ওমানত দুই ভাৰতীয়সহ চাৰিজন লোকৰ প্ৰাণহানি

Story by  atv | Posted by  [email protected] • 1 Months ago
ওমানত দুই ভাৰতীয়সহ চাৰিজন লোকৰ প্ৰাণহানি
ওমানত দুই ভাৰতীয়সহ চাৰিজন লোকৰ প্ৰাণহানি
 
নতুন দিল্লী
 
পশ্চিম এছিয়াৰ দেশ ওমানত ভয়ংকৰ বানপানী আৰু ভূমিস্খলনত জনজীৱন ব্যাহত হৈ পৰিছে। যাৰ পৰিণতিত কালি ওমানত দুগৰাকী ভাৰতীয়সহ চাৰিজন লোকে প্রাণ হেৰুৱায়।
 
প্রাপ্ত বাতৰি মতে ওমানৰ অল বাটিনাহ চহৰত হঠাতে অহা বানপানীত এখন বাহন উটি যোৱাৰ ফলত তাত থকা চাৰিগৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত আছে কেৰালাৰ ত্রিথলা নিবাসী ইউছুফ আৰু শামলা নামৰ ব্যক্তি দুগৰাকী।
 
কেৰালাৰ জ্যেষ্ঠ কংগ্রেছ নেতা ভি ডি সতীশনে নিহত দুয়োগৰাকী ভাৰতীয়ৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ ওচৰত আবেদন জনাইছে। এই দুৰ্ঘটনাত কেৰালাৰ ত্রিথলা নিবাসী ৰমলা নামৰ আন এগৰাকী মহিলাও সন্ধানহীন হৈ আছে।


শেহতীয়া খবৰ