বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলে আলজেৰিয়াৰ এটা গীৰ্জাত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ স্মৃতিত মমবাতি জ্বলাইছে
আলজেৰিয়া
আলজেৰিয়ালৈ সৰ্বদলীয় প্ৰতিনিধি দলৰ নেতৃত্বত যোৱা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ বৈজয়ন্ত পাণ্ডাই শনিবাৰে পাকিস্তানক তীব্ৰ সমালোচনা কৰি চুবুৰীয়া দেশখনে নিজৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতিৰক্ষাৰ বাবে নিজৰ পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰা বুলি আলোকপাত কৰে।
আলজেৰিয়াৰ সংবাদ মাধ্যম, থিংক টেংকৰ সদস্য আৰু প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি বৈজয়ন্ত পাণ্ডাই কয় যে, ‘পাকিস্তানে নিজৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ, পুঁজি আৰু অস্ত্ৰ-শস্ত্ৰৰ গতিবিধি ৰক্ষাৰ বাবে নিজৰ পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিছে। তেওঁলোকে সন্ত্ৰাসবাদীৰ সৈতে এই কাম মুকলিকৈ কৰি আহিছে বুলি কেৱল মইয়েই কোৱা নাই। ইণ্টাৰনেটত বিচাৰিব পাৰে। সকলোৱে জানে পাকিস্তানে আগতেও বহুবাৰ এই কাম কৰিছে।’
দেশত ওছামা বিন লাডেনক লুকুৱাই ৰখাৰ ক্ষেত্ৰত পাকিস্তানে দিয়া সমৰ্থনৰ কথা উল্লেখ কৰি পাণ্ডাই কয়, “মনত ৰাখিব ওছামা বিন লাডেনক বছৰ বছৰ ধৰি পাকিস্তানে লুকুৱাই ৰাখিছিল, আমেৰিকানসকলে হস্তক্ষেপ কৰি তেওঁক উলিয়াই নিদিয়ালৈকে তেওঁলোকে মিছা কথা কৈছিল। তেওঁলোকে এতিয়াও একে কাম কৰি আছে, মাথোঁ এজনৰ সলনি বৰ্তমান ৫২ জন ওছামা বিন লাডেন পাকিস্তানত লুকাই আছে।”
তেওঁ লগতে কয় যে আজি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য আলজেৰিয়াই কেইবাটাও সন্ত্ৰাসবাদী সংগঠন আৰু ব্যক্তিক নিষেধাজ্ঞা আৰোপ কৰিছে, ইয়াৰে ৫২টা সন্ত্ৰাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদীয়ে পাকিস্তানত মুকলিকৈ কাম কৰি আছে।
ইয়াৰ উপৰিও বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই পাকিস্তানক সমালোচনা কৰি কয় যে, “১৯৮০ চনৰ পৰা তেওঁলোকে (পাকিস্তানে) নিজৰ বাজেটৰ ২০-২৫ শতাংশ প্ৰতিৰক্ষাৰ বাবে ব্যয় কৰি আহিছে। আই এম এফ, চৌদি আৰব, আৰু আমেৰিকাই তেওঁলোকক ঋণ দিয়ে। তেওঁলোকৰ অৰ্থনীতিৰ ৮০ শতাংশ কেৱল ঋণত চলি আছে। তেওঁলোকৰ অৰ্থনীতিৰ অৱস্থা এনেকুৱা যে যিকোনো মূহূৰ্তত তেওঁলোক পৰৱৰ্তী ছোমালিয়া বা ছুডান হ’ব পাৰে। তেওঁলোকক সহায় আগবঢ়োৱা সকলো দেশেই নিজৰ ধন হেৰুৱাব।"
তেওঁ পুনৰ কয়, "১৯৭২ চনত আমি পাকিস্তানক তেওঁলোকৰ ৯৩ হাজাৰ সৈনিকক ঘূৰাই উপহাৰ দিছিলো। কিন্তু আমাৰ সেনাবাহিনীৰ ৫৪ জন জোৱান এতিয়াও পাকিস্তানী জেলত আছে, তেওঁলোকে আজিলৈকে আমাৰ সেনা জোৱানসকলক ঘূৰাই দিয়া নাই। সেয়াই হৈছে পাকিস্তানৰ চৰিত্ৰ, আৰু সেইবাবেই আমি আজি ইয়ালৈ আহিছো।"