Thu May 22 2025 9:51:13 PM
  • Follow us on
  • Subcribe

আমেৰিকাৰ বাহিৰত নিৰ্মিত ছবিৰ ওপৰত ১০০% শুল্ক আৰোপৰ নিৰ্দেশ ড’নাল্ড ট্ৰাম্পৰ

Story by  atv | Posted by  Munni Begum • 17 d ago
ড’নাল্ড ট্ৰাম্প
ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী 
 
আমেৰিকাৰ চলচ্চিত্ৰ উদ্যোগক পুনৰুজ্জীৱিত কৰাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত লৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। দেওবাৰে ট্ৰাম্পে ঘোষণা কৰে যে, তেওঁ বাণিজ্য বিভাগ আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিক আমেৰিকাৰ বাহিৰত নিৰ্মিত সকলো ছবিৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কৈছে।
 
ছ’চিয়েল মিডিয়াত এক পোষ্টত ট্ৰাম্পে বিদেশত আমেৰিকান ষ্টুডিঅ’ আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলক প্ৰলোভন আৰু আকৰ্ষণীয় প্ৰৰোচনা প্ৰদান কৰিবলৈ আন দেশসমূহক সমালোচনা কৰে আৰু এই পৰিস্থিতিক অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উভয়ৰে প্ৰতি ভাবুকি বুলি অভিহিত কৰে।
 
ট্ৰাম্পে কয় যে, "আন দেশসমূহে আমাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু ষ্টুডিঅ’সমূহক আমেৰিকাৰ পৰা আঁতৰাই নিবলৈ সকলো ধৰণৰ প্ৰৰোচনা কৰি আহিছে। হলিউড আৰু ইউ এছ এৰ ভিতৰৰ আন বহু অঞ্চল বিধ্বস্ত হৈ পৰিছে। এইটো আন ৰাষ্ট্ৰসমূহৰ এক সংহত প্ৰচেষ্টা আৰু সেয়েহে ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকি স্বৰূপ। ইয়াৰ উপৰিও আন সকলো বাৰ্তা প্ৰেৰণ আৰু অপপ্ৰচাৰৰ উপৰিও! মই বাণিজ্য বিভাগ আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিক কৰ্তৃত্ব দিছো যে, তেওঁলোকে আমাৰ দেশলৈ অহা সকলো আৰু বিদেশী ভূমিত নিৰ্মিত চিনেমাৰ ওপৰত ১০০% শুল্ক প্ৰৱৰ্তনৰ প্ৰক্ৰিয়াটো তৎক্ষণাত আৰম্ভ কৰক। আমি আমেৰিকাত নিৰ্মিত চিনেমা বিচাৰো।"
 
আমেৰিকা আৰু চীনৰ মাজত চলি থকা শুল্ক যুদ্ধৰ মাজতে ট্ৰাম্পৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ১০ এপ্ৰিলত চীনে ঘোষণা কৰে যে, চীনৰ বজাৰত হলিউডৰ ছবিৰ মুক্তি মধ্যমীয়া হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। চীনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰশাসনে নিজৰ সিদ্ধান্তক চীনৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই আৰোপ কৰা শুল্কৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিছিল।
 
চীনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰশাসনে এক বিবৃতিত কয় যে, চীনৰ ওপৰত শুল্কৰ অপব্যৱহাৰ কৰাৰ বাবে আমেৰিকা চৰকাৰে লোৱা ভুল পদক্ষেপে আমেৰিকাৰ ছবিৰ প্ৰতি ঘৰুৱা দৰ্শকৰ অনুকূলতা আৰু অধিক হ্ৰাস কৰাটো অনিবাৰ্য বুলি এক প্ৰতিবেদনে প্ৰকাশ কৰিছে।
 
বিবৃতিত লগতে উল্লেখ কৰা হৈছে যে, আমি বজাৰৰ নিয়ম মানি চলিম, দৰ্শকৰ পছন্দক সন্মান কৰিম, আৰু আমদানি কৰা আমেৰিকাৰ ছবিৰ সংখ্যা মধ্যমীয়াভাৱে হ্ৰাস কৰিম।
 
উল্লেখযোগ্য যে, চীনে বছৰি ১০খন ছবি হলিউডৰ পৰা গ্ৰহণ কৰে আৰু চীনৰ বজাৰখনক এসময়ত আমেৰিকাৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে ৰাজহৰ মূল উৎস হিচাপে গণ্য কৰা হৈছিল। চীনৰ এই সিদ্ধান্তৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে কয় যে, চীনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰশাসনে চলচ্চিত্ৰ উদ্যোগক লক্ষ্য কৰি লোৱা সিদ্ধান্তত তেওঁ ৰ কোনো সমস্যা নাই।