰাকীৰ হিট শ্ব’ কপিল শৰ্মা শ্ব’ ছিজন ৩। প্ৰথম খণ্ডত ছলমান খানক দেখা গৈছিল, দ্বিতীয় খণ্ডত মেট্ৰ’ ইন ডিনোৰ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল। তৃতীয় খণ্ডটোত ভাৰতীয় ক্ৰিকেটাৰসকলে শোভা বঢ়াইছিল, আনহাতে এই শনিবাৰে প্ৰচাৰ হ’বলগীয়া আগন্তুক চতুৰ্থ খণ্ডটোত জয়দীপ আহলাৱত, বিজয় বৰ্মা, প্ৰতীক গান্ধী, জীতেন্দ্ৰ কুমাৰকে ধৰি জনপ্ৰিয় অ’টিটি তাৰকাসকলে অংশগ্ৰহণ কৰিব।