তেহৰাণ
ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীয়ে দেওবাৰে ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদক সমৰ্থন কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰি ইৰাণৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য কৰাৰ পৰিৱৰ্তে নিজৰ দেশ পৰিচালনাত মনোনিৱেশ কৰিবলৈ উপদেশ দিয়ে।
এক্সত এক পোষ্টত খামেনীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণত অশান্তিৰ উৎসাহ যোগোৱাৰ লগতে আমেৰিকাৰ ঘৰুৱা প্ৰত্যাহ্বানক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছিল যে, ইৰাণ চৰকাৰে যদি এনে বা সেইটো কৰে, তেন্তে তেওঁ সংঘৰ্ষকাৰীৰ পক্ষ ল’ব। সংঘৰ্ষকাৰীয়ে তেওঁৰ ওপৰত আশা ৰাখিছে। যদি তেওঁ ইমান দক্ষ, তেন্তে তেওঁ নিজৰ দেশখনেই পৰিচালনা কৰক, খামেনীয়ে লিখিছে।
সমগ্ৰ ইৰাণত বিক্ষোভৰ দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰাৰ সময়তে ট্ৰাম্পে ইৰাণৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ আমেৰিকা সাজু বুলি কোৱাৰ পিছতে এই মন্তব্য কৰিছে। ট্ৰুথ ছ’চিয়েলত এক পোষ্টত ট্ৰাম্পে লিখিছে, ইৰাণে হয়তো আগতে কেতিয়াও নোপোৱা FREEDOMৰ প্ৰতি আশা কৰি আছে। তেওঁলোকক সহায় কৰিবলৈ আমেৰিকা সাজু!!!
ইৰাণৰ একাধিক চহৰত প্ৰতিবাদ বিয়পি পৰাৰ লগে লগে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত বৃদ্ধি পোৱা উত্তেজনাক প্ৰতিফলিত কৰিছে খামেনীৰ মন্তব্যই। এই অশান্তিক শেহতীয়া বছৰবোৰত সৰ্বোচ্চ নেতাৰ কৰ্তৃত্বৰ বাবে অন্যতম গুৰুতৰ প্ৰত্যাহ্বান হিচাপে অভিহিত কৰা হৈছে।
ইয়াৰ পূৰ্বে খামেনীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক সন্তুষ্ট কৰিবলৈ বিক্ষোভকাৰীয়ে কাম কৰা বুলি অভিযোগ কৰি বৃহৎ পৰিসৰৰ প্ৰতিবাদৰ আঁৰত আমেৰিকা প্ৰশাসনৰ অভিযোগ উত্থাপন কৰিছিল।
ট্ৰাম্পে বাৰে বাৰে ইৰাণৰ প্ৰতিবাদকাৰীক সমৰ্থন প্ৰকাশ কৰাৰ লগতে ইৰাণী কৰ্তৃপক্ষক বিক্ষোভ দমনৰ বাবে বল প্ৰয়োগ নকৰিবলৈ সকীয়াই দিছে। প্ৰতিবাদকাৰীক হত্যা কৰিলে সামৰিক ব্যৱস্থা গ্ৰহণৰ হুংকাৰো প্ৰদান কৰি দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। ইফালে আমেৰিকাৰ ভিতৰতো প্ৰতিবাদৰ সৃষ্টি হৈছে।