পাকিস্তানৰ পেছাৱৰত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ

Story by  atv | Posted by  [email protected] • 21 h ago
পাকিস্তানৰ পেছাৱৰত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ
পাকিস্তানৰ পেছাৱৰত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ
 
লাহোৰ
 
সোমবাৰে পুৱা পাকিস্তানৰ পেছাৱৰত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ কৰে। এই আক্ৰমণত দুজন নিৰাপত্তাৰক্ষী নিহত হয়। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, ঘটনাৰ পিছতে অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু সমগ্ৰ বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে। 
 
সোমবাৰে পুৱা ৮:১০ বজাত পেছাৱৰত থকা ফেডাৰেল কনষ্টেবলৰী (এফ চি)ৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ সংঘটিত হয়। ঘটনাৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰে। নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, আক্ৰমণৰ সময়ত দুটা বিস্ফোৰণ সংঘটিত হয় আৰু আক্ৰমণকাৰীয়ে গুলীচালনা কৰি আতংকৰ সৃষ্টি কৰে। 
 
ইফালে, পেছাৱৰৰ কেইবাজনো বাসিন্দাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে তেওঁলোকে এফ চিৰ মুখ্য কাৰ্যালয়ৰ পৰা বোমা বিস্ফোৰণৰ দৰে এটা ডাঙৰ শব্দ শুনিছে। এই আক্ৰমণত ৩ টা উগ্ৰপন্থী নিহত হোৱা বুলি জানিব পৰা গৈছে। নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে, মুখ্য কাৰ্যালয়ৰ গেটত এজন আত্মঘাতী বোমাৰু বিস্ফোৰণ ঘটায়। অৱশ্যে এই ঘটনাক লৈ কোনো তথ্য ৰাজহুৱা কৰা নাই পাকিস্তানৰ সেনা বাহিনীয়ে। 
 
তেহৰিক-ই-তালিবান পাকিস্তান (টিটিপি) — বিশেষকৈ তেওঁলোকৰ দল জামাতুল আহৰাৰে এফ চিৰ মুখ্য কাৰ্যালয় আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এক বিবৃতিত গোটটোৱে এই আক্ৰমণ “খুলফা-ই-ৰছিদিন ইস্তিছাদী কণ্ডক”-এ সংঘটিত কৰা বুলি উল্লেখ কৰিছে, যিটো তেওঁলোকৰ দলৰ প্ৰতি উছৰ্গিত এটা আত্মঘাতী দল।