সংখ্যালঘুৰ ওপৰত ‘আক্ৰমণ’; ভাৰতক সমালোচনা কৰা আমেৰিকাৰ ধৰ্মীয় স্বাধীনতাৰ প্ৰতিবেদন নাকচ চৰকাৰৰ

Story by  atv | Posted by  [email protected] • 11 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

ভাৰতে মঙলবাৰে আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ৰ ২০২২ চনৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতাৰ প্ৰতিবেদনক সম্পূৰ্ণৰূপে নাকচ কৰি ইয়াক “ত্ৰুটিপূৰ্ণ” আৰু “পক্ষপাতমূলক” বুলি অভিহিত কৰে। দেশৰ সংখ্যালঘু লোকৰ অৱস্থা সন্দৰ্ভত আমেৰিকাৰ পৰা ভাৰতে সমালোচাত্মক প্ৰতিবেদন লাভ কৰাটো এয়াই প্ৰথম নহয়।
 
এই প্ৰতিবেদনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে মঙলবাৰে এক বিবৃতিত কয় যে, "আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয় আমেৰিকাৰ বৈদেশিক বিভাগৰ ২০২২ প্ৰতিবেদন প্ৰকাশ পোৱাৰ বিষয়ে আমি অৱগত। দুখৰ বিষয় যে এনে প্ৰতিবেদন ভুল তথ্য আৰু ত্ৰুটিপূৰ্ণ বুজাবুজিৰ আধাৰিত প্ৰকাশ পাই আছে।"
 
তেওঁ লগতে কয়, "আমেৰিকাৰ কিছুমান বিষয়াৰ পক্ষপাতদুষ্ট মন্তব্যই এই প্ৰতিবেদনসমূহৰ বিশ্বাসযোগ্যতাক আৰু অধিক ক্ষতিগ্ৰস্ত কৰিছে। আমি আমেৰিকাৰ সৈতে আমাৰ অংশীদাৰিত্বক মূল্য দিওঁ আৰু আমাৰ বাবে চিন্তনীয় বিষয়সমূহৰ ওপৰত স্পষ্ট আদান-প্ৰদান কৰি যাম।"
মনকৰিবলগীয়া যে, অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণলৈ যোৱাৰ পূৰ্বে এই ধৰ্মীয় স্বাধীনতা প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।
 
সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতাৰ কাৰ্যালয়ৰ এম্বেছাদৰ এট লাৰ্জ ৰাছাদ হুছেইনে এক সংবাদমেলত কয় যে “ৰাছিয়া, ভাৰত, চীন আৰু চৌদি আৰবকে ধৰি বহু ৰাষ্ট্ৰই নিজৰ সীমাৰ ভিতৰত থকা সংঘালঘু সম্প্ৰদায়ৰ সদস্যসকলক মুক্তভাৱে লক্ষ্য কৰি লৈছে”। আমেৰিকাৰ এই প্ৰতিবেদন শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বাবে মূৰৰ কামোৰণি সদৃশ হৈ পৰিছে। প্ৰতিবেদনখনত বিশ্ব হিন্দু পৰিষদৰ কথা ২৪ বাৰ আৰু বজৰংগ দলৰ কথা ৭ বাৰ উল্লেখ কৰা হৈছে।
 
ইয়াৰ উপৰিও দেশজুৰি বিজেপি নেতাসকলে দিয়া বিভিন্ন ঘৃণামূলক ভাষণ আৰু উচটনিমূলক বা বিভাজনকাৰী বক্তব্যৰ কথাও প্ৰতিবেদনত প্ৰকাশ পাইছে। "বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ ৰাজনীতিবিদ হৰিভূষণ ঠাকুৰ বচৌলে মুছলমানক অগ্নিসংযোগ কৰিব লাগে বুলি কৈছিল; কেৰালাৰ প্ৰাক্তন বিধায়ক পিচি জৰ্জে মুছলমানে পৰিচালিত ৰেষ্টুৰেণ্টত হিন্দু আৰু খ্ৰীষ্টানসকলক খাদ্য গ্ৰহণ নকৰিবলৈ উৎসাহিত কৰিছিল; আৰু বিজেপি ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যিক বিধায়ক জ্ঞান দেৱ আহুজাই গো হত্যাৰ সন্দেহত মুছলমানক মাৰিবলৈ হিন্দুসকলক উচতনি দিছিল," প্ৰতিবেদনত কোৱা হৈছে।
প্ৰতিবেদনত লগতে কোৱা হৈছে যে জুন মাহত দেশৰ শাসকীয় বিজেপি দলৰ মুখপাত্ৰ নুপুৰ শৰ্মা আৰু নবীন জিন্দালে হজৰত মহম্মদক লৈ টেলিভিছনযোগে বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ পিছত দেশৰ কেইবাটাও অঞ্চলত হিংসাত্মক প্ৰতিবাদ আৰু অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিল।প্ৰতিবেদনত হায়দৰাবাদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজহুৱা বৈঠকৰ কথাও উল্লেখ কৰা হৈছে, য’ত ২০২৩ চনৰ শেষৰ ফালে হ’বলগীয়া ৰাজ্যিক বিধানসভা নিৰ্বাচনত বিজেপিক ক্ষমতালৈ ভোটদান কৰিলে তেলেংগানাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ কৰ্মসংস্থাপন আৰু শৈক্ষিক কোটা শেষ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। 
 
আনকি কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সময়তো মহম্মদ জুবাইৰ, বিলকিছ বানো, উমৰ খালিদ আদিৰ দৰে লোকৰ নামো প্ৰতিবেদনত স্থান পাইছিল। প্ৰতিবেদনত কেৱল সংখ্যালঘুৰ বিৰুদ্ধে নহয়, সকলো সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ঘৃণাজনিত অপৰাধৰ অভিযোগৰ সকলো গোচৰৰ বিশদ বিৱৰণ দিয়া হৈছিল।