মেক্সিকোত লেণ্ড ষ্ট্ৰাইক কৰিব আমেৰিকাই; ড’নাল্ড ট্ৰাম্পে কৰিলে ঘোষণা

Story by  atv | Posted by  [email protected] • 18 h ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
 
নতুন দিল্লী
 
এইবাৰ মেক্সিকোত স্থল আক্ৰমণ চলাব বুলি প্ৰকাশ কৰিছে আমেৰিকাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত লিখিছে যে,’আমি এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মেক্সিকোত লেণ্ড ষ্ট্ৰাইক আৰম্ভ কৰিবলৈ ওলাইছো’।
 
‘মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীয়ে শাসন কৰে।সেই দেশৰ অৱস্থা দেখি অতি দুখ লাগে,কিন্তু ড্ৰাগছ সৰবৰাহকাৰীয়ে শাসন কৰে আৰু তেওঁলোকে আমাৰ দেশত প্ৰতি বছৰে তিনি লাখ লোকক হত্যা কৰি আছে।’
 
ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে নিশা ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত দাবী কৰিছিল যে, ড্ৰাগছ সৰবৰাহৰ সাগৰীয় পথত আমেৰিকাই ডাঙৰ সফলতা লাভ কৰিছে আৰু এতিয়া ইয়াৰ গুৰুত্ব হ’ব স্থলপথৰ ওপৰত।
 
তেওঁ কয় যে, ‘আমি সাগৰৰ মাজেৰে অহা ৯৭ শতাংশ ড্ৰাগছ বন্ধ কৰি দিছো আৰু এতিয়া আমি কাৰ্টেলৰ বিৰুদ্ধে লেণ্ড ষ্ট্ৰাইক আৰম্ভ কৰিবলৈ ওলাইছো।
 
মেক্সিকো ড্ৰাগছ কাৰ্টেলৰ দ্বাৰা নিয়ন্ত্ৰিত। কাৰ্টেলে মেক্সিকো চলাই আছে। এইটো বৰ দুখৰ কথা।