নতুন দিল্লী
দেওবাৰে পুৱা ইজৰাইলৰ বিমানবন্দৰৰ সমীপত সংঘটিত হয় মিছাইল আক্ৰমণ৷ যাৰ বাবে এয়াৰ ইণ্ডিয়াই টেল আভিভলৈ চলাচল কৰা সকলো বিমান সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ কথা ঘোষণা কৰে। যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ দোহাই দি বিমান সংস্থাটোৱে জনাইছে যে, টেল আভিভলৈ চলাচল কৰা সকলো বিমান ৬ মে’ লৈকে বাতিল কৰা হৈছে ৷
বিমান সংস্থাটোৱে সামাজিক মাধ্য়ম এক্সৰ জৰিয়তে প্ৰকাশ কৰা এক বিবৃতিত কয় "আজি পুৱা টেল আভিভত হোৱা মিছাইল আক্ৰমণৰ ফলত ২০২৫ চনৰ ৬ মে' লৈকে টেল আভিভলৈ চলাচল কৰা আমাৰ সকলো বিমান তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ ৰখা হ'ব, যাতে আমাৰ গ্ৰাহক আৰু কৰ্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যায়। স্থলভাগত থকা আমাৰ সহকৰ্মীসকলে গ্ৰাহকসকলক সহায় কৰি আছে আৰু বিকল্প ব্যৱস্থাত সহায় কৰি আছে।"
এয়াৰ ইণ্ডিয়াই লগতে নিশ্চিত কৰিছে যে ২০২৫ চনৰ ৪ মে’ ৰ পৰা ৬ মে’ ৰ ভিতৰত যাত্ৰাৰ বাবে বৈধ টিকট থকা যাত্ৰীসকলে এককালীন ৰেহাইৰ বাবে যোগ্য বিবেচিত হ’ব। গ্ৰাহকসকলে জৰিমনা অবিহনে তেওঁলোকৰ ভ্ৰমণ কাৰ্যসূচী পুনৰ নিৰ্ধাৰণ কৰিব পাৰিব নাইবা টিকট বাতিল কৰা সময়ত সম্পূৰ্ণ ধন ঘূৰাই পাব৷ গ্ৰাহকসকলক তেওঁলোকৰ বুকিং সম্পৰ্কীয় আপডেট আৰু অধিক তথ্যৰ বাবে এয়াৰ ইণ্ডিয়াৰ ৱেবছাইট পৰীক্ষা কৰিবলৈ বা গ্ৰাহক সেৱাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
দেওবাৰে ইজৰাইল চহৰৰ বিমানবন্দৰৰ সমীপত ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হোৱাৰ বাবে নতুন দিল্লীৰ পৰা টেল আভিভ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন আবুধাবিলৈ ডাইভাৰ্ট কৰা হয়। বয়িং ৭৮৭ বিমানেৰে পৰিচালিত এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৩৯ টেল আভিভত অৱতৰণ কৰাৰ এঘণ্টা নৌহওঁতেই এই আক্ৰমণ সংঘটিত হয়।
বিমান সংস্থাটোৱে এক বিবৃতিত কয়, "আজি পুৱা বেন গুৰিয়ান বিমানবন্দৰত সংঘটিত হোৱা এক ঘটনাৰ পিছত ২০২৫ চনৰ ৪ মে' ৰ দিনা টেল আভিভলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৩৯ আবুধাবিলৈ ডাইভাৰ্ট কৰা হয়।"
ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24.com ত উপলব্ধ তথ্য অনুসৰি, বিমানখন জৰ্দানৰ আকাশমাৰ্গত থাকোতে গন্তব্যস্থান সলনি কৰি আবুধাবিলৈ নিয়াৰ সিদ্ধান্ত লোৱা হৈছিল।
টেল আভিভলৈ যাত্ৰা বন্ধ কৰা বিমান সংস্থাসমূহৰ ভিতৰত আছে জাৰ্মানীৰ লুফথানছা, ব্ৰিটিছ এয়াৰৱেজ, এয়াৰ ইণ্ডিয়া আৰু আমেৰিকাৰ ডেল্টা এয়াৰ লাইনছ। লুফথানছাই কয় যে, তেওঁলোকে টেল আভিভলৈ অহা-যোৱা কৰা বিমান ৬ মে’লৈকে বন্ধ কৰি দিছে।
ব্ৰিটিছ এয়াৰৱেজে কয় যে, "টেল আভিভলৈ অহা-যোৱা কৰা সকলো বিমান ৭ মে’লৈকে বন্ধ কৰা হৈছে। বিমান সংস্থাটোৱে এএফপিলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে, আমি নিৰন্তৰ পৰিচালনাৰ অৱস্থা নিৰীক্ষণ কৰোঁ আৰু টেল আভিভলৈ অহা-যোৱা কৰা বিএ৪০৫কে ধৰি সকলো বিমান সেৱা ৭ মে’ বুধবাৰলৈকে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো।"
ইজৰাইলৰ এম্বুলেন্স সেৱাই জনোৱা মতে, মৃদুৰ পৰা মধ্যমীয়া অৱস্থাৰ এজন লোককে ধৰি ৮ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।