বাংলাদেশত নদীত ডুবিল যাত্ৰীবাহী বাছ; ২৩ জনৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 2 h ago
বাংলাদেশত নদীত ডুবিল যাত্ৰীবাহী বাছ
বাংলাদেশত নদীত ডুবিল যাত্ৰীবাহী বাছ
 
নতুন দিল্লী
 
চুবুৰীয়া দেশ বাংলাদেশৰ পদ্ম নদীত এখন যাত্ৰীবাহী বাছ ডুব যোৱাৰ ফলত ২৩ জন লোক নিহত হোৱাৰ লগতে লগতে আন কেইবাজনো লোক এতিয়াও সন্ধানহীন হৈ আছে৷ ৰাজবাৰীৰ দক্ষিণ-পশ্চিম জিলাৰ দৌলদিয়া টাৰ্মিনেলত বাছখন এখন পৰিবহণ ফেৰীত উঠিবলৈ লওতেই পদ্ম নদীত ডুব যায় ৷ বুধবাৰে সন্ধিয়া প্ৰায় ৫:১৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা৷
 
আৰক্ষী পৰিদৰ্শক ৰাছেল মোল্লাই বুধবাৰে এএনআইক কয়, "আমি এতিয়ালৈকে ২৩টা মৃতদেহ উদ্ধাৰ কৰিছো৷ নিশা হোৱাৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰা হৈছে আৰু দিনৰ পোহৰত পুনৰ আৰম্ভ কৰা হ’ব৷
 
তেওঁ কয়, "কিছুমান লোক এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু কিছুমান হয়তো বাচি গৈছে। ৰাতি হোৱাৰ বাবে উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হৈছে, কিন্তু অগ্নিনিৰ্বাপক বাহিনী, নৌসেনা, আৰক্ষী আৰু অন্যান্য গোটকে ধৰি বিভিন্ন বাহিনীৰ সহায়ত যৌথ উদ্ধাৰ অভিযান চলি আছে। যদিও আন্ধাৰৰ বাবে অভিযান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে, তথাপিও দিনৰ পোহৰত অভিযান পুনৰ আৰম্ভ হ'ব।"
 
বিষয়াসকলে অনুমান কৰা মতে, ঢাকা অভিমুখী বাছখনত কেইবাটাও শিশুকে ধৰি প্ৰায় ৪০ জন যাত্ৰী আছিল; বেছিভাগেই ঈদৰ বন্ধৰ পিছত ৰাজধানীলৈ উভতি আহিছিল৷
 
প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে ফোন কৰি উদ্ধাৰ অভিযানৰ বুজ লোৱাৰ লগতে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে বুলি ৰাজবাৰী জিলা প্ৰশাসনৰ বিষয়াসকলে জানিবলৈ দিয়ে৷
 
আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীয়ে পূৰ্বে জনাইছিল যে প্ৰায় ১১ জন যাত্ৰীয়ে সাঁতুৰি পাৰলৈ যাবলৈ সক্ষম হয় আৰু ইয়াৰে কেইজনমানক উদ্ধাৰ কৰা হয়৷ পিটিআইৰ মতে, টাৰ্মিনেলৰ তত্বাৱধায়ক মনীৰ হুছেইনে কয়, "বাছখন পণ্টুনৰ পৰা ফেৰীলৈ গৈ থকাৰ সময়তে এখন সৰু ইউটিলিটি ফেৰী পণ্টুনত খুন্দা মাৰে৷ যাৰবাবে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু বাছখন নদীত ডুব যায়৷"
 
তেওঁ লগতে কয়, "আমাৰ চকুৰ সন্মুখতে বাছখন নদীত ডুব গ'ল, কিন্তু আমি একো কৰিব নোৱাৰিলোঁ৷"
 
প্ৰত্যক্ষদৰ্শী আৰু বিষয়াসকলৰ মতে, যাত্ৰীসকলৰ বহুতেই একেটা পৰিয়ালৰ সদস্য৷ বাছখনৰ বাহিৰত থিয় হৈ থকাৰ বাবে বহুত বাচিল, আনহাতে বাছখন ডুব যোৱাৰ সময়ত তেওঁলোকৰ আত্মীয় ভিতৰত আছিল৷