সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন কৰে আমেৰিকাইঃ আমেৰিকাৰ উপ-বিদেশ মন্ত্ৰী ক্রিষ্টোফাৰ লাণ্ডাউ

Story by  atv | Posted by  [email protected] • 13 h ago
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ নেতৃত্বাধীন সৰ্বদলীয় প্ৰতিনিধি দল, আমেৰিকাত
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ নেতৃত্বাধীন সৰ্বদলীয় প্ৰতিনিধি দল, আমেৰিকাত
 
ৱাশ্বিংটন

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে আমেৰিকা শক্তিশালীভাৱে থিয় দিছে বুলি আমেৰিকাৰ উপ-বিদেশ মন্ত্ৰী ক্রিষ্টোফাৰ লাণ্ডাউৱে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ নেতৃত্বাধীন সৰ্বদলীয় প্ৰতিনিধি দলৰ আগত প্ৰকাশ কৰে।
 
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দুৰ সন্দৰ্ভত ভাৰতৰ স্থিতি প্ৰকাশ কৰিবলৈ আমেৰিকালৈ যোৱা সৰ্বদলীয় প্ৰতিনিধি দলটোৰ সদস্যসকলক আমেৰিকাৰ উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে আমেৰিকা সদায় আছে। 
 
“শশী থাৰুৰ নেতৃত্বাধীন সৰ্বদলীয় সংসদীয় প্ৰতিনিধি দলটোৱে আমেৰিকাৰ উপ-বিদেশ মন্ত্ৰী লাণ্ডাউৰ সৈতে স্পষ্টভাৱে কথা-বতৰা পাতে আৰু ভাবৰ আদান-প্ৰদান কৰে। ভাৰতীয় প্ৰতিনিধি দলটোৱে তেওঁক পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দুৰৰ বিষয়ে অৱগত কৰে।"-এক্সত ভাৰতীয় দূতাবাসে এইদৰে কয়।
 
ইফালে, লাণ্ডাউৱে এক্সত এটা পোষ্টত কয় যে ভাৰতীয় সংসদীয় প্ৰতিনিধিৰ সৈতে তেওঁৰ এই বৈঠক বিভিন্ন দিশত গুৰুত্বপূৰ্ণ আছিল আৰু তেওঁলোকৰ আলোচনা সফল হৈছে।
"মই দৃঢ়তাৰে ক’লোঁ যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমেৰিকা ভাৰতৰ সৈতে শক্তিশালীভাৱে থিয় দিছে। আমি দুয়োখন দেশৰ বাবে উন্নতি আৰু সমৃদ্ধিৰ পোষকতা কৰিবলৈ বেপাৰ আৰু বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণকে ধৰি আমেৰিকা-ভাৰতৰ কৌশলগত সম্পৰ্কৰ বিষয়ে আলোচনা কৰিলোঁ।"-তেওঁ পুনৰ কয়।
 
বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ টেমি ব্ৰুচে জাৰি কৰা এক বিবৃতিত কয় যে লাণ্ডাউৱে “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ আৰু দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত ভাৰতক আমেৰিকাৰ শক্তিশালী সমৰ্থন পুনৰ দৃঢ় কৰিছে”।