নতুন দিল্লী
পশ্চিম আফ্ৰিকাৰ দেশখনে আল কায়দা আৰু আইছিছৰ সৈতে জড়িত সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা পৰিচালিত হিংসাত্মক পৰিস্থিতিৰ সৈতে যুঁজি থকাৰ সময়তে শনিবাৰে নিশ্চিত কৰিছে যে মালিত ৫জন ভাৰতীয় নাগৰিকক অপহৰণ কৰা হৈছে।
সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি, পশ্চিম মালিৰ কোব্ৰিৰ সমীপত বৃহস্পতিবাৰে একাংশ অস্ত্ৰধাৰীয়ে ভাৰতীয় নাগৰিকক অপহৰণ কৰে। স্থানীয় বিদ্যুৎকৰণ প্ৰকল্পৰ সৈতে জড়িত এটা প্ৰতিষ্ঠানত তেওঁলোকক নিযুক্তি দিয়া বুলি এক নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনায়।
কোম্পানীটোৰ এজন প্ৰতিনিধিয়ে জনোৱা মতে, তাৰ পিছত আন সকলো ভাৰতীয় শ্ৰমিকক ৰাজধানী বামাকোলৈ স্থানান্তৰ কৰা হৈছে। এই অপহৰণৰ দায়িত্ব এতিয়াও কোনো গোটে স্বীকাৰ কৰা নাই।
প্ৰতিনিধিগৰাকীয়ে কয় যে, "আমি পাঁচজন ভাৰতীয় নাগৰিকক অপহৰণ কৰাটো নিশ্চিত কৰিছো। কোম্পানীটোৰ বাবে কাম কৰা আন ভাৰতীয়সকলক ৰাজধানী বামাকোলৈ স্থানান্তৰ কৰা হৈছে।"
সামৰিক জন্টা শাসিত মালিত বছৰ বছৰ ধৰি অস্থিৰতা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা উগ্ৰপন্থী হিংসাৰ সন্মুখীন হৈছে। আল কায়দাৰ সৈতে জড়িত গ্ৰুপ ফৰ দ্য ছাপৰ্ট অৱ ইছলাম এণ্ড মুছলমান (জেএনআইএম)-এ শেহতীয়াকৈ পংগু কৰি তোলা ইন্ধন অৱৰোধ কঠোৰ কৰি তুলিছে, যাৰ ফলত ইতিমধ্যে ভয়াৱহ অৰ্থনৈতিক সংকট আৰু অধিক ভয়াৱহ হৈ পৰিছে।
মালিত বিদেশী নাগৰিকক অপহৰণ কৰাটো অস্বাভাৱিক নহয়, য’ত ২০১২ চনৰ পৰা বাৰে বাৰে অভ্যুত্থান আৰু জেহাদী আক্ৰমণে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ক্ষয় কৰি আহিছে।
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বামাকোৰ ওচৰত জেএনআইএমৰ যোদ্ধাসকলে দুজন আমিৰাছী নাগৰিক আৰু এজন ইৰাণীক অপহৰণ কৰিছিল। প্ৰায় ৫ কোটি মাৰ্কিন ডলাৰৰ মুক্তিপণ দিয়াৰ খবৰ পোৱাৰ পিছতে যোৱা সপ্তাহত তেওঁলোকক মুকলি কৰি দিয়া হৈছিল।
বামাকো চৰকাৰী নিয়ন্ত্ৰণত থকাৰ সময়তে জে এন আই এম ৰাজধানীৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনাই বহু মালিবাসীক চিন্তিত কৰি তুলিছে। ইয়াৰ আধিপত্য থকা অঞ্চলত গোটটোৱে কঠোৰ নিয়ম আৰোপ কৰিছে, চলাচলত বাধা আৰোপ কৰিছে আৰু ৰাজহুৱা পৰিবহণত মহিলাসকলক হিজাব পৰিধান কৰিবলৈ নিৰ্দেশ দিছে।