৫.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় আফগানিস্তান

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
দেওবাৰে পুৱা আফগানিস্তানৰ ফয়জাবাদৰ সমীপ অঞ্চলত ৫.২ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ ফলত হোৱা কোনো ক্ষতি ক্ষতিৰ বাতৰি এতিয়ালৈ লাভ কৰিব পৰা হোৱা নাই।
 
ভাৰতৰ নেচনেল চেণ্টাৰ ফৰ চিচমোলজীৰ মতে, দেওবাৰে পুৱা আফগানিস্তানৰ ফয়জাবাদৰ সমীপত ৫.২ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হোৱা খবৰ পোৱা গৈছে। 
 
ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ ফয়জাবাদৰ ৭৯ কিলোমিটাৰ দক্ষিণ-পূবত (এছই)। ভূমিকম্পটো ভাৰতীয় সময়মতে পুৱা ১১:১৯ বজাত পৃষ্ঠৰ পৰা ২২০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল। 
 
উল্লেখ্য যে, দিল্লী আৰু চুবুৰীয়া অঞ্চলত মৃদু ভূমিকম্পৰ জোকাৰণি অনুভৱ হয়। এতিয়ালৈ কোনো ক্ষয়-ক্ষতিৰ তাৎক্ষণিক খবৰ পোৱা হোৱা নাই। পঞ্জাৱ আৰু হাৰিয়ানাৰ কেইবা ঠাইতো ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছিল।