ইজৰাইলৰ সৈতে প্ৰত্যক্ষ সংঘাতত ইৰাণ; বাইডেন প্ৰশাসনক আঁতৰি থকাৰ পৰামৰ্শ তেহৰানৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
তেহৰান
 
ইজৰাইলত চলি থকা যুদ্ধই ছমাহ অতিক্ৰম কৰিলে। ইজৰাইলৰ সেনাই পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছৰ সৈতে যুঁজি আছে। এই যুদ্ধ কেতিয়া শেষ হ’ব, সেয়া কোনেও নিশ্চিত কৰিব পৰা নাই। ইজৰাইল চৰকাৰে স্পষ্ট কৰি দিছে যে গাজাৰ পৰা হামাছক নিঃশেষ নকৰা পৰ্যন্ত যুদ্ধ বন্ধ নহ’ব৷ ইৰাণো এইবাৰ সেই যুদ্ধত লিপ্ত হ’ল। কেৱল সেয়াই নহয়, ইৰাণে আমেৰিকাক ইজৰাইলৰ সৈতে তেওঁলোকৰ সংঘাতত হস্তক্ষেপ নকৰিবলৈ ‘পৰামৰ্শ’ দিছে।
 
হামাছৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলে ছিৰিয়াত ইটোৰ পিছত সিটো আক্ৰমণ চলাইছে। শেহতীয়াকৈ ইজৰাইলৰ সেনাই ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত থকা ইৰাণৰ দূতাবাসত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ক্ষেপণাস্ত্ৰ আক্ৰমণত ইৰাণৰ সেনাবাহিনীৰ দুজন জেনেৰেলকে ধৰি ৭জন লোক নিহত হয়।
 
এই ঘটনাত ক্ষুব্ধ হৈ তেহৰানে কয় যে এই আক্ৰমণৰ পিছত তেওঁলোকে মনে মনে বহি নাথাকে। ইৰাণেও ইজৰাইলৰ বিৰুদ্ধে প্ৰতিহত আক্ৰমণৰ সকীয়াই দিছে। ইয়াৰ উপৰিও তেওঁলোকে আমেৰিকাকো আঁতৰি থাকিবলৈ ‘পৰামৰ্শ’ দিছে।
 
ইৰাণৰ সতৰ্কবাণীৰ পিছতে আমেৰিকাই উদ্বেগ প্ৰকাশ কৰে। আমেৰিকাৰ কেইবাখনো সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত বাইডেন প্ৰশাসনৰ এজন বিষয়াই দাবী কৰে যে আক্ৰমণৰ ভাবুকিৰ কথা জানিব পাৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুলৈ বাইডেনে ফোন কৰিছিল। আমেৰিকাই ইজৰাইলৰ জনসাধাৰণৰ কাষত সকলো দিশতে থিয় দিবলৈও কৈছে।
 
আমেৰিকাৰ বক্তব্য ওলোৱাৰ পিছত ইৰাণেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাওইছিৰ ৰাজনৈতিক পৰিক্ৰমাৰ উপ-মুখ্য কৰ্মচাৰী মহম্মদ জামছিদীয়ে দাবী কৰে যে তেওঁলোকৰ হৈ ৱাশ্বিংটনলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে। বাৰ্তাটোত কোৱা হৈছে যে তেওঁলোকে ইজৰাইলক সঠিক সঁহাৰি দিবলৈ সাজু হৈছে। ৱাশ্বিংটনে নিজৰ লোকচানৰ পৰা হাত সাৰিবলৈ এই সকলোবোৰৰ পৰা আঁতৰি থকা উচিত।
 
ইৰাণৰ সতৰ্কবাণীৰ পিছত বহুতে ভাবে যে হামাছ-ইজৰাইল যুদ্ধ অতি সোনকালে ইৰাণ-ইজৰাইল যুদ্ধলৈ পৰিণত হ’ব। ইৰাণ দীৰ্ঘদিন ধৰি হামাছ-ইজৰাইল যুদ্ধত জড়িত হৈ আছে। ইৰাণে গাজাত হামাছক অস্ত্ৰ যোগান ধৰাৰ খবৰো পোহৰলৈ আহিল। নেতানিয়াহু চৰকাৰে বিষয়টো ভালদৰে লোৱা নাছিল। 
 
হামাছৰ লগতে ইজৰাইলেও ইৰাণৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে। বহুতে ভাবে যে দামাস্কাছত থকা ইৰাণৰ দূতাবাসত আক্ৰমণ এই ইজৰাইলৰ পৰিকল্পনাৰ অংশ। ইৰাণ আৰু ইজৰাইলৰ মাজত শত্ৰুতা নতুন নহয়। পূর্বে দুয়োখন দেশৰ মাজত সু-সম্পর্ক আছিল৷ ১৯৪৮ চনত যেতিয়া ইজৰাইল ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল তেতিয়া ইৰাণে তেওঁলোকক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত আগশাৰীৰ ভূমিকা গ্ৰহণ কৰিছিল। সেই সময়ত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু সামৰিক সম্পৰ্কও গঢ় লৈ উঠিছিল।
 
কিন্তু এই বন্ধুত্ব বেছি দিন নাথাকিল। ১৯৭৯ চনত ইৰাণত ইছলামিক বিপ্লৱৰ পিছৰে পৰা ইৰাণ আৰু ইজৰাইলৰ মাজৰ সম্পৰ্ক অৱনতি ঘটিছে। ইৰাণৰ শাসনত বিপ্লৱী চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত তেওঁলোকে পেলেষ্টাইনক সমৰ্থন কৰিছিল। তেতিয়াৰ পৰাই ইৰাণ ইজৰাইলৰ শত্ৰু হৈ পৰিছে।