ভাৰত-ইউৰোপে বিশ্ব অৰ্থনীতিত স্থিতিশীলতা আনিব পাৰে: এছ জয়শংকৰৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
ভাৰত-ইউৰোপে বিশ্ব অৰ্থনীতিত স্থিতিশীলতা আনিব পাৰে: এছ জয়শংকৰৰ
ভাৰত-ইউৰোপে বিশ্ব অৰ্থনীতিত স্থিতিশীলতা আনিব পাৰে: এছ জয়শংকৰৰ
 
নতুন দিল্লী
 
ভাৰতে ইউৰোপৰ সৈতে সম্পৰ্ক শক্তিশালী কৰি তুলিছে আৰু দুয়োপক্ষই বিশ্ব অৰ্থনীতি আৰু ৰাজনীতিত অধিক স্থিতিশীলতা আনিব পাৰে। এই কথা প্ৰকাশ কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। পেৰিছত ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন নোৱেল বেৰ'টৰ সৈতে বৈঠকৰ পিছতে এই মন্তব্য কৰে জয়শংকৰে। ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক আটক কৰিবলৈ আমেৰিকাই ভেনিজুৱেলাত চলোৱা সামৰিক অভিযান সম্পৰ্কে বিশ্বজনীন উদ্বেগ বৃদ্ধিৰ লগতে ভূ-ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়ত জয়শংকৰৰ এই মন্তব্য অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে বিশ্বৰ ৰাজনীতিত ইউৰোপ এক গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বী আৰু ভাৰতে তেওঁলোকৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাটো প্ৰয়োজনীয় বুলিও উল্লেখ কৰে। ইউৰোপ ভ্ৰমণ সন্দৰ্ভত জয়শংকৰে সংবাদ মাধ্যমত কয়, "মই ভাবো যে ই এক অতি সচেতন পছন্দ আছিল। ই এনে এটা পছন্দ যিয়ে আমাৰ বিশ্বাসক প্রতিফলিত কৰে যে ইউৰোপৰ সৈতে এই সম্পৰ্ক সঁচাকৈয়ে বৃদ্ধি কৰিবলৈ আমি সাজু ,পৰৱৰ্তী পৰ্যায়লৈ বৃদ্ধি কৰিবলৈ সাজু।"
 
ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত আমেৰিকাৰ সৈতে নতুন দিল্লীৰ সম্পৰ্কৰ অৱনতিৰ মাজতে এই মন্তব্য জয়শংকৰৰ।
 
তেওঁ লগতে কয়, "যেতিয়া মই পিছলৈ ঘূৰি চাওঁ, আনকি যোৱা কেইসপ্তাহমানতো আমি ভাৰতত ইউৰোপৰ সৈতে এফ টি এ (মুক্ত বাণিজ্য চুক্তি), প্ৰযুক্তিৰ বিষয়, অৰ্ধপৰিবাহী, ৰে'লৱে, প্ৰতিৰক্ষা, বিমান পৰিবহণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰি আহিছোঁ।"
 
জয়শংকৰে কয়, "গতিকে সঁচাকৈয়ে এটা অতি গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে, বহুত বেছি কৰিব পৰা যায়। কিন্তু ইয়াৰ বাহিৰেও মই ভাবো যে আজি বিশ্বব্যাপী ব্যৱস্থাৰ বিষয়ে এক বৃহৎ আলোচনা হৈছে যিটো বিশ্বৰ বাবে প্ৰয়োজন।"
 
তেওঁ লগতে কয়, "আমি কেনেধৰণৰ পৃথিৱীত জীয়াই থাকিব বিচাৰো ? নীতি-নিয়ম আৰু আন আন আনুষংগিক বিষয়সমূহ কি হ'ব ? যিহেতু মই ভাবো যে ইউৰোপ বিশ্ব ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খেলুৱৈ, ভাৰতে নিজৰ সম্পৰ্ক (তেওঁলোকৰ সৈতে) শক্তিশালী কৰাটোও প্ৰয়োজন।"
 
জয়শংকৰে কয়, "মই ভাবো যে আমি বিশ্ব অৰ্থনীতি আৰু বিশ্ব ৰাজনীতি দুয়োটাতে অধিক স্থিতিশীলতা আনিব পাৰো আৰু সঁচাকৈয়ে সেইবাবেই মই ইয়ালৈ আহিছোঁ।" তেওঁ লগতে জনাই যে জাৰ্মান চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু ইউৰোপীয় সংঘৰ শীৰ্ষ নেতাসকলক শীঘ্ৰে ভাৰতে আদৰণি জনাব। জয়শংকৰে দৃঢ়তাৰে কয় যে বিশ্বৰ ৰাজনীতিক সুস্থিৰ কৰাৰ বাবে ভাৰত আৰু ফ্ৰান্সৰ একেলগে কাম কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে।
 
উল্লেখযোগ্য যে, অহা মাহত এ আই শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে মেক্ৰনৰ ভাৰত ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভতো মন্ত্ৰী দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে । জয়শংকৰৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত জিন নোৱেল বেৰ'টে বিশ্বব্যাপী অনিশ্চয়তাৰ প্ৰেক্ষাপটৰ কথা উল্লেখ কৰি কয় যে এনে পৰিস্থিতিত কৌশলগত অংশীদাৰসকলে অতি ঘনিষ্ঠভাৱে পৰামৰ্শ লোৱাটো স্বাভাৱিক।
 
তেওঁ লগতে ভাৰতে ব্ৰিকছৰ অধ্যক্ষতা আৰু ফ্ৰান্সে এইবছৰ জি-৭ৰ নেতৃত্ব দিয়া বুলি উল্লেখ কৰে আৰু আনকি দুয়োপক্ষই জি-২০ গ্ৰুপিঙৰ অংশ হোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, "আমি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাত সক্ৰিয় হৈ আছোঁ।"


শেহতীয়া খবৰ