সুনীতা উইলিয়ামছক পৃথিৱীলৈ উভতাই অনাৰ অভিযান স্থগিত

Story by  atv | Posted by  [email protected] • 1 Years ago
সুনীতা উইলিয়ামছ
সুনীতা উইলিয়ামছ
 
নিউয়ৰ্ক

অপেক্ষা আৰু অধিক দীঘলীয়া হৈ পৰিল। মহাকাশচাৰী সুনীতা উইলিয়ামছ এতিয়াই পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে। মহাকাশযানখনৰ যান্ত্ৰিক বিজুতিৰ বাবে তেওঁৰ পৃথিৱীলৈ উভতি অহাৰ যাত্ৰা পুনৰ পিছৱাই দিয়া হৈছে। যান্ত্ৰিক সমস্যা সমাধান কৰি সুনীতাক ঘূৰাই আনিবলৈ পুনৰ কেতিয়া মহাকাশযানখনে উৰা মাৰিব সেয়া স্পষ্ট হোৱা নাই।
 
অৱশ্যে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ উদ্যোগপতি ইলন মাস্কৰ কোম্পানী স্পেচএক্সে সেই কাম ক্ষিপ্ৰতাৰে কৰিবলৈ চেষ্টা কৰি আছে। যোৱা বছৰৰ ৫ জুনত মহাকাশলৈ গৈছিল আমেৰিকাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুচ উইলম’ৰ। যোৱা মাহত নাছাই সুনীতাক ঘূৰাই আনিবলৈ মহাকাশযান ক্ৰু-১০ৰ উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰিছিল।
 
১২ মাৰ্চত সুনীতাক ঘূৰাই অনাৰ বাবে মহাকাশ যানখনে মহাকাশলৈ যাত্ৰা কৰিব বুলি খবৰ ওলাইছিল। ইয়াত আৰু চাৰিজন মহাকাশচাৰী থকা কথা আছিল। নাছাৰ এন্নে মেকলেইন আৰু নিকোল আয়াৰ্ছ, জাপানৰ টাকুয়া অনিছি আৰু ৰাছিয়াৰ কিৰিল পেস্কোভ ক্ৰু ১০ত মহাকাশলৈ যাবলগীয়া একেখন মহাকাশযানতেই সুনীতা আৰু তেওঁৰ সংগীক পুনৰ পৃথিৱীলৈ উভতি অনাৰ পৰিকল্পনা কৰিছিল নাছাই। 
 
কিন্তু নাছা আৰু স্পেচএক্সে ঘোষণা কৰে যে যান্ত্ৰিক সমস্যাৰ বাবে ফেলকন ৯ মহাকাশযানৰ উৎক্ষেপণ স্থগিত ৰখা হৈছে। মহাকাশচাৰীসকলক ঘূৰাই অনাৰ বাবে মহাকাশযানখন কেতিয়া আৰু কোন সময়ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে কাৰিকৰী ত্ৰুটিটো শুধৰাই অতি সোনকালে কাম সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি জনোৱা হৈছে।