আজি মহাকাশ কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হৈ ঘৰলৈ উভতিব ভাৰতৰ শুভাংশু শুক্লা

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমজন মহাকাশচাৰী গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই সোমবাৰে বিয়লি ৪:৩০ বজাত কক্ষপথৰ পৰীক্ষাগাৰৰ পৰা বিচ্ছিন্ন হৈ ভাৰতীয় মহাকাশ বিজ্ঞানক নতুন উচ্চতালৈ আগুৱাই নিয়া এক ঐতিহাসিক অভিযানৰ সামৰণি মাৰিব। 
 
শুক্লা আৰু তিনিজন আন্তঃৰাষ্ট্ৰীয় সহকৰ্মীকে ধৰি এক্সিয়াম-৪ (এক্স-৪)ৰ দলটোৱে স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত উঠি পৃথিৱীলৈ উভতি অহা যাত্ৰা আৰম্ভ কৰিব, ১৫ জুলাইত কেলিফৰ্ণিয়াৰ উপকূলত প্ৰায় ৩:০০ বজাত আই এছ টিত স্প্লেছডাউন কৰাৰ সম্ভাৱনা আছে।
 
মহাকাশ কেন্দ্ৰ ১৮ দিন থকাৰ সময়ছোৱাত শুক্লা আৰু এক্স-৪ৰ দলটোৱে জীৱবিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা, পদাৰ্থ বিজ্ঞান আৰু মানৱ স্বাস্থ্য আদিকে ধৰি ৬০টাতকৈও অধিক উন্নত বৈজ্ঞানিক পৰীক্ষা সম্পূৰ্ণ কৰে। 
 
শুক্লাৰ মূল অৱদানসমূহৰ ভিতৰত আছিল স্প্ৰাউটছ প্ৰজেক্ট। যিয়ে মাইক্ৰ’গ্ৰেভিটিয়ে বীজৰ অংকুৰণ আৰু আগতীয়া উদ্ভিদৰ বিকাশত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে অনুসন্ধান কৰিছিল। আই এছ এছত উৎপাদিত বীজসমূহ পৃথিৱীত কেইবাটাও প্ৰজন্ম ধৰি খেতি কৰা হ’ব, যাতে জিনীয়, অণুজীৱৰ পৰিৱেশ তন্ত্ৰ, আৰু পুষ্টিৰ প্ৰফাইলৰ পৰিৱৰ্তন অধ্যয়ন কৰা হয়।
 
শুক্লাই মাইক্ৰ’এলজিৰ সৈতেও পৰীক্ষাৰ নেতৃত্ব দিছিল, মহাকাশত খাদ্য, অক্সিজেন আৰু জৈৱ ইন্ধন উৎপাদনৰ সম্ভাৱনা অন্বেষণ কৰিছিল। যিটো দীৰ্ঘকালীন অভিযানক সমৰ্থন কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আন এটা উল্লেখযোগ্য কাৰ্য্যকলাপ আছিল মাইক্ৰ’গ্ৰেভিটিত গ্লুক’জ মনিটৰ পৰীক্ষা কৰা, যিয়ে বিভিন্ন স্বাস্থ্যজনিত প্ৰয়োজনীয়তা থকা মহাকাশচাৰীসকলৰ বাবে মহাকাশ যাত্ৰাক সুৰক্ষিত আৰু অধিক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাত অৰিহণা যোগাইছিল। 
 
এক্স-৪ দলৰ প্ৰচাৰত মানসিক সুস্থতা আৰু মহাকাশৰ পৰিস্থিতিত নতুন স্পেচছুটৰ সামগ্ৰীৰ কাৰ্য্যক্ষমতাৰ ওপৰত অধ্যয়ন অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভিডিঅ’ ইন্টাৰেকচন আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মুৰব্বী ভি নাৰায়ণনৰ সৈতেও টেলিফোনিক বাৰ্তালাপ কৰে। তেওঁ গগনিয়ান মিছনৰ অগ্ৰগতি আৰু পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে।
 
১৩ জুলাইত অনুষ্ঠিত হোৱা বিদায় অনুষ্ঠানত শুক্লাই ইছৰো, তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰু সতীৰ্থ, আৰু ভাৰতৰ জনসাধাৰণক তেওঁলোকৰ অটল সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি আন্তৰিক বাৰ্তা প্ৰদান কৰে। তেওঁ বৈজ্ঞানিক সহযোগিতা আৰু অন্বেষণৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে- "এই অভিযান কেৱল ব্যক্তিগত নহয়, মানৱতাই একেলগে কি লাভ কৰিব পাৰে তাৰ প্ৰমাণ। আশাকৰোঁ আমাৰ কামে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ যুৱ মনবোৰক পৰিসৰ অতিক্ৰম কৰি সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিব।"
 
শুক্লাৰ প্ৰত্যাৱৰ্তন ভাৰতৰ মহাকাশ উচ্চাকাংক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ কথা মনত পেলাই এক মাৰ্মান্তিক বাৰ্তাত শুক্লাই কয়, আজি মহাকাশৰ পৰা ভাৰতক অভিলাষী, নিৰ্ভীক, আত্মবিশ্বাসী, আৰু গৌৰৱান্বিত দেখা গৈছে। ভাৰত এতিয়াও সাৰে জাহান সে আচ্ছা।
 
ডক বিচ্ছিন্ন কৰাৰ পিছত চাৰিজনীয়া ক্ৰুৱে ঘৰলৈ উভতি আহিবলৈ ২১ ঘণ্টাৰ যাত্ৰা কৰিব লাগিব। স্প্লেচডাউনৰ পিছত তেওঁলোকে পৃথিৱীৰ মাধ্যাকৰ্ষণৰ সৈতে পুনৰ খাপ খুৱাবলৈ সাত দিনীয়া পুনৰ্বাসন কাৰ্যসূচী গ্ৰহণ কৰিব। তেওঁলোকৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ কৃতিত্ব আৰু তেোঁলোকৰ  দেশলৈ কঢ়িয়াই অনা প্ৰেৰণাক লৈ গৌৰৱান্বিত হৈ এক ভৱিষ্যৎ আদৰণিৰ প্ৰস্তুতি চলাইছে।  
 
এক্স-৪ অভিযানৰ জৰিয়তে মহাকাশচাৰী শুভাংশু শুক্লাই কেৱল ইতিহাস ৰচনা কৰাই নহয়, মানৱ মহাকাশ উৰণ আৰু বৈজ্ঞানিক উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যতৰ ভেটিও স্থাপন কৰিছে।