নতুন দিল্লী
যোৱা মাহত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে পৰমাণু ক্ষেপনাস্ত্ৰৰে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দিছে ৰাছিয়াত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূতে। ভাৰতে যদিহে পাকিস্তান আক্ৰমণ আৰু সিন্ধু নদীৰ পানী একেবাৰে বন্ধ কৰি দিয়ে, তেতিয়া পাকিস্তানে ভাৰতৰ ওপৰত পৰমাণু ক্ষেপনাস্ত্ৰৰে আক্ৰমণ কৰিব বুলি মুকলি ভাবুকি প্ৰদান কৰিছে পাকস্তানী ৰাষ্ট্ৰদূত মহম্মদ খালিদ জামালীয়ে।
এটা টিভি চেনেলৰ সৈতে মহম্মদ খালিদ জামালীৰ হোৱা এক সাক্ষাৎকাৰত তেওঁ দাবী কৰে যে, কিছুমান ফাদিল নথি-পত্ৰত প্ৰকাশ পাইছে যে, ভাৰতে পাকিস্তানৰ কিছুমান অঞ্চলত আক্ৰমণ কৰিব আৰু সংঘাতৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা প্ৰত্যক্ষ যুদ্ধত কেতিয়াও এনে অস্ত্ৰ ব্যৱহাৰ হোৱা নাই। যদিহে হয়, তেনেহ'লে ইয়াৰ পিছৰ পৰিণতি হব পাৰে জাপানাৰ হিৰোচিমা আৰু নাগাছাকিৰ দৰে। ৰাষ্ট্ৰদূত খালিদ জামালীৰ এই বক্তব্য এতিয়া বিশ্বজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। কিয়নো ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ ওচৰতে মজুত আছে পাৰমাণৱিক ক্ষেপনাস্ত্ৰ। বৈশ্বিক স্তৰত দাবী উঠিছে যে, পাকিস্তানী ৰাষ্ট্ৰদূত গৰাকীয়ে দিয়া এই বক্তব্যৰ স্পষ্টীকৰণ দিব লাগে পাকিস্তান চৰকাৰে।
তেওঁ কয়, "ভাৰতৰ উন্মাদ সংবাদ মাধ্যম আৰু সেই পক্ষৰ পৰা অহা দায়িত্বহীন বক্তব্যই আমাক বাধ্য কৰাইছে। আন কিছুমান ফাদিল নথি-পত্ৰৰ দ্বাৰা পাকিস্তানৰ কিছুমান অঞ্চলত আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে সেইটোৱে আমাক অনুভৱ কৰায় যে অগলৈ এইটোৱে হ’বলৈ হৈ আছে।"
তেওঁ লগতে কয়, "ভাৰত আৰু পাকিস্তানৰ কথা আহিলে আমি সংখ্যাগত শক্তিৰ এই বিতৰ্কত জড়িত হ’ব নিবিচাৰো। আমি গতানুগতিক আৰু পাৰমাণৱিক দুয়োটা শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিম। পাকিস্তানৰ জনসাধাৰণৰ দ্বাৰা সমৰ্থিত সশস্ত্ৰ বাহিনীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ ক্ষমতাৰে সঁহাৰি জনাব।"
যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামৰ বৈছাৰণ উপত্যকাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণ কৰাৰ পিছৰে পৰা ভাৰতৰ প্ৰতিশোধৰ আশংকা কৰি আহিছে পাকিস্তানে। ইয়াৰ পূৰ্বে পাকিস্তানৰ মন্ত্ৰী হানিফ আব্বাছীয়ে ভাৰতক মুকলিকৈ পাৰমাণৱিক প্ৰতিশোধৰ ভাবুকি দি সকীয়াই দিছিল যে, কেৱল ভাৰতৰ বাবে পাকিস্তানৰ অস্ত্ৰ ভাণ্ডাৰত ঘোৰী, শ্বাহীন, গাজনাভি মিছাইলকে ধৰি ১৩০টা পাৰমাণৱিক ৱাৰহেডকে ধৰি মজুত কৰি ৰখা হৈছে।"
আব্বাছিয়ে কয় যে, "যদি ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰাখি পাকিস্তানৰ পানী যোগান বন্ধ কৰাৰ দুসাহস কৰে তেন্তে ভাৰতে “পূৰ্ণ পৰিসৰৰ যুদ্ধৰ বাবে প্ৰস্তুতি চলাব লাগে।"
বুধবাৰে নিশা এখন সংবাদমেলত পাকিস্তানৰ আন এজন মন্ত্ৰী আতাউল্লাহ তাৰাৰে দাবী কৰে যে, তেওঁৰ দেশখনে “বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য” লাভ কৰিছে, ইয়াৰ পৰা ইংগিত পোৱা গৈছে যে, অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত ভাৰতে সামৰিক আক্ৰমণ চলাব পাৰে।
ভাৰতত এক্স একাউণ্ট ব্লক কৰা তাৰাৰে সকীয়াই দিয়ে যে, যিকোনো আগ্ৰাসী কাৰ্য্যই নিৰ্ণায়ক সঁহাৰিৰ সন্মুখীন হ’ব আৰু অঞ্চলটোত যিকোনো গুৰুতৰ পৰিণতিৰ বাবে ভাৰতক জবাবদিহি কৰিব।
এক চৰকাৰী সূত্ৰই জনোৱা মতে, ২৬ জন লোকৰ প্ৰাণ হেৰুৱাই পেলোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীক “সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা” প্ৰদান কৰাৰ পিছতে তেওঁৰ এই মন্তব্য কৰিছিল।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২২এপ্ৰিলত পহলগামত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ সৈতে পাকিস্তানৰ লগতে চীন জড়িত থকাৰ তথ্য লাভ কৰিছে ভাৰতীয় তদন্তকাৰীয় সংস্থাই। তাৰ পিছতো পাকিস্তানে নিজৰ ভুল স্বীকাৰ নকৰি ওলোটাই ধাৰাবাহিকভাৱে ভাবুকি প্ৰদান কৰি আহিছে ভাৰতক।