প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক শীৰ্ষ সন্মিলনৰ সময়ত তেওঁলোকৰ মাজত বৈঠকৰ বাবে আগ্ৰহী বুলি প্ৰকাশ কৰে। এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে; "কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ পৰা ফোন পাই আনন্দিত হৈছো। শেহতীয়া নিৰ্বাচনত জয়ী হোৱা বাবে তেওঁক অভিনন্দন জনাইছো আৰু চলিত মাহৰ শেষৰ ফালে কানানাস্কিছত অনুষ্ঠিত হ'বলগীয়া জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছো। জনসাধাৰণৰ গভীৰ সম্পৰ্কৰ দ্বাৰা বান্ধ খাই থকা সজীৱ গণতন্ত্ৰ হিচাপে ভাৰত আৰু কানাডাই পাৰস্পৰিক সন্মান তথা উভয়ৰে স্বাৰ্থৰ দ্বাৰা পৰিচালিত হৈ নতুন উদ্যমেৰে একেলগে কাম কৰিব। শীৰ্ষ সন্মিলনত আমাৰ বৈঠকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছো।"Glad to receive a call from Prime Minister @MarkJCarney of Canada. Congratulated him on his recent election victory and thanked him for the invitation to the G7 Summit in Kananaskis later this month. As vibrant democracies bound by deep people-to-people ties, India and Canada…
— Narendra Modi (@narendramodi) June 6, 2025