আমেৰিকাৰ সামৰিক গতিবিধি নিৰীক্ষণ কৰিবলৈ উত্তৰ কোৰিয়াই উৎক্ষেপণ কৰিব গুপ্তচৰ উপগ্ৰহ

Story by  atv | Posted by  [email protected] • 10 Months ago
উত্তৰ কোৰিয়াৰ শাসক কিম
উত্তৰ কোৰিয়াৰ শাসক কিম
 
পিয়ংইয়াং

উত্তৰ কোৰিয়াই জুনত ইয়াৰ প্ৰথমটো সামৰিক গুপ্তচৰ উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ সাজু হৈছে। উত্তৰ কোৰিয়াৰ সামৰিক বিষয়ৰ দায়িত্বত থকা এজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতি দি ইয়োনহাপ সংবাদ সংস্থাই জনাইছে যে পৰিকল্পিত উৎক্ষেপণৰ উদ্দেশ্য হৈছে বাস্তৱ-সময়ৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক গতিবিধিৰ ওপৰত লক্ষ্য ৰখা।
 
উত্তৰ কোৰিয়াই ৩১ মে'ৰ পৰা ১১ জুনৰ ভিতৰত এটা উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনাৰ বিষয়ে জাননী দিয়াৰ এদিন পিছতে গুপ্তচৰ উপগ্ৰহ উৎক্ষেপণৰ পৰিকল্পনাৰ কথা পোহৰলৈ আহিছে।
ৱৰ্কাৰ্ছ পাৰ্টি অৱ কোৰিয়া (ডব্লিউপিকে)ৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ উপাধ্যক্ষ ৰি পিয়ং-চোলে এক বিবৃতিত কয় যে উত্তৰ কোৰিয়াৰ পূৰ্বনিৰ্ধাৰিত উপগ্ৰহ উৎক্ষেপণ হৈছে যুদ্ধৰ তৎপৰতা বৃদ্ধিৰ ক্ষেত্ৰত এক "অপৰিহাৰ্য" পদক্ষেপ। এই মন্তব্যটো উত্তৰ কোৰিয়াৰ কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সিৰ দ্বাৰা সম্প্ৰচাৰ কৰা হৈছে।
 
ইংৰাজী ভাষাৰ বিবৃতিত ৰিৰ মতে, জুন মাহত উৎক্ষেপণ কৰিবলগীয়া উত্তৰ কোৰিয়াৰ গুপ্তচৰ উপগ্ৰহটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ বিপদজনক সামৰিক কাৰ্যকলাপবোৰ ৰিয়েল টাইমত নিৰীক্ষণ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোক যিকোনো বিপদৰ পূৰ্বে আগতীয়াকৈ সাজু হ'ব পাৰিব।